সমাপ্তি ঘটিব নেকি যুদ্ধৰ! কাইলৈ আলোচনাত মিলিত হ’ব ৰাছিয়া-ইউক্ৰেইন

Russia-Ukraine War

যুদ্ধৰ দাবানলে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা ইউক্ৰেইনত সমাপ্তি ঘটিব নেকি আতংকৰ! যুদ্ধক লৈ আতংকিত হৈ পৰা বিশ্ববাসী এই মুহূৰ্তত এই প্ৰশ্নৰ এক যোগাত্মক উত্তৰৰ বাবেই উদগ্ৰীৱ হৈ পৰিছে।

যোৱা সোমবাৰে আলোচনা ব্যৰ্থ হোৱাৰ পিছত ৰাছিয়া-ইউক্ৰেইনৰ মাজত কাইলৈ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে।

ৰাছিয়াৰ TAASS সংবাদ সংস্থাই ৰাছিয়াৰ এক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে।

সোমবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ আলোচনা কোনো স্পষ্ট ফলাফল লাভ নকৰাৰ পিছতে দুয়োপক্ষই অনাগত দিনত পুনৰ মিলিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতেই আজিৰ এই দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাতৰিয়ে যুদ্ধবিধস্ত ইউক্ৰেইনত পুনৰ শান্তি প্ৰতিষ্ঠাৰ আশা কৰা হৈছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ আলোচনাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

আনহাতে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

সোমবাৰে দুয়োপক্ষৰ মাজত আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজিও অব্যাহত আছে যুদ্ধ। ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা যুদ্ধত ৰাছিয়াৰ ৰকেট আক্ৰমণত ৭০ জনতকৈও অধিক ইউক্ৰেইনৰ সৈনিক নিহত হোৱাৰ লগতে গুলীবৰ্ষণত শতাধিক নাগৰিকৰ মৃত্যু হৈছে।

আনহাতে এক বিবৃতিত কিয়েভে কয় যে যোৱা বৃহস্পতিবাৰে আক্ৰমণ আৰম্ভ হোৱাৰ পৰা ১৪ টা শিশুসহ ৩৫২ জন ইউক্ৰেনিয় নাগৰিক নিহত হৈছে।

ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা আধা নিযুতৰো অধিক লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে বুলি ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী শাখাই সদৰি কৰিছে।