• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ উপহাৰ; ভাৰতবাসীৰ মূৰত ১,২৫,৪০৭.২০ কোটি টকাৰ বোজা!

সংবাদমেলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদৰ বিস্ফোৰক মন্তব্য

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 9, 2022 4:21 pm
মোদী চৰকাৰৰ উপহাৰ; ভাৰতবাসীৰ মূৰত ১,২৫,৪০৭.২০ কোটি টকাৰ বোজা!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

তেওঁ কয় যে বিজেপিয়ে নৱবৰ্ষৰ উপহাৰ হিচাপে ভাৰতবাসীৰ মূৰত ১,২৫,৪০৭.২০ কোটি টকাৰ বোজা জাপি দিলে ।

খুৰশ্বিদে কয় মোদীৰ চৰকাৰে কিদৰে ভাৰতবাসীক লণ্ঠিন কৰিছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। বিজেপিৰ শোষণৰ কথা তেওঁ এনেদৰে উল্লেখ কৰে—

দেশৰ ১.৬২ কোটি কৃষকৰ ওপৰত কৰ আৰোপ- মোদীৰ চৰকাৰে কৃষক আন্দোলন কৰাৰ বাবে ভাৰতৰ অন্নদাতা সকলৰ ওপৰত প্ৰতিশোধ ল’ব বিচাৰিছে। ৫০ কিলোগ্ৰামৰ ডি.এ.পি বেগৰ মূল্য প্ৰতিটোত ১৫০ টকাকে বৃদ্ধি কৰি ইয়াৰ মুঠ মূল্য প্রতি বেগত ১২০০ টকাৰ পৰা ১৩৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ কৃষকসকলে প্ৰতি বছৰে ১,২০,০০,০০০ টন (১.২০ লাখ কোটি টন) ডি. এ পি ব্যৱহাৰ কৰে।

পৰিণতিত ৩,৬০০ কোটি টকাৰ অতিৰিক্ত বোজা কৃষকৰ মূৰত জাঁপি দিয়া হৈছে। ৫০ কিলোগ্ৰামৰ এন পি কে এছ বেগত ১১০ টকা বৃদ্ধি কৰা হৈছে, যাৰ ফলত মুঠ মূল্য প্রতি বেগত ১২৯০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি পালে। ইয়াৰ দ্বাৰা কৃষকৰ ওপৰত ৩,৭৪০ কোটি টকাৰ অতিৰিক্ত বোজা জাপি দিয়া হ’ল।

তেওঁ কয় যে যোৱা ৭ এপ্রিল, ২০২২ তাবিখলৈকে প্রায় ১৭ দিনত পেট্ৰল আৰু ডিজেলৰ মূল্য ১৪ বাৰ বৃদ্ধি পালে। ভাৰতবৰ্ষৰ সামগ্ৰিক হিচাপত যোৱা ১৭ দিনত পেট্রল আৰু ডিজেলৰ মূল্য ১.২০ টকাকৈ বৃদ্ধি পালে!

যেতিয়া কংগ্ৰেছ ইউ পি এ চৰকাৰ শাসনত আছিল পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত দাম আছিল ক্রমান্বয়ে ৭১.৪১ টকা আৰু ৫৫:৪৯ টকা আছিল। আজিৰ তাৰিখত গুৱাহাটীত এই দাম হ’লগৈ প্রতি লিটাৰত ১০৫.৬৬ টকা প্রতি লিটাৰ আৰু ১১.৪০ টকা ।

মে’ ২০১৪ ত যেতিয়া বিজেপিয়ে ক্ষমতা দখল কৰিছিল, তেতিয়া পেট্রলৰ ওপৰত আৱকাৰী শুল্ক প্রতি লিটাৰত আছিল ৯.২০ টকা আৰু ডিজেলৰ ওপৰত প্রতি লিটাৰত আছিল ৩.৪৬ টকা। যোৱা আঠ বছৰত, বিজেপি চৰকাৰে পেট্ৰ’লৰ ওপৰত আৱকাৰী শুল্ক প্রতি লিটাৰত অতিৰিক্ত ১৮.৭০ টকা আৰু ডিজেলৰ ওপৰত প্রতি লিটাৰত অতিৰিক্ত ১৮:৩৪ টকাকৈ বৃদ্ধি কৰিছে।

অর্থাৎ ডিজেলৰ ওপৰত আৱকাৰী শুল্কত ৫০১ শতাংশ আৰু পেট্রলৰ ওপৰত ২০০ শতাংশ আৱকাৰী শুল্ক বৃদ্ধি কৰি মোদী চৰকাৰে অভিলেখ ৰচিলে।

মোদী চৰকাৰে কেৱল পেট্ৰল আৰু ডিজেলৰ ওপৰত আৱকাৰী শুল্ক বৃদ্ধি কৰিয়ে যোৱা আঠ বছৰত ২৬,০০,০০০ কোটি টকা (২৬ লাখ কোটি টকা) উপার্জন কৰিলে।

এল.পি.জি. গেছ চিলিণ্ডাৰৰ মূল্যৰ বিস্ফোৰণে দেশবাসীক বিধ্বস্ত কৰিছে। ১ এপ্রিলত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল প্রতি চিলিণ্ডাৰত ২৫০ টকাকৈ। যোৱা ২ মাহত গেছ চিলিণ্ডাৰৰ মূল্য মুঠ ৩৪৬ টকা বৃদ্ধি কৰা হৈছে। বিজেপিৰ শাসনত যোৱা বছৰত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৮৪৫ টকাৰ বৃহৎ বৃদ্ধি ঘটোৱা হৈছে।

২০২২ চনৰ ২২ মাৰ্চত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছিল। ২০২১ ৰ মাৰ্চ মাহৰ পৰা ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম মুঠ ১৪০.৫০ টকা বৃদ্ধি ঘটোৱা হৈছে।
প্রতি চিলিণ্ডাৰত ১৪০.৫০ টকাকৈ মূল্যবৃদ্ধিৰে মানুহৰ ওপৰত অতিৰিক্ত বার্ষিক বোজা জাঁপি দিয়া হৈছে ২৭,০৯৫ কোটি টকাৰ।

পেট্ৰল আৰু ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ পিছত চি এন জি এতিয়া সাধাৰণ মানুহৰ মূল ইন্ধন হিচাপে পৰিগণিত হ’বলৈ আৰম্ভ কৰিছে। অটো, টেক্সি, বাছ, ট্রাক আৰু গাড়ীৰ ইন্ধন হিচাপে ব্যৱহৃত হৈছে চি এন জি। ১ এপ্রিলত এটা মাহৰ ভিতৰতে ষষ্ঠবাৰলৈ চি এন জিৰ মূল্য বৃদ্ধি কৰা হ’ল।

প্রতি কিলোগ্ৰামত ৮০ পইচাকৈ কৰা বৃদ্ধিয়ে কেৱল যোৱা মাহটোতে চি এন জিক প্রতি কিলোগ্রামত ৪ টকাকৈ ব্যয়বহুল কৰি তুলিলে।

এতিয়া দিল্লীত ইয়াৰ মূল্য প্রতি কিলোগ্ৰামত ৬০.৮১ টকা। কিন্তু আন চহৰবোৰত প্ৰতি কিলোগ্ৰামত ৭৯.৪৯ টকা পর্যন্ত মূল্য নিৰ্ধাৰিত হৈছে। ভাৰত চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ চি এন জি ব্যৱহাৰৰ তথ্য অনুসৰি, ভাৰতত চি এন জি ব্যৱহাৰৰ পৰিমাণ ৩,২৪৭ হেজাৰ মেট্রিক টন। ইয়াৰ ওপৰত আধাৰ কৰি ২০২১-২২ বৰ্ষত চি এন জিৰ আনুমানিক ব্যৱহাৰৰ পৰিমাণ ৩,৫০০ হেজাৰ মেট্রিক টন হ’ব বুলি অনুমান কৰা হৈছে।

এই মাহত প্রতি কিলোগ্রাম চি এন জিত ৪ টকাকৈ বৃদ্ধি ঘটোৱাৰ পিছত দেশবাসীৰ ওপৰত অতিৰিক্ত ১,৪০০ কোটি টকাৰ বোজা পৰিব।

‘টোল টেক্সে’ মানুহৰ জেপত জুই দি ছিদ্ৰ উলিয়াই দিছে।
যোৱা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ‘টোল কৰ’ ১০-১৮ শতাংশকৈ বৃদ্ধি কৰা হৈছে। ২০২০-২১ বৰ্ষত ভাৰত চৰকাৰৰ দ্বাৰা ‘টোল কৰ’ব বার্ষিক সংগ্ৰহ আছিল ২৮,৪৫৮ কোটি টকা।

ঔষধত কৰ-ৰোগীৰ ওপৰতো কৰ- মোদী চৰকাৰে আনকি অসুস্থ, ৰুগীয়া নাগৰিকসকলকো ৰেহাই নিদিলে। ৰাষ্ট্ৰীয় ফার্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ) ১ এপ্ৰিলৰ পৰা প্ৰায় ৮০০ বিশ্ব অত্যাৱশ্যকীয় ঔষধৰ মূল্যত ১০.৭৬ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছে। সাধাৰণ ঔষধ যেনে পেৰাচিটামল, জ্বৰৰ ঔষধ যেনে- এজিথ্র মাইচিন, চি’ফ্লক্সেচিন, মেট্রনিডাজোল আৰু ক’ভিড-১৯, হৃদৰোগ, উচ্চবক্তচাপ, এনিমিয়া, ছালৰ ৰোগ, সকলো ভিটামিন আদি ঔষধৰ মূল্যবৃদ্ধি ঘটিব।

পিএফ একাউণ্ট (ভবিষ্যনিধি) ৰ ওপৰতো কৰ-আপুনি অৱসৰ গ্ৰহণৰ পিছত আদায় পাবলগীয়া ধন। এতিয়া চৰকাৰৰ জেপলৈ যাব। ১ এপ্রিল, ২০২২ ৰ পৰা ই পি এফ একাউণ্টত ২.৫ লাখতকৈ অধিক টকা জমা থাকিলে তাৰ সুতৰ ওপৰত কৰ আৰোপ কৰা হ’ব। আগতে, ভৱিষ্যনিধিৰ সুৰ হাৰ ৮.৫ শতাংশৰ পৰা ৮.১ শতাংশলৈ হ্রাস কৰা হৈছিল ।

টিভি, এ’চি, ৰেফিজাৰ্টেৰ, এল ই ডি. ম’বাইল ফোনৰ মূল্যও বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ মোদী চৰকাৰে টেলিভিছন, এ চি আৰু ৰেফ্ৰিজেৰেটৰৰ হাৰ্ডৱেৰ তৈয়াৰত ব্যৱহাৰ কৰা এলুমিনিয়ামআৰু অন্যান্য সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিছে। ফলত এচি. টিভি, ফ্রিজ, এল ই ডি বাল্বৰ মূল্য ১৫ শতাংশ আৰু ম’বাইল ফোনৰ মূল্য ২০-৩০ শতাংশ পর্যন্ত বৃদ্ধি হ’ব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd