NORTHEAST NOW (Assamese)

‘ছলমান খানেও ড্ৰাগছ গ্ৰহণ কৰে’,বাবা ৰামদেৱৰ মন্তব্যত তীব্ৰ জোকাৰণি

October 16, 2022 12:31 pm · এন ই নাও নিউজ,গুৱাহাটী

সুশান্ত ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউডত ড্ৰাগছ কাণ্ডকলৈ জোকাৰণিৰ সৃষ্টি হৈছিল। বহু অভিনেতা-অভিনেত্ৰীক আনকি এনচিবেয় জেৰাও চলাইছিল। এনে পৰিস্থিতিৰ মাজতে বাবা ৰামদেৱে ছলমান খানেও ড্ৰাগছ গ্ৰহণ কৰে বুলি কৰা মন্তব্যই এতিয়া জোকাৰণি তুলিছে।

মোৰাদাবাদৰ এক অনুষ্ঠানত ভাগ লৈ ৰামদেৱে ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ নাম লৈ কেতবোৰ বিশেষ মন্তব্য কৰে । বাবা ৰামদেৱে চলচ্চিত্ৰ উদ্যোগত ড্ৰাগছ সেৱনৰ ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰে।বাবা ৰামদেৱেও ড্ৰাগছৰ বিষয়কলৈ বলীউড আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগক তীব্ৰ আক্ৰমণ কৰি কয় ’অতীতত আপুনি শ্বাহৰুখ খানৰ সন্তানক ড্ৰাগছ গ্ৰহণ কৰি থকা অৱস্থাত কাৰাগাৰলৈ যোৱা দেখিছিল। ছলমান খানে ড্ৰাগছ গ্ৰহণ কৰে আৰু আমিৰ খানৰ কথা অৱশ্যে জনা নাযায়। চলচ্চিত্ৰ উদ্যোগৰ ভিতৰত এতিয়া কেৱল ড্ৰাগছ । বলীউডত ড্ৰাগছ বিতৰণ কৰা হয়, নিৰ্বাচনৰ সময়ত সুৰা বিতৰণ কৰা হয়। আমি এটা সংকল্প লোৱা উচিত যে এই ঋষিসকলৰ ভূমি আসক্তিমুক্ত হ’ব লাগিব। আমি নিচামুক্ত কৰাৰ বাবেও এক আন্দোলন চলাম।’

ৰামদেৱে কয় যে বিড়ি, চিগাৰেট বা সুৰা পান নকৰাটো আমাৰ সকলোৰে কৰ্তব্য। তেওঁ লগতে কয় যে আৰ্য সমাজে কৰা কাম এই ক্ষেত্ৰত প্ৰশংসনীয়। গোটেই ৰাষ্ট্ৰ যদি আপুনি ড্ৰাগছমুক্ত হয়, তেন্তে বুজি লওক যে মহৰ্ষি দয়ানন্দজীৰ সপোন পূৰণ হৈছে, ই আইনৰ দ্বাৰা নহ’ব, এয়া নিজে কৰিব লাগিব, ৰামদেৱে কয়। ৰামদেৱে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ ছলমান খানে কিদৰে দিয়ে সেয়া লক্ষ্যণীয় হ’ব।

 

 

Related News