IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই

Sanju Samson’s unbeaten 86 in vain as South Africa beat India ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হয়। টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্দ্ধাৰিত ৪০ অভাৰত ৪ টা উইকেট হেৰুৱায় আৰু ২৪৯ ৰাণ সংগ্ৰহ কৰে। বৰষুণৰ বাবে খেলখন ৫০ অভাৰৰ পৰিৱৰ্তে ৪০ অভাৰলৈ হ্ৰাস কৰা হয়।

প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছ ২৪০ ৰাণতে সমাপ্ত হয়। টেম্বা বাভুমাৰ দলে শিখৰ ধাৱানৰ টীম ইণ্ডিয়াক ৯ ৰাণত পৰাস্ত কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে।

দক্ষিণ আফ্ৰিকাই খেলখনত প্ৰথম ২৩ অভাৰত ৪ টা উইকেট হেৰুৱাই ১১০ ৰাণ সংগ্ৰহ কৰিছিল। দলৰ হৈ জেনমেন মালান আৰু কুইন্টন ডি ককে ইনিংছ আৰম্ভ কৰে। মালান ২২ ৰাণত আউট হয়। তেওঁ শাৰ্দুল ঠাকুৰৰ বলত শ্ৰেয়াছ আয়াৰৰ হাতত কেচ তুলি দিয়ে। কেপ্টেইন বাভুমাক শাৰ্দুলে মাত্ৰ ৮ ৰাণত ক্লিন বোল্ড কৰে। ডি ককে আনটো মূৰত ইনিংছ ধৰি ৰাখিছিল। তেওঁ ৫৪ টা বলত ৪৮ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৰবি বিষ্ণোইৰ বলত এলবিডব্লিউ হয়।

এডেন মাৰ্ক্ৰামক কুলদীপে কোনো ৰাণ কৰাৰ আগতে বোল্ড কৰে। ইয়াৰ পিছত হেনৰিক ক্লাসেন (৬৫ টা বলত ৭৪ ৰাণ) আৰু ডেভিদ মিলাৰে (৬৩ টা বলত ৭৫ ৰাণ) অপৰাজিত ইনিংছ খেলে। তেওঁলোকৰ দমনীয় প্ৰদৰ্শনৰ বাবেই দক্ষিণ আফ্ৰিকাই ৪০ অভাৰত এই ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ হৈ ধাৱান আৰু শুভমান গিল ইনিংছ মুকলি কৰিবলৈ আহে। কিন্তু দুয়ো অপেনাৰেই খেলখনত ব্যৰ্থ হয়। তেওঁলোকে আঠ ৰাণৰ ভিতৰতে আউট হৈ গৈছিল। ধাৱানে চাৰি ৰাণ সংগ্ৰহ কৰে। গিলে সংগ্ৰহ কৰে তিনি ৰাণ। তাৰ পিছত ৰিতুৰাজ গায়কোৱাড় (১৯) আৰু ঈশান কিষাণে (২০) বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে। ভাৰতে ৫১ ৰাণত চাৰিটা উইকেট হেৰুৱায়।  

শ্ৰেয়াছ আয়াৰে পাঁচ নম্বৰত বেটিং কৰিবলৈ নামি খহনীয়া প্ৰতিৰোধৰ লগতে ইনিংছ আগবঢ়াই নিয়াৰ কাম আৰম্ভ কৰে। সঞ্জু চেমছনে তেওঁক যোগ্য সহযোগ দিয়ে। তেওঁলোকে ৫৪ টা বলত ৬৭ ৰাণ যোগ দিয়ে। শ্ৰেয়াছে ৩৭ টা বলত ৫০ ৰাণ কৰি পেভলিয়নলৈ উভতি যায়। ইপিনে, চেমছনে শাৰ্দুল ঠাকুৰক লগত লৈ  আক্ৰমণাত্মক হৈ উঠে। তেওঁলোকে ৬৬ টা বলত ৯৩ ৰাণ যোগ দিয়ে। শাৰ্দুলে ৩১ টা বলত ৩৩ ৰাণৰ এটা বিস্ফোৰক ইনিংছ খেলি উভতি যায়।

আনহাতে, চেমছনে ৬৩ টা বলত ৮৬ ৰাণ কৰি অপৰাজিত থাকে যদিও দক্ষিম আফ্ৰিকাই বান্ধি দিয়া ৰাণ অতিক্ৰম কৰিব নোৱাৰিলে। ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় এদিনীয়া দেওবাৰে ৰাঁচীত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ তৃতীয় আৰু অন্তিম এদিনীয়া খন ১১ অক্টোবৰত (মঙলবাৰে) নতুন দিল্লীত অনুষ্ঠিত হ’ব। যদি বাভুমাৰ দলে ৰাঁচীত জিকিব পাৰে তেন্তে শৃংখলাটো তেওঁলোকেই জিকিব।