কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? নতুন মুখৰ পক্ষত অশোক গেহলট

ৰাজস্থানৰ মুখ্যমন্ত্ৰীকলৈ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী অশোক গেহলটে এক বিশেষ মন্তব্য কৰি কয় যে নতুন প্ৰজন্মই ৰাজ্য খনৰ নেতৃত্ব দিয়াৰ সুযোগ পাব লাগে। তানোট মাতা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ জয়ছলমেৰত উপস্থিত হোৱা গেহলটে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

ইফালে, দেওবাৰে গেহলট জয়ছলমেৰত থকাৰ সময়তে তেওঁৰ শিবিৰৰ কেইজনমান বিধায়কে ৰাজ্যিক মন্ত্ৰী শান্তি ধাৰিৱালে আহ্বান কৰা এখন সভাত অংশ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। সূত্ৰসমূহে কৈছে যে পাইলট মুখ্যমন্ত্ৰী হ’লে গেহলট শিবিৰে গ্ৰহণ কৰিব লগা পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ বৈঠকখন আহ্বান কৰা হৈছে। ধাৰিৱালৰ বাসভৱনত উপস্থিত থকা সকলৰ ভিতৰত আছে ৰাজ্য খনৰ মন্ত্ৰী মহেশ যোশী, শকুন্তলা ৰাৱট আৰু বিধায়ক ডেনিছ আব্ৰাৰ, মহেন্দ্ৰ চৌধুৰী আৰু আলোক বেনিৱাল।

অৱশ্যে, গেহলটে তেওঁৰ বক্তব্যৰ পৰা প্ৰমাণ কৰিছে যে তেওঁ এই গোটতকৈ পৃথক আৰু যুৱ নেতৃত্বক গুৰুত্ব দিব বিচাৰে।
উল্লেখ্য অশোক গেহলটে কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ পিছতে ৰাজ্য খনত নতুন মুখ্যমন্ত্ৰীৰ সন্ধান কৰিবলগীয়া হৈছে।

ৰাজস্থানৰ পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী ৰাজেন্দ্ৰ গুধাই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী অশোক গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ বাবেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। এই ক্ষেত্ৰত শচীন পাইলটক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হ’ব পাৰে বুলি তেওঁ কয়।উল্লেগুধা ছয়জন বিধায়কৰ ভিতৰত আছিল যিয়ে বিএছপি ত্যাগ কৰিছিল আৰু কংগ্ৰেছত যোগদান কৰিছিল।

অশোক গেহলট কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব পাৰে বুলি গ্ৰীণ ছিগনেল দিছে গান্ধী পৰিয়ালেও৷