NORTHEAST NOW (Assamese)

চতুৰ্থ চি ই এম গ’ল্ডকাপত চেম্পিয়ন গোৱাৰ চালগাওকাৰ এফ চি

March 16, 2019 10:37 am · নংগি তেৰাং
চি ই এম কাপত বিজয়ী গোৱাৰ চালগাওকাৰ দলটো

বৃহস্পতিবাৰে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত উত্তেজনা পূৰ্ণ ফাইনেলত গোৱাৰ চালগাওকাৰ এফ চিয়ে ৪-২ গলত নেপালৰ চানকাতা ক্লাৱক পৰাস্ত কৰি চতুৰ্থ চি ই এম গ’ল্ড কাপত চেম্পিয়নৰ খিতাপ দখল কৰে । এই বিজয়ৰ লগে লগে চালগাওকাৰ এফ চি প্ৰথমটো চি ই এম কাপ জয় কৰা ৰাজ্যৰ বাহিৰৰ দল হিচাপে পৰিগণিত হয়।

চলিত বৰ্ষৰ প্ৰতিযোগিতাখনত দেশৰ আৰু দেশৰ বাহিৰৰ সৰ্বমুঠ ১২ টা দলে অংশগ্ৰহণ কৰে।

ফাইনেল খেলখনত দুয়োটা দলে আক্ৰমণাত্মক ফুটব’ল খেলে যদিও প্ৰথমাৰ্ধৰ ৪৫ মিনিটলৈ দুয়োটা দলেই গ’ল কৰিবলৈ সক্ষম হোৱা নাছিল যদিও অতিৰিক্ত ১ মিনিটত চালগাওকাৰ এফ চিৰ দেবেন্দ্ৰ মুৰফানকাৰে প্ৰথমটো গল কৰে।

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ কৰি গোৱাৰ দলটোৱে আক্ৰমণাত্মক খেলেৰে নেপালৰ দলটোক ব্যতিব্যস্ত কৰি তোলে। খেলৰ ৫৮ মিনিটত দেবেন্দ্ৰই ব্যক্তিগত দ্বিতীয়টো গলেৰে ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে।

চালগাওকাৰৰ হৈ তৃতীয় আৰু চতুৰ্থ গলটো কৰে ক্ৰমে ৰোনাল্ড’ অলিভেৰিয়া(৬৭) আৰু চানচন পেৰেইৰাই(৮০)।

আনহাতে, চাৰিটা গ’ল হজম কৰিবলগীয়া হোৱা নেপালৰ দলটোৰ এজন খেলুৱৈয়ে ৰঙা কাৰ্ড লাভ কৰাত খেলৰ অন্তিম দহ মিনিট দহজন খেলুৱৈৰে খেলপথাৰত যুঁজ দিবলগা হয়। খেলৰ ৮২ মিনিটত চানকাতা ক্লাবৰ হৈ মেক্সৱেল ইলোনে প্ৰথমটো গল কৰি ব্যৱধান ৪-১ গ’ললৈ হ্ৰাস কৰে।

খেল সমাপ্ত হ’বলৈ চাৰি মিনিট বাকী থকা অৱস্থাত নেপালৰ দলটোৰ হৈ বিষ্ণু গুৰুঙে আন এটা গল দিয়ে।

প্ৰতিযোগিতাত বিজয়ী দলটোৱে ট্ৰফীৰে সৈতে ২ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলীৰাম ৰহাঙে খেলুৱৈ সকলক বঁটা প্ৰদান কৰে।

 

Related News