আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ অন্তিমখন লীগ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক ১০ উইকেটত পৰাস্ত কৰি অন্তিম চাৰিত প্ৰৱেশ কৰে।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ ৮৫ আৰু ৰিদ্ধিমান সাহাৰ ৫৮ ৰানৰ দৰ্শনীয় ইনিংছ দুটাই দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰিছিল।
দুয়োজন বেটছমেনৰ উপৰি ছানৰাইজাৰ্ছৰ এই বিজয়ৰ আঁৰত চুইং বলাৰ সন্দীপ শৰ্মাৰো অৱদান যথেষ্ট পৰিমানে আছে।
মুম্বাইৰ বিৰুদ্ধে সন্দীপে ৪ অভাৰত ৩৪ ৰান খৰছ কৰি তিনিটা মূল্যৱান উইকেট লাভ কৰিছিল। সন্দীপ শৰ্মাই মুম্বাইৰ অপেনাৰ ৰোহিত শর্মা আৰু কুইণ্টন ডি ককৰ উইকেট লাভ কৰাৰ উপৰি ঈষাণ কিষাণকো পেভেলিয়নৰ ৰাস্তা দেখুৱায়।
সন্দীপ শর্মাই দুয়োজন অপেনাৰৰ উইকেট দখল কৰি জাহিৰ খানৰ নামত থকা এটা ৰেকৰ্ড ভংগ কৰে। পাৱাৰপ্লেত ২ টা উইকেট দখল কৰাৰ লগে লগে সন্দীপ শর্মা আই পি এলৰ ইতিহাসত পাৱাৰপ্লেৰ সময়ত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিণত হয়।
সন্দীপ শর্মাই আই পি এলৰ পাৱাৰপ্লেত এতিয়ালৈকে মুঠ ৫৩ টা উইকেট লাভ কৰিছে। আই পি এল ইতিহাসত পাৱাৰপ্লেৰ সময়ত ৫২টা উইকেটেৰে তালিকাৰ প্ৰথম স্থানত আছিল জাহিৰ খান। এই তালিকাত ভুৱনেশ্বৰ কুমাৰ ৪৮ টা উইকেটৰ সৈতে তৃতীয় স্থানত আছে।
উল্লেখ্য যে ১১ খন মেচ খেলি সন্দীপ শর্মাই আই পি এলৰ চলিত ছিজনত এতিয়ালৈকে মুঠ ১৩ টা উইকেট দখল কৰিছে।
কেৱল সেয়ে নহয়, তেওঁ এতিয়ালৈকে ৯০ খন মেচ খেলি আই পি এলৰ কেৰিয়াৰত মুঠ ১০৮ টা উইকেট লাভ কৰিছে।
২০১৭ চনত সন্দীপ শর্মাই তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল য’ত তেওঁ ২০ ৰানৰ ভিতৰত ৪ টা উইকেট লাভ কৰিছিল।