সমূদ্ৰ কাজল শইকীয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ…
সাক্ষাৎ গ্ৰহণ: মাধুৰ্য্য ফুকন
প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আজিৰ বিশেষ সাক্ষাৎকাৰ অনুস্থানলৈ …
আজি আমি আজি এনে এগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈছোঁহি যিগৰাকী ব্যক্তি সাম্প্ৰতিক সময়ৰ শিল্প, সাহিত্য তথা সাংস্কৃতিক জগতৰ এক অদ্বিতীয় ব্যক্তিত্ব। তেওঁ একাধাৰে কবি, সাংস্কৃতিক সমালোচক, গীতিকাৰ, উপন্যাসিক, চিত্ৰশিল্পী, চিত্ৰ নিৰ্মাতা। তেওঁৰ কৰ্ম তথা সাধনাৰ ক্ষেত্ৰখন বহল পৰিসৰৰ…তেওঁ হৈছে শ্ৰদ্ধাৰ সমূদ্ৰ কাজল শইকীয়া । পলম নকৰি পোনে পোনে অনুষ্ঠানৰ মাজলৈ আহোঁ
মাধুৰ্য্যঃ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম শিল্পৰ জগতখনলৈ বা সাহিত্যৰ জগত খনলৈ আপোনাৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল?
সমূদ্ৰ কাজল শইকীয়াঃবিশেষ নতুন কথা আচলতে একো নাই, অসমৰ ভালেখিনি মানুহৰ যাত্ৰা একেদৰেই আৰম্ভ হয়। কাৰণ আমি সৰুৰেপৰাই সাংস্কৃতিক পৰিৱেশ এটা পাইছোঁ। আৰু মোৰ সেই পৰিৱেশটো ঘৰতেই পাইছিলোঁ। আমাৰ দেউতাই নটক লিখিছিল। ভাওনা নাটক এইখিনি ঘৰতেই পাইছোঁ গতিকে কবিতা বা বাকি খিনি পিছতহে। চিত্ৰশিল্পৰ মাজলৈ মই ঘটনাক্ৰমেহে সোমালো, আৰম্ভণি হৈছিল নাটকৰ জৰিয়তে। পঞ্চম মানত থাকোঁতেই একাংকিকা নাটক লিখিছিলোঁ আৰু তেতিয়া এনেকুৱা এটা উচ্ছাস আছিল যে সমনীয়াখিনিকলৈ নাটকৰ দল লৈ প্ৰতিযোগিতাত বোৰলৈ যাওঁ। আৰু নটাকটো হৈছে অল ইনক্লুচিভ(all inclusive), সকলো বস্তুৱেই তাত আছে। লিখাৰ পৰা আৰম্ভ কৰি যেতিয়া পৰিচালনালৈকে যাওঁ আৰু যিহেতু ই এটা খুব কালক্টিভ ফ’ৰম (collective form) গতিকে নাটকৰ সৈতে জড়িত মানুহে শিল্পৰ বাকী দিশ বিলাকৰ লগত জড়িত হৈয়ে যায়। আৰু মোৰ কেনেবাকে সেই অৰিয়েনটেচনটো (orientation) আছিল যে মই নাটক বা লিখা বা অভিনয়টোতে সীমাবদ্ধ নাছিলোঁ সেইটোৱে মোক পিছলৈ বহুখিনি সহায় কৰিলে।
মাধুৰ্য্যঃ আপুনি যিহেতু বিশ্ব ভাৰতীত অধ্যয়ন কৰি আহিছে আপোনাৰ বিশ্ব ভাৰতীৰ যাত্ৰাৰ বিষয়ে ক’ব নেকি?
সমূদ্ৰ কাজল শইকীয়াঃ বিশ্ব ভাৰতীলৈ যোৱাটো মোৰ কাৰনে এটা ঘটনা আছিল। আচলতে শান্তিনিকেতন মানে কি বা বিশ্বভাৰতী মানে কি তালৈ যোৱাৰ পাছত হে বুজি পাইছোঁ। শান্তিনিকেতন বেলেগ নহয় সামগ্ৰীক ভাৱে বিশ্ব ভাৰতী বিশ্ববিদ্যালয় কোৱা হয়। ভাৰতৰ পশ্চিম বংগত অৱস্থিত এই বিশ্ববিদ্যালয়ৰ খন ১৯২১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। তাত গৈ মোৰ ডাঙৰ লাভ হ’ল যে আৰম্ভণিতে কৈ আহিছোঁ যে বিশেষ এটা ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ প্ৰয়াসটো নাছিলে একে সময়তে ইটোও ভাল লাগে সিটোও ভাল লাগে খুব কনফিউজড (confused) এটা অৱস্থাত আছিলোঁ যিটোৱেই কৰিবলৈ যাওঁ সেইটোৱেই ভাল লাগে। গতিকে শান্তিনিকেতনত সেই পৰিৱেশটো খুব ধুনীয়া সকলো বস্তুৰে সমিলমিল পৰিৱেশ আৰু ৰবীন্দ্ৰনাথে সেইটোৱেই বিচাৰিছিল শিল্পৰ মাজেদি whole some experience এটা কেনেকৈ হ’ব পাৰে। শিল্প মানে কেৱল ছবি অঁকা নহয়, কবিতা মানে অকল কবিতা এটা লিখা নহয়।
তাৰ লগতে ওচৰৰ যিখিনি চানথাল চাওতালি মানুহ খিনি আছে সেই গাঁৱবিলাকত ফুৰিবলৈ যাওঁ।আৰু তাত বাৰটা মাহত তেৰটা উৎসৱ ধৰণৰ শান্তিনিকেতনত ৰবীন্দ্ৰনাথে নিজাকৈ উৎসৱ কিছুমান তৈয়াৰ কৰিছিল ইয়াৰ ভিতৰত অন্যতম আছিল বৃক্ষ ৰূপন আৰু হ’ল কৰ্ষণ যিবিলাক প্ৰকৃতিৰ লগত সংপৃক্ত। আৰু ৰবীন্দ্ৰনাথৰ প্ৰায় দুহেজাৰ গানৰ এহাজৰ গানেই ডাৱৰ, বৰষুণ এইখিনিক লৈ। গতিকে জনজীৱনৰ লগত সংপৃক্ত এই উৎসৱ বিলাকৰ মাজেদি আমি শিকিছোঁ।তাত শ্ৰেণীকোঠা নায়েই। গছৰ তলতেই পাঠদান হৈছিল।তাত কোনো বাধ্যবাধকতা নাই।
ৰবীন্দ্ৰনাথৰ মতে আবদ্ধ কোঠাত শিক্ষা হ’ব নোৱাৰে। তেওঁ গোটেই জীৱন স্কুলত নপঢ়িলেই। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিয়ে যেতিয়া স্কুলৰ কথা বা শিক্ষাৰ কথা ভাবিৱ তেওঁ নিশ্চিয়কৈ বিকল্প পথ বিচাৰিব তেওঁৰ ভাবিলে যে শিক্ষা যদি হ’ব লাগে জীৱনৰ লগত সমাজৰ লগত জড়িত, প্ৰকৃতিৰ লগত জড়িত কিবা এটা হ’ব লাগে। সেইটোৱে মোক বেলেগ ধৰণে সমৃদ্ধ কৰিলে। অন্য বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা আৰু শান্তিনিকেতনৰ পৰা ডিগ্ৰী লাভ কৰা মাজত পাৰ্থক্য আছে। এটো এটা জীৱন, এটা ফিল’চফি।
মাধুৰ্য্যঃ সাম্প্ৰতিক সময়ত কবিতা কোনটো স্তৰত আছে বুলি আপুনি ক’ব খোজে? কবিতাই প্ৰগতিশীল তাৰ উপাদান সমূহক সামৰি লৈ আগবাঢ়িব পাৰিছে নে বা আজিৰ কবিসকলে প্ৰগতিশীল উপাদান কবিতালৈ অনাত সফল হৈছে বুলি ভাবে নে?
সমূদ্ৰ কাজল শইকীয়াঃএই সময়ত কবিতাকলৈ মই খুবেই আশাবাদী। কৰাণ কবিতাক লৈ আমি বহুযুগধৰি বহু অভিযোগ কৰিলোঁ যে অসমীয়া কবিতাই অমুকটো কৰিব পৰা নাই তমুকটো কৰিব পৰা নাই। আচলতে নতুন প্ৰজন্মৰ কেইজনমান লেখক আছে তেওঁলোক আগবাঢ়ি আহিছে।
আৰু ছ’চিয়েল মিডিয়াত আৰম্ভণিতে মানুহে অলপ ভয়েৰে চাইছিলে। নতুন প্ৰযুক্তি এটা আহিলে ভয় এটা থাকে মানুহৰ। কিন্তু মই সেইটো খুব ইতিবাচক হিচাপে চাওঁ। ইণ্টাৰনেটৰ প্ৰসাৰৰ ফলত ইউনিক’ডত লিখিবলৈ আৰম্ভ কৰিলে যি চৰ্চাৰ গতি বাঢ়ালে আৰু দ্ৰুতগতিত মানুহৰ ওচৰ পোৱাতো সম্ভৱ হ’ল। ইয়াৰ আগৰৰ সময়ছোৱাত এই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আছিল।সমস্যা বহুত আছিল। যি কৰ্তৃপক্ষ আছিল তথা সম্পাদনা কক্ষত আছে যিসকলে গোটেই পৰিৱেশটো ধৰি ৰাখে। তেওঁলোকৰ যোগাযোগৰ মাধ্যম খিনি খুব স্পষ্ট নাছিল।
কিন্তু এতিয়া আমি কালৈকো বাটচাব নালাগে। অৱশ্যে এটা ভয় আছিলে সম্পাদক নাথাকিলে কি হ’ব কিন্তু কথাটো সেইটো নহয়। আচলতে পঠক নিজেই সম্পাদক। পাঠকৰ এটা মনস্তত্ত্ব আছে তেওঁলোকে জানে কোনটো ভাল কোনটো বেয়া।
ইয়াৰ ফলত এখন মুকলি মঞ্চ(liberal space) সৃষ্টি হ’ল। বহু খিনি মানুহ ওলাই আহিল, বহু পৰীক্ষা-নিৰীক্ষাও চলিছে বিভিন্ন ধৰণৰ। যিটো আমি ভবা নাছিলোঁ অসমীয়া কবিতাই এইটো কৰিব পাৰিব। এটাই কথা যে আমি অভিযোগটো বেছিকে কৰোঁ।
আৰু সমালোচনাটো বেলেগ বস্তু, সমালোচনা দৰকাৰী। অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে।সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ। সমালোচনা নহ’লে নহ’ব সমালোচনা লাগিবই কৰাণ সমালোচনাও এটা চৰ্চা। এতিয়া আমাৰ সমালোচনা মানে এটা খুব ভুল ধাৰণা আছে সমালোচনা মানে কাৰোবাক নিন্দা কৰা বা বেয়াটো খুচৰা বুলি ভাৱে।
সমালোচনা মানে কি? সম আলোচনা তাত ভাল বেয়া দুইটা থাকিব। এটা শব্দ আছে practice আৰু এটা শব্দ আছে praxis ই হৈছে practice of theory । সমালোচনা এটা কৰিছোঁ , সমালোচনাটোৱে মোৰ প্ৰেক্টিছ। এইটো নহয় যে কবিতা লিখিব নাজানে সেয়ে সমালোচনাত ধৰিছে। সমালোচনা নিজে এক চৰ্চা। কবিতাটো যিমান জৰুৰী সমালোচনা সিমানেই জৰুৰী। কৰাণ সমালোচক জনে কবিতাটো যিদৰে বিশ্লেষণ কৰে। তাৰ গুহাৰ্থ উলিয়াবৰ কাৰণে যিমান খিনি কচৰৎ কৰে সেইটো কোনো পধ্যেই ওলাই কৰিব নোৱাৰি। গতিকে অভিযোগতে নাথাকি যদি সমালোচনা দিশটোত অধিক গুৰুত্ব দিয়ে তেন্তে নিশ্চিতভাৱে ভাল হ’ব।
এটা ভাল কথা হৈছে যে এই বাৰ কবিতাৰ সংকলনে সাহিত্য অকাডেমি লাভ কৰিছে। কিন্তু ইয়ৰ পূৰ্বে যি কেইখন গ্ৰন্থই অকাডেমি লাভ কৰিছিল প্ৰায় খিনি গল্প উপন্যাস আদি সৃষ্টিশীল দিশটোৱে স্বীকৃতি লাভ কৰি আহিছে। প্ৰবন্ধ সংকলনে এই স্বীকৃতি লাভ কৰা নাই দীৰ্ঘ সময় ধৰি।
গ্ৰন্থ মেলাতো প্ৰবন্ধৰ কিতাপ বিক্ৰীও নাই প্ৰকাশো নাই খুব কম সংখ্যক প্ৰকাশ হৈছে আৰু যিকেইখন প্ৰকাশ হৈছে সেই কেইখনো curated অৰ্থাৎ পদ্ধতিগত নহয়। বিভিন্ন সময়ত লিখা প্ৰবন্ধ সমূহ গটাই প্ৰকাশক পোৱাত প্ৰকাশ কৰিলে। তাত যে এটা চিন্তন লাগে পদ্ধতি লাগে সেইটো পাবলৈ নাই।
সেয়ে বাৰম্বাৰ কৈ আহিছোঁ যে কাম বহুত হৈছে চাবলৈ শিকা নাই। আচলতে পূৰ্বসূৰীৰ মানুহখিনিয়ে আমাক অলপমান হাতটো ধৰাই নিদিলে সেয়ে আমি অলপ উৱাদিহ নোপোৱাৰ দৰে হৈছোঁ বিভিন্ন দিশত কিন্তু কাম নোহোৱা অভিযোগটো গ্ৰহণ যোগ্য নহয়।
মাধুৰ্য্যঃসমালোচনাৰ কথা উলাওতেই আৰু এটা কথা মনলৈ আহিছে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত সমালোচনাৰ দিশটো বহুত পিছপৰি আছে নেকি? বিশেষকৈ কাব্য সমালোচনাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে? আপুনি কি ভাৱে?
সমূদ্ৰ কাজল শইকীয়াঃ হয় পিছপৰি আছে। আৰু দুটা কথা কাম নোহোৱা নহয় আৰু একেটাই কথা যে আমি অভিযোগ কৰি থাকোতে গ’ল। কিন্তু সমালোচনাৰ এক পদ্ধতিগত দিশ আছে। সমালোচনা মানে কবিতা এটা চাবজেক্টিভ হ’ব পাৰে; তাতো এটা পদ্ধতি থাকে। কিন্তু সমালোচনাৰ ক্ষেত্ৰত মেথড বা পদ্ধতিটো আৰু জৰুৰী। মোৰ বেয়া লাগিছে কাৰণে বেয়া বা মোৰ ভাল লাগিছে কাৰণে ভাল সেইটো নহয়। তাৰ কিছুমান দিশ আছে আমি এই বিষয়ে বিভিন্নজনৰ লগত কথা পাতিছো বিভিন্ন ধৰণৰ নতুন চামৰ লগত কৰ্মশালা যোগেদি আলোচনা কৰিছো।
সমালোচনাৰ কিছুমান এষ্টাব্লিচ পদ্ধতি আছে। যেনে মাৰ্ক্সিছ ফিলচফি, ফেমিনিষ্ট দিচকৰ্চ,পষ্টমডাৰ্ন, ফৰ্মেলিজিম আদি। গতিকে পদ্ধতিগত ভাৱে সমালোচনা সিমান হোৱা নাই। যিখিনি হৈ আছে সেইখিনি বিষয়গত, সকলোৱে ব্যক্তিগতভাৱে কৰি আছে। সকলোৱে এটা বিশেষ মতবাদ বা মতাদৰ্শৰ সৈতে সংপৃক্ত হৈ যদি কাম নকৰে সি এটা মোভমেণ্টৰ সৃষ্টি নকৰে। যেতিয়া মোভমেণ্টৰ নকৰে তাক আমি ইতিহাসত লিখিব নোৱাৰিম। ৫০ৰ দশকত নতুন কবিতা বুলি এটা সম্পাদনা উলিয়াইছিলে মহেন্দ্ৰ বৰাই। তেখেতে সেই নতুন কবিতাৰ সময়তে আচলতে এতিয়া আমি যিখিনি কবিক জানো তেওঁলোক তেতিয়াই এষ্টাব্লিচ কৰাইছিলে। তাৰ পাছতে তেনেকুৱা লেখত লবলগীয়া লেণ্ডমাৰ্ক এতিয়ালৈকে নাই। ৫০ বছৰতকৈ বেছি হ’ল কিন্তু এতিয়ালৈকে তেনে কোনো লেণ্ডমাৰ্ক নাই। সেই কিতাপখনৰ পাতনিটো বহুত জৰুৰী অসমীয়া কবিতাৰ ক্ষেত্ৰত দৰকাৰী। তেনেকুৱা এটা লেণ্ডমাৰ্ক কাম নাই যিটোৰ ওপৰত ভিত্তি কৰি আমি এটা যোগ বিভাজন কৰিব পাৰো।
এতিয়াও আমি অসমীয়া কবিতাৰ যোগ বিভাজন কৰো যে ৰামধেণু যোগ কওঁ, জোনাকী যোগ কওঁ। আৰু এতিয়া নতুন কবি বুলি ক’লে যিমানখিনি আলোচনাত দেখো সনন্ত সমীৰতে শেষ হয়।
জীৱন নৰহক নতুন কবি বুলি এতিয়াও আলোচনা কৰি আছে আৰু কেইদিনমান আছে দেখুন ঢুকাবই মোৰে বয়স ৪০ বছৰ পাৰ হ’ল ধৰা এতিয়া মোক ইৰ্মাজিং কবি বুলিয়ে ক’ব। এতিয়া যি সকলে কলেজত পঢ়ি আছে সেই সকলক কেতিয়া স্বীকৃতি দিম।
জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম নাটক যেতিয়া লিখিছিল তেওঁৰ বয়স আছিল তেৰ বছৰ গতিকে আজিৰ তাৰিখত সেই বয়সত কোনোবাই লিখিলে দলিয়াই পেলাব। আজিৰ দিনত স্বীকৃতি পাবলৈ নূন্যতম ৫০ পাৰ হ’ব লাগিব তেতিয়াহে নতুন কবি হিচাপে খ্যা তি পাব। গতিকে আমি যিমানেই কৈ আছো যে কাম হৈছে, আজিকালি স্বীকৃতি পাবলৈ সহজ, আজিকালি ৰিলৰ জামানা, তুমি ভিডিঅ এটা বনাই চৰ্কোলেট কৰি দিলা অভাৰনাইট তুমি পপোলাৰ হৈ গ’লা সেইটো কথা নহয় এতিয়া কথাটো ওলোটা হৈছে। প্ৰকৃত যিটো স্বিকৃতি সেইটো পাবলৈ বেছি কঠিন হৈ গৈছে।
গতিকে সেইটো আমি কনচিয়াচলি ভাবিব লাগে আৰু সেই কাৰণে সমালোচনাটো জৰুৰী। গদ্যৈৰ চৰ্চা ভালকে কৰাটো খুব জৰুৰী। আনকি কবি সকলেও লাগে কাৰণ যাৰ গদ্য ৰ বোধশক্তি থকাটো ভাল। যাৰ সেই বোধশক্তি আছে তেওঁলোকে কবিতাও ভাল লিখে। মোৰ প্ৰিয় লেখক সকলৰ ভিতৰত যদি চাব যাওঁ গানৰ ক্ষেত্ৰত বা কবিতাৰ ক্ষেত্ৰত গুলজাৰ তেওঁক ভাল লগাৰ কাৰণটো হল যে কবিতাৰ মাজতো গদ্যিধৰ্মিতা আছে। ভূপেন হাজৰিকা এই গানবোৰ আচলতে গদ্য । তেওঁ কথাবোৰ যিদৰে কয়, কত গ’ল কি কৰিলে ডায়েৰি নিচিনা, গদ্যল, সেইবোৰ প্ৰবন্ধৰ দৰে।মহাবাহু ব্ৰহ্মপুত্ৰত তেওঁ পঞ্চতীৰ, তেগ বাহাদুৰ কথাকৈছে, বাৰভূঞয়া আহিলে সেইখিনি কথা কৈছে। সেইখিনিটো ৰিছাৰ্চ পেপাৰ, সেইখন যদি তেওঁ পেপাৰ হিচাপ ইউনিভাৰ্চিটিত দিয়ে তেতিয়া সেইখন গৱেষণা পত্ৰ হিচাপে গ্ৰাহ্য হ’ব।
মাধুৰ্য্যঃআজিৰ দিনত বোধ হয় আটাইতকৈ বেছি কাব্য গ্ৰন্থই প্ৰকাশ হোৱা পৰিলক্ষিত হয়। আৰু ইয়াৰে অধিকাংশই প্ৰেম, ব্যক্তিগত হা-হুমুনিয়াহেৰে ভৰা ৰোমান্টিকতাৰ দলিল বুলি কলেও বঢ়াই কোৱা নহ’ব কিজানি, সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিস্থিতিত প্ৰেম ব্যক্তিগত হা-হুমুনিয়াহেৰে ভৰা কবিতাই যুগৰ সাম্প্ৰতিক ধাৰাটোক প্ৰতিনিধিত্ব কৰিব পাৰে বুলি ভাৱে নে? একে প্ৰসংগতে কবিতাৰ এই দায়িত্ব থাকে নে নাথাকে? যদি নাথাকে তেন্তে কবিতাৰ উদ্দেশ্য কি বুলি ভৱে?
সমূদ্ৰ কাজল শইকীয়াঃকবিতা আটাইতকৈ কঠিন শিল্প কাৰণ প্ৰবন্ধ এটাটো গাঠনি থাকিব। তথাপি কোনোবা এটা পেৰেগাফ অপ্ৰাসংগিক। অপ্ৰাসংগিক যদিও তাৰ যিটো গুৰুত্ব বা প্ৰাসংগিকতাটো হেৰাই নাযায়। লেখাটো বেয়া হ’লেও তুমি যিটো ক’ব বিচাৰিছা তাৰ মুল্যটো থকিবই। কিন্তু কবিতাৰ ক্ষেত্ৰত কি হয় তুমি এটা বাক্যও বেছিকৈ লিখিব নোৱাৰা। কবিতাৰ গঠনটো আটিল হ’বই লাগিব। কাৰণ কবিতাৰ কথাটোৱে হৈছে, মনৰ ভাৱত বিভিন্ন কথা আছে কিন্তু তুমি কিমান আটিল কৰি লিখিব পাৰিছা যিমান কম কথাত কিমান বেছি কথা লিখিব পাৰিছা। কিন্তু ঘটনাক্ৰমে কি ঘটিল বেছিভাগ লেখকে ভাৱে কবিতাটো সহজতে হয় সময় কম লাগে সেই ধাৰণাতে যে দুটা বাক্যকটো কবিতা এটা হ’ব পাৰে। সেয়ে অসমীয়া কবিতা সংখ্যাত বহুত আছে।
অসমীয়া কবিতা এটা বেয়া বস্তু সোমাল সেইটো হৈছে কবিতাত ছন্দ নালাগে বুলি ধাৰণাটো। বেংগলী কবিতাত এতিয়াও ছন্দ আছে, হিন্দীতো আছে গোটেই বিশ্বতে এতিয়াও ছন্দ আছে অসমীয়াৰ বাহিৰে! যদি ছন্দ মিলাই লিখা কিবা এটা সেইটো সৰু লৰা বাবে লিখা বুলি ভাবিব। হয় সেইটো ধেমেলীয়া হ’ব লাগিব নহয় ব্যংগাত্মত হ’ব লাগিব। কাৰণ মানুহে অন্ত্যমিলকে ছন্দ বুলি ভাৱে। চন্দ বুলি ক’লে তাত শব্দাংশৰ কথা আহিব। শব্দ গণনা (word counting)হ’ব। কবিতা হৈছে অংক (mathematics)। সেইটো কাৰণে প্ৰথমতে কৈছো সকলো দিশ চাব পৰা পৰিৱেশ এটা লাগিছিল। কবিতা এটা নিৰ্মাণ কৰা বস্তু নিৰ্মাণ কৰিবলৈ স্থিতি লাগিব। তোমাৰ এটা পলিটিকেল চিন্তাধাৰাও থাকিব লাগিব। কিহৰ আধাৰত সেই বস্তুটো বৰ্তি আছে সেই আধাৰটো লাগিব। যদি মোৰ সেই আধাৰেই নাই। গতিকে কবিতাৰ মানটো অৱনমিত হ’বই।
ধৰিলৈছো যে কবি বা শিলিপীৰ সামাজিক দায়বদ্ধতা? ইমান গুৰুত্বপূৰ্ণ আলোচনা এইটো কিন্তু আমি ছালে বেৰে কোবাই সেইটো আলোচনা কৰোতে কৰোতে এতিয়া তিতা-কেঁহা যেন লগা হৈ গৈছে। এতিয়া কথাটো হ’ল যে চবজীৱালাৰ সামাজিক দায়বদ্ধতা নাইনেকি এজন ৰিক্সাচালকৰ নাইনেকি, ডাক্তৰৰ নাইনেকি কেৱল শিল্পীকে কিয় পাতি আছো। গতিকে আমি যিহেতু মানুহ, সামাজিক জীৱ গতিকে মানুহক সেইটো লাগিব শিল্পৰ ক্ষেত্ৰটো সেইটোৱে হ’ব। শিল্পত যিহেতু মানুহৰ ভাৱৰ কথা কয় বা সি ভাষাটোকলৈ খেলে গতিকে তাৰ দায়িত্বটো অলপ বেছি স্পটকৈ দেখা যায়। কথাটো এনেকুৱা যে এইটো প্ৰশ্ন নহয়ে কবি এজন মানুহ , মানুহ এটা সমাজিক জীৱ গতিকে তেওঁ যি কাম কৰে তাত সমাজৰ অনুসংগটো থাকিবই। ইয়াত দুটা কথা আহিব পাৰে যে তুমি কনচিয়াচ নে আনকনচিয়াচ। তুমি আনকনচিয়াচ বুলি নিজেহে ভাবিচা চাবকনচিয়াচত কি আছে! কথাটো তেনে ধৰনৰ…
মাধুৰ্য্যঃ আপুনি কলা কলাৰ বাবে নে মানুহৰ বাবে বুলি বিশ্বাস কৰে? যদি কলা কলাৰ বাবে বুলি বিশ্বাস কৰে তেন্তে শিল্পী সাহিত্যিক সামাজিক ভাৱে দায়বদ্ধ নহয় বুলি ভাবে নেকি? একে প্ৰসংগতে যদি কলা মানুহৰ বাবে তেন্তে মানুহৰ বাবে সামাজিক উদ্দেশ্যত নিৰ্মিত সকলো শিল্পতে কলা থাকে নে? মানুহৰ বাবে বুলি কলাহীন সৃষ্টিকো উচ্চ পৰ্যায়ৰ কাম হিচাপে গণ্য কৰা হয় নেকি?
সমূদ্ৰ কাজল শইকীয়াঃমই তোমাক উলতাই প্ৰশ্ন এটা কৰো ধৰি লৈছো কলা মানুহৰ বাবে নহয় কলা কলাৰ বাবে। কলাটো কি বস্তু। শিল্প ছবি এখনেই হওক বা কবিতাই হওক মই কবিতা লিখা সময়ত ভাবিম যে কোনোবাই পঢ়ক আৰু সেইটোক spectator বুলি কয় পাঠক যিজন। মই কবিতা লিখিলো প্ৰকাশ নাই কৰা মোৰ কৰিবলে মন নাই। লিখাৰ পাছত মই নিজেওটো এজন পাঠক মই এজন মানুহ মই নিজৰ কাৰণে লিখিলেও মই এজন মানুহৰ কাৰণে লিখিছো আৰু যদি পাঠকৰ বাবে লিখিছো তেতিয়া কথাখাৰ আৰু জলজল পতপত মানুহ লাগিবই গতিকে কলাৰ বাবে কলা বুলি কোনো বস্তু নাই ইয়াক আমি মানুহে উলিয়াইছো কলা বুলিছো বা বেলেগ বুলিছো সেই বোৰ হৈছে মানুহে উলিওৱা ভাষাৰ খেল। কিন্তু সি এভৰিৰে থিয়দি থাকিব নোৱাৰে এফালে কলা থাকিলে আনটো ভৰিত মানুহ থকিবই লাগিব। মানে এঠেঙীয়া বগলীৰ দৰে থিয়হৈ থাকিব নোৱাৰে দুটা ঠেং দুফালে থাকিবই লাগিব।
মাধুৰ্য্যঃআপুনি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এই সম্পৰ্কত অলপমান আলোকপাত কৰিব নেকি?
সমূদ্ৰ কাজল শইকীয়াঃআচলতে মই এখন এনিমেচন চিনেমাৰ কাম কৰি আছো। এতিয়া তৃতীয়টো সংস্কৰণৰ (থাৰ্ড চিকুৱেল)ৰ কামচলি আছে। এলেন আৰু ক্ৰিষ্টিনা নামৰ দুটা চৰিত্ৰ সেই দুটা চৰিত্ৰ মাজৰ সৰ্ম্পকলৈ চিনেমাখন। গোটেইখনেই হৈছে চাইনচ ফিকচন(science fiction)। মানুহৰ যিবিলাক সৰ্ম্পক, তোমাৰ লগত মোৰ যি সৰ্ম্পক আছে। ইয়াত সেইটোৱে দেখুৱা হৈছে যে নিৰ্জীৱ বস্তুৰ লগত জীৱিত মানুহ এজনৰ মাজত সৰ্ম্পকটো কেনেকুৱা হ’ব পাৰে আৰু তাৰ ভৱিষ্যৎটো কি? গতিকে ফিউচাৰ টেকনলজি ইয়াত কেনেকৈ প্ৰভাৱিত হ’ব! মানৱীয় সৰ্ম্পকখিনিৰ সৈতে। মানৱীয় সৰ্ম্পক আৰু ভৱিষ্যকত প্ৰযুক্তিৰ লগত এটা পৰীক্ষামূলক কাম।
মাধুৰ্য্যঃ শেহতীয়াকৈ সামাজিক মাধ্যমত অপুনি অসমত কবিৰ চৰ্চা শীৰ্ষক এক অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে এই সন্দৰ্ভত আলোকপাত কৰিব নেকি?
সমূদ্ৰ কাজল শইকীয়াঃ মধ্যযোগত বিভিন্ন চিন্তা চৰ্চাৰ উন্মেষ ঘটিছিলে আৰু সেই চিন্তা চৰ্চাখিনি এই কাৰণেই গুৰুত্বপূৰ্ণ যে ৰজাঘৰীয়া বা আপাৰক্লাছ মানুহখিনিৰ পৰা তেওঁলোকে চিন্তা বস্তুটো জনসাধাৰণৰ মাজলৈ লৈ গৈছিলে। এটা কথা আছে নহয় নল্ডেজ ইজ পাৱাৰ চিন্তাটোক তুমি বিলাই দিব পাৰিছা তেতিয়া হ’লে তুমি শক্তি বিলাই দিছা। সেইক্ষেত্ৰত কবীৰ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কবীৰ চৰ্চা কৰিছে। মাৰঠী সংগীতত বেলেগধৰণেৰে কৰিছে, ৰাজস্থান, গুজৰাটীত বেলেগধৰণেৰে কৰিছে। পাকিস্থানত বেলেগধৰণেৰে কৰিছে, পঞ্জাৱত বেলেগধৰণেৰে কৰিছে কিছুমানত ছুফি স্টাইলত গাইছে, কোনোবাই ভজনত গাইছে কোনোবাই হিন্দুস্তানী ক্লাচিকেলত গাইছে আৰু ফ’ক স্টাইলতো বিভিন্ন ধৰণেৰে গাইছে অকল সেয়াই নহয়, ভাৰতত যিমান বেণ্ড আছে ৰক বেণ্ড আছে অগ্নী বুলি এটা বেণ্ড, তেওঁলোকে কবীৰৰ গান গাই জনপ্ৰিয় হৈছে। আৰু সংগীতৰ ক্ষেত্ৰত আৰু এটা ইণ্ডিয়ান বেণ্ড আছে ইণ্ডিয়ান অচেনচ তেওঁলোকে গান গাইছে। কথাটো হ’ল আজিৰ পৰা ৬০০বছৰৰ আগৰ এজন ব্যক্তি আমাৰ এতিয়া শংকৰ দেৱৰ নাম ভাৱিব লগীয়া হয়। আকৌ অভিযোগ কৰিহে কওঁ জানে নে নাজানে! কবীৰ খুব জনপ্ৰিয় গতিকে সময় কথাটো নহয় কথাটো হ’ল তাৰ চিন্তাটো। আৰু কবীৰে যেনেকৈ কৈছে হয়তো সেই একেখিনি কথা শংকৰদেৱেও কৈছে কথাটো তেনেধৰণৰ। কবিৰে কেনেকৈ কৈছে যাৰ ফলত ইমাখিনি মানুহে আঁকোৱালি লৈছে। যিটো কাৰণত আৰু এটা ৰিভলিউচনেৰি বস্তু এটা আছে; কথাটো এনেকুৱা “পথ্থৰ পূজে হৰি মিলে মেই পুজু পাহাৰ” তাৰ মানে ই শিল এটা পূজিলে যদি ভগৱানক পায় মই পাহাৰটোক পূজা কৰিম। সেইটো এটা যদিও মানুহৰ কিছুমান ধাৰ্মিক ধাৰণা আছে। যেনে ৰাম কবীৰ বুলি এটা ধাৰণা আছে। তেওঁলোকে মানে কি কবীৰক ঘিন কৰিব খুজিছিলে। এটা শ্ৰেণী আছে যিবোৰে কবিৰক মুছলিম কৰিব খোজে কবিৰে ইয়াৰ বিৰুদ্ধে তেতিয়াই যুঁজ কৰি গৈছে। তেওঁ ধৰ্মৰ মাজত থকা বস্তু এটা নহয় বৰঞ্চ ব্যক্তিৰ যিটো চিন্তাৰ ক্ষমতা সেইটোক কেনেকৈ উন্মেখ কৰিব পাৰি সেইটোক লৈ তেওঁ গুৰুত্ব প্ৰদান কৰিছে। তাৰ পাছত দেখিলো যে অসমত কিয় নাই? সেই কথাটোৱে আচলতে বহুত কথা উদঙাই দিয়ে। অসমত চিন্তাৰ পৰিৱেশটো আগৰ পৰাই নাছিলে। যদিও শংকৰদেৱৰ কথা কৈ থাকো শংকৰদেৱ কিন্তু নামটোতে শেষ হৈ থাকে। আচলতে শংকৰদেৱে কৰিছিল কি সেই কথা কোনেও নাপাতে বা আমি পাতিব নিবিচাৰো। শংকৰ দেৱ আছিলে বুলি গদগদ হৈ বহি থাকো তাৰ পাছত হাত চাপৰি বজাই মাহ প্ৰসাদ খায় ঘৰলৈ গুচি আহো। কিন্তু কবীৰৰ ক্ষেত্ৰত দেখিছো কবীৰ যাত্ৰাবুলি হয় ৰাজস্থানত, এম.পি তাত কবিৰ যাত্ৰা বুলি তাত লাখৰ ঘৰত মানুহ আহে। সেই লাখৰ ঘৰত যে মানুহ আহে তাৰ ভিতৰত কেইটা সাধাৰণ শ্ৰেণীৰ মানুহ কোনোবাই দুবেলা দুমুঠি খাবলৈ পাইছে কোনোবাই নাই পোৱা তেনেকুৱা মানুহো আহি কবীৰৰ কথা শুনে সেইখিনি কাৰণেই। আৰু সেইটো একমাত্ৰ কবিৰৰ চৰ্চাটোৰ বাবে আহে কোনো জাতীয় আৱেগ লৈ নহয়। আমি এতিয়া শংকৰদেৱৰ নাম লওঁ জাতিৰ আৱেগৰ বাবে তেওঁৰ ফিলচফিটোলৈ কোনো নাযায়।
মাধুৰ্য্যঃ নৱবৰ্ষত আপোনাৰ কিবা নতুন পৰিকল্পনা বা শেহতীয়া কৰ্মৰাজিৰ বিষয়ে জনাব নেকি? আজিৰ লিখক পাঠকৰ বাবে কি বাৰ্তা দিব?
সমূদ্ৰ কাজল শইকীয়াঃকাম! বহুত খিনি কামেই হাতত আছে। এটা হৈছে গানক লৈ মাজে মাজে চৰ্চা কৰোঁ আৰু মোৰ গানবোৰ হৈছে ফাংচনেল গান অৰ্থাৎ নাটকৰ বাবে কৰা হৈছে বা কেতিয়াবা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে গান কৰিব লগীয়া হৈছে। মই অফিচিয়েলি বা প্ৰফেচনেলি সংগীতৰ মানুহ নহয়। কিন্তু বিভিন্ন প্ৰয়োজনতহে কামখিনি কৰা হয়। নতুন গান কিছুমান আছে আৰু পোৰণা কিছুমানো আছে সেই কামখিনিক লৈ পেলায়হে নতুনকৈ অলপ ভৱা হৈছে আৰু তাৰো এটা কাৰণ আছে।
শেহতীয়াকে অসমীয়া কবিতাৰ ক্ষেত্ৰখন ভাল হৈছে। অসমীয়া বহুতখিনি গল্পকাৰ উলালে, উপন্যা স উলাইছে সাহিত্য ক্ষেত্ৰত ভাল হৈছে। নাটকৰ ক্ষেত্ৰটো খুব ধুনীয়া এক্সপেৰিমেণ্ট হৈছে। মঞ্চৰ পৰা আঁতৰি বেলেগ বেলেগ পৰিৱেশত নাটক হৈছে। লকডাউনৰ পাছত যোৱা দুটা বছৰ অসমীয়া চিনেমাৰ লেণ্ডমাৰ্ক হিচাপে পৰিগণিত হৈছে। সেইটো খুব ডাঙৰ কথা। এইটো লৈ এটা প্ৰবন্ধ লিখিম যিটো দিশত আমি একেবাৰে বেয়া সেইটো হৈছে অসমীয়া গান। অসমীয়া গান একেবাৰে বৰবাদ আৰু কোনেও নুশুনে। প্ৰত্যেক সপ্তাহে সপ্তাহে অসমীয়া গান প্ৰডিউচ কৰি আছে আৰু তেওঁলোকে কৈ আছে জনসাধাৰণে বিচাৰে কাৰণে তেনেকুৱা গান কিন্তু জনসাধাৰণে নিবিচাৰে তেওঁলোকে খুৱাই আছে খাই আছে।
তোমাৰ যিটো আশংকা আছিলে কবিতা কিবা বেয়া হৈছে নেকি বা সমাজৰ পৰা বিচ্যুত হৈছে নেকি সেইটো আচলতে অভিযোগ গানৰ প্ৰতি হ’ব লাগে। অসমীয় গানতহে ফুল তৰা পখীলাৰ বাদে একোনাই। কেতিয়াবা কোনোবাই যদি সামাজিক কিবা এটা কৰিবলৈ উলাইছে সেইটো এচথেটিকটো ইমানেই নিম্নমানৰ যে কেৱল মানুহৰ কথা ক’লেইটো নহ’ব। সেই কাৰণেই কবীৰৰ দৰকাৰ।
কবীৰ চৰ্চাটো উদ্দেশ্যপ্রণোদিত, কবীৰ চৰ্চাৰ নামত যিকেইটা দোহা প্ৰত্যেক সপ্তাহে মানুহৰ মাজলৈ মুকলি কৰি দিছোঁ, মানুহে ভাৱক যে গানৰ মাজেদি কথা ক’ব পাৰে মানুহে পাহৰিয়ে গ’ল যে গানৰ মাজেদি কথা ক’ব পাৰি। আৰু আটাইতকৈ লাজৰ কথা এইখন দেশতেই ভূপেন হাজৰিকাৰ দৰে লোকৰ জন্ম হৈছিলে যিজন মানুহৰ সমকক্ষ গোটেই পৃথিৱীতেই নাই। গোটেই জীৱন গানৰ মাজেৰে তেওঁ কথকেই ক’লে। অথচ এতিয়া মানুহে গানৰ মাজেদি কথা ক’বলৈ মানুহে পাহৰিয়ে থাকিলে। সেই কাৰণেই চিন্তন এটা যে লাগে গান এটা গাইছো আমি কাৰ বাবে গাইছো এই সময়ত তাৰ প্ৰাসংগিকতা কি সেইখিনি যদি এবাৰ থমকি লৈ নাভাৱে। কেৱল চৰ্চাৰ কাৰণে চৰ্চা সি কলৈকো নিব নোৱাৰে সেইটো প্ৰথম কথা। আৰু চৰ্চাৰ কৰাণে চৰ্চা আগলৈ নিব পাৰে দক্ষতা বুলি কথা এটা আছে। তোমালোকৰটো দক্ষতাও নাই, অসমীয়া গায়ীকাসকলৰ মাত তেৰতেৰীয়া আৰু পুৰুষ কণ্ঠবিলাক গোটোই বিলাক জুবিনৰ অনুৰাগী সকলোৰে একেটাই মাত। কোনো আত্মনিষ্ঠা (subjectivity)বুলি বস্তু এটা নাই। নিজৰ পৰিচয়টোক লৈ ভবাই নাই তেনেদৰেটো কাম নহ’ব। সেয়ে গানৰ ওপৰত কাম কৰাৰ কথা ভাবিছো। গান প্ৰদিউচ কৰা বা একে ৰাতিতে গীতিকাৰ সুৰকাৰ হৈ গ’লো সেইটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হৈছে গানক লৈ মানুহে ভাৱক। যিহেতু গান আটাইতকৈ বেছি মানুহৰ মাজলৈ যায়।
একেসময়তে চিনেমা ভাল হৈছে গান ভাল হোৱা নাই লিখামেলা ভাল হৈছে কিন্তু গান ভাল হোৱা নাই সেইটো কেনেকৈ সম্ভৱ। ইয়াৰ অৰ্থ হৈছে যে কৰবত সামগ্ৰীকতাত সমস্যা আছে।
এখন সমাজ যদি সকলো দিশৰ পৰা টনকীয়াল হ’বলৈ হয় বা সমাজ এখন পাবলৈ হয় সমানে আগবাঢ়ি যাব লাগিব নহ’লে পংগু সমাজ এখন হে পাম।
শেষত সমাজলৈ এটাই অনুৰোধ কাম হৈছে এবাৰ চকুমলি চাওক। অভিযোগৰ সুৰটো এৰিব লাগে। অভিযোগ কৰি দিয়াৰ লগে লগে কথাটো ঋণাত্মক ফালে গুচি যায়। ঋণাত্মক ভাৱে আৰম্ভ কৰি ঋণাত্মকে হৈ থকে কথাখিনি তাৰ ফলত কিবা ভাল হৈয়ো আছে সেয়া চকুত নপৰে। সমালোচনা বেলেগ কথা যদি গোটেই সুৰটোৱে বা আধাৰটোৱে যদি অভিযোগ হয় তাৰ কোনো গতি নাই।
(বিঃদ্ৰঃ সাক্ষাৎকাৰটো ২০২৪ বৰ্ষৰ ডিচেম্বৰতে গ্ৰহণ কৰা হৈছিল আৰু অসমৰ প্ৰতিষ্ঠিত সংবাদগোষ্ঠীৰ ৱেবচাইটত প্ৰকাশ পাইছিল। শেহতীয়াকৈ ৱেবচাইটোৰ পৰা সাক্ষাৎকাৰটো মচি দিয়া হৈছে গতিকে সাক্ষাৎ গ্ৰহণ কৰোঁতাৰ অনুৰোধত সাক্ষাৎকাৰটোৰ বৌদ্ধিক মূল্যৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ প্ৰকাশ কৰা হ’ল।)