সমকামিতাৰ বিৰুদ্ধে কঠোৰ আইন ৰাছিয়াৰ! সংসদত গৃহীত বিধেয়ক

ৰাছিয়াই সমকামিতাৰ বিৰুদ্ধে এখন কঠোৰ আইন আনিছে। এই আইন অনুসৰি এতিয়াৰে পৰা সমকামিতাক ৰাছিয়াত সম্পূৰ্ণৰূপে অবৈধ আৰু শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হ’ব। বিধেয়কখন দেশৰ সংসদত মুখ্যতঃ এলজিবিটি গোটসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ গৃহীত কৰা হৈছে।

বাতৰি অনুসৰি, আইনখন গৃহীত কৰাৰ উপৰিও ৰাছিয়াৰ আইন প্ৰণেতাসকলে সমকামিতাৰ প্ৰচাৰক পশ্চিমীয়া ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। তেওঁলোকে কৈছে যে ভৱিষ্যত প্ৰজন্মক পশ্চিমীয়া অপসংস্কৃতিৰ পৰা সুৰক্ষিত কৰিবলৈ সমকামী আৰু তেওঁলোকৰ অনুগামীসকলক শক্তিশালী হাতেৰে দমন কৰা হ’ব। এই আইনৰ অধীনত ‘এলজিবিটি’ সম্প্ৰদায়ৰ সকলো কাৰ্যকলাপ বাতিল কৰা হ’ব।

লগতে পঢ়ক: আমেৰিকাৰ আদালতত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ; মানহানিৰ অভিযোগ ট্ৰাম্পৰ

নতুন আইন উলংঘা কৰাৰ শাস্তিৰ ভিতৰত আছে ব্যক্তিৰ বাবে সৰ্বাধিক ৪ লাখ ৰুবল জৰিমনা আৰু এলজিবিটি কাৰ্যকলাপত নিয়োজিত বিদেশী নাগৰিকৰ বাবে ১৫ দিনৰ কাৰাদণ্ডৰ লগতে ৰাছিয়াৰ পৰা বহিষ্কাৰ।

চৰকাৰৰ এনে পদক্ষেপে সমকামী, উভকামী আৰু ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ মাজত শংকা বিয়পাইছে। অৱশ্যে এই আইন ৰূপায়ণৰ বাবে উচ্চ সদন আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অনুমোদনৰ প্ৰয়োজন হ’ব।

লগতে পঢ়ক: গোপন কেমেৰাত ১,২০০ ছোৱালীৰ নগ্ন ভিডিঅ’! গ্ৰেপ্তাৰ মেনেজমেণ্টৰ শিক্ষাৰ্থী

উল্লেখ্য যে পুটিনে সমকামিতাৰ বিষয়ত সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। গতিকে এইটো স্পষ্ট যে এই আইনখন অতি সোনকালে ৰাছিয়াত কাৰ্যকৰী হ’বলৈ গৈ আছে।