• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশলৈ উভতি অহাৰ পিছতেই গ্ৰেপ্তাৰ ধৰ্ষণত অভিযুক্ত ক্ৰিকেটাৰ; লামিচানৰ দাবী-‘মই নিৰ্দোষ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2022 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশলৈ উভতি অহাৰ পিছতেই নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ লামিছানেক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে। তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। বহুদিন ধৰি পলাতক হৈ থকাৰ পিছত নেপাল আৰক্ষীয়ে তেওঁক ধৰিবলৈ ইণ্টাৰপোলৰ সহায় লৈছিল। অৱশেষত তেওঁ বৃহস্পতিবাৰে ৰাতিপুৱা নেপাললৈ উভতি আহে। অভিযোগ উঠাৰ পিছৰে পৰা সন্দীপে বাৰে বাৰে নিজকে নিৰ্দোষ বুলি দাবী কৰি আহিছে।

বৃহস্পতিবাৰে ৰাতিপুৱা কাঠমাণ্ডুত উপস্থিত হোৱাৰ পূৰ্বেও আইপিএলৰ খেলুৱৈগৰাকীয়ে ফেচবুকত নিজক নিৰ্দোষ বুলি দাবী কৰে।

টুইটাৰত সন্দীপে লিখিছে, “মই মোৰ দায়িত্ব বজাই ৰাখি নেপাল চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ যাওঁ। মই নিশ্চিত যে মোৰ সৈতে ন্যায় কৰা হ’ব। অতি সোনকালেই মই খেলপথাৰলৈ উভতি আহি ক্ৰিকেট খেলিব পাৰিম। মই তদন্তৰ সকলো পৰ্যায়তে যিকোনো ধৰণে সহায় কৰিম। মই মোৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ আইনী যুঁজ দিম।”

উল্লেখ্য যে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত নেপালৰ আৰক্ষীয়ে নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক তথা আইপিএল খেলুৱৈ সন্দীপ লামিছানেক বিচাৰি উলিয়াবলৈ ইণ্টাৰপোলৰ সহায় বিচাৰিছিল।

তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল। কিন্তু স্বদেশলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও তেওঁ নেপালৰ আদালতত হাজিৰ হোৱা নাছিল। যদিও তেওঁ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছিল।

অৱশেষত নেপাল আৰক্ষীয়ে ইণ্টাৰপোলৰ সহায় অবিহনে সন্দীপক নেপাললৈ ঘূৰাই অনাটো সম্ভৱ নহয় বুলি বিবেচনা কৰে।

যোৱা ২৫ ছেপ্টম্বৰত ইণ্টাৰপোলে সন্দীপ লামিছানেৰ বিৰুদ্ধে এক ডিফিউছন নটিছ জাৰি কৰিছিল। একে সময়তে সন্দীপ লামিছানেক নেপাললৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো সম্ভৱ সহায় আগবঢ়োৱাৰ বাবে ইণ্টাৰপোলৰ সদস্য দেশসমূহক অনুৰোধ জনোৱা হৈছিল।

আনহাতে, সেইদিনাই ছ’চিয়েল মিডিয়াত এক দীঘলীয়া পোষ্টত সন্দীপে কৈছিল যে তেওঁ বৰ্তমান আইছ’লেশ্যনত আছে। অতি সোনকালে ঘৰলৈ উভতি অহাৰ কথা উল্লেখ কৰি সন্দীপে লিখিছিল, “মোৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰাৰ পিছত মই অসুস্থ হৈ পৰিছিলো। শাৰীৰিক আৰু মানসিকভাৱে মই বহুত দুৰ্বল হৈ পৰিছো। মই মোৰ বিৰুদ্ধে থকা অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি বিচাৰো। অলপ সুস্থ হ’লেই দেশলৈ উভতি যাম।‘’

তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে সন্দীপে কৈছিল যে তেওঁ খেলৰ পৰা বিৰতি ল’ব আৰু দেশলৈ উভতি আহি আইনী যুঁজ দিব। কিন্তু তেওঁ নেপাললৈ উভতি অহা নাছিল।

नाबालिग किशोरी बलात्कारको आरोप लागेका क्रिकेटर सन्दीप लामिछाने विमानस्थलबाट पक्राउ । विमानस्थलमा ओर्लिएलगत्तै गौशाला प्रहरी वृत्त लगियो । pic.twitter.com/SDNjBoYszD

— Kantipur TV HD (@KantipurTVHD) October 6, 2022

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে সন্দীপৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যে তেওঁক নেপালী অধিনায়কগৰাকীয়ে কাঠমাণ্ডুৰ এখন হোটেলত ধৰ্ষণ কৰিছিল। প্ৰথমতে লামিছানে এই অভিযোগৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁ ২০১৮ চনৰ পৰা দুবছৰ দিল্লী কেপিটেলছৰ হৈ আই পি এল খেলিছিল।

স্পিনাৰগৰাকীয়ে মুঠ ৯ খন খেলত ১২ টা উইকেট দখল কৰিছিল। তেওঁ নেপালৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে আই পি এলত সুযোগ পাইছিল। তেতিয়াৰে পৰা সন্দীপ লামিছানে নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হিচাপে আত্মপ্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd