NORTHEAST NOW (Assamese)

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

July 14, 2025 11:19 am · এন ই নাও নিউজ, নতুন দিল্লী

দেওবাৰে হঠাৎ বেয়া খবৰটো দিলে ছাইনা নেহৱালে। ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে। ছাইনাৰ বিবাহ হৈছিল পাৰুপল্লী কাশ্যপৰ সৈতে। কাশ্যপো এজন বেডমিণ্টন খেলুৱৈও।

ছাইনাই ইনষ্টাগ্ৰামত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি লিখিছে, “কেতিয়াবা জীৱনে আমাক ভিন্ন পথলৈ লৈ যায়। বহু কথা চিন্তা কৰি পাৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। নিজৰ বাবে আৰু ইজনে সিজনৰ বাবে আমি শান্তি, বিকাশ আৰু নিৰাময় বাছি লৈছো। আমাৰ হাতত থকা স্মৃতিবোৰৰ বাবে কৃতজ্ঞ। জীৱনত আগুৱাই যাবলৈ আশা কৰিছো। ইয়াতকৈ বেছি একো নিবিচাৰো। আমাৰ কথা বুজি পোৱা আৰু গোপনীয়তাক সন্মান জনোৱাৰ বাবে ধন্যবাদ।”

২০১৮ চনৰ ১৪ ডিচেম্বৰত ছাইনা আৰু কাশ্যপৰ বিবাহ হৈছিল। তাৰো প্ৰায় তিনি বছৰ আগৰে পৰা দুয়োজনৰ সম্পৰ্ক আছিল। দুয়োজনেই একেলগে হায়দৰাবাদৰ পুল্লেলা গোপিচান্দৰ একাডেমীত ডাঙৰ-দীঘল হৈছে আৰু ভাৰতীয় বেডমিণ্টনত আধিপত্য বিস্তাৰ কৰি আহিছে।

অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে ছাইনাই। এসময়ত ছাইনা বিশ্বৰ এক নম্বৰ স্থানত আছিল। কমনৱেলথ গেমছত কাশ্যপে সোণৰ পদক লাভ কৰিছিল।

Related News