Love in the time of War: দেশত চলিছে যুদ্ধ; ভাৰতলৈ আহি বিবাহপাশত আৱদ্ধ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰেমিক যুগল

ফটো: সংগৃহিত।

Russian and Ukrainian couple get married যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত গুলীবৰ্ষণ, ৰকেট-মিছাইলৰ আক্ৰমণ চলি আছে। প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ ইউক্ৰেইন।

যুদ্ধ আৰম্ভ হোৱাৰ পৰা লাখ লাখ ইউক্ৰেনৰ নাগৰিকে নিজৰ জীৱন ৰক্ষা কৰিবলৈ দেশৰ পৰা পলাই গৈ বিভিন্ন চুবুৰীয়া দেশত আশ্ৰয় লৈছে। বাকী দেশখনৰ বাসিন্দাসকলে এতিয়াও অনিশ্চয়তাত জীৱন কটাইছে।

ফটো: সংগৃহিত।

সম্প্ৰতি ইউক্ৰেইনবাসীৰ ক্ষোভৰ কাৰণ হৈছে ৰাছিয়া। কিন্তু দেশখনৰ নাগৰিকসকলৰ ওপৰত নহয়, পুটিনৰ নীতিৰ ওপৰতহে।  এই যুদ্ধ পৰিস্থিতিৰ মাজতে দুয়োখন দেশৰ প্ৰেমিক যুগলে দিলে মিলনৰ বাৰ্তা।

ছেৰ্গেই নোভিকভ এজন ৰাছিয়ান নাগৰিক আৰু তেওঁ কৰ্মসূত্ৰে ইজৰাইলত থাকে। তেওঁৰ প্ৰেমিকা ইলোনা ব্ৰামোকা ইউক্ৰেইনৰ বাসিন্দা। তেওঁলোক দুয়োজনে তেওঁলোকৰ প্ৰেমক পূৰ্ণতা প্ৰদান কৰিলে। 

ফটো: সংগৃহিত।

 

যুদ্ধৰ পৰিস্থিতিৰ বাবে এই বিবাহ ইউক্ৰেইন বা ৰাছিয়াত সম্ভৱ হোৱা নাছিল। সেয়ে  ভাৰতত বৈবাহিক মিলনেৰে পাতনি মেলিলে যুগ্মজীৱনৰ। ভাৰতৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত সম্পন্ন হয় দুয়োৰে বিবাহ।

ভাৰতীয় পৰম্পৰা মতে বিবাহপাশত আৱদ্ধ হৈ ইলোনা আৰু নোভিকভে যুদ্ধ আক্ৰান্ত দুয়োখন দেশৰ নাগৰিকসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰিলে।