পাশ্চাত্য সংস্কৃতিৰ অবাধ আগ্ৰাসনত দেশীয় সংস্কৃতি নিষ্প্ৰভ হ’বৰ উপক্ৰম হোৱাৰ সময়ত নৱ প্ৰজন্মক দেশীয় কৃষ্টিৰ শিপাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ একাংশ লোকে নিৰলস প্ৰচেষ্টা চলাই আহিছে। দেৱভাষা সংস্কৃতৰ মাধ্যমেৰে সাহিত্য-সংস্কৃতিৰ জগতত উল্লেখনীয় অৱদান আগবঢ়াই দেশক উজলাই তুলিবলৈ সক্ষম হোৱা শিল্পী ৰঞ্জন বেজবৰুৱা এনে এজন সাধকৰ নাম।
প্ৰখ্যাত উৰ্দু কবি ইকবালৰ বহু সমাদৃত দেশপ্ৰেমমূলক গীত ‘চাৰে জাহাঁ চে অচ্ছা’ৰ ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰ ‘সৰ্বলোকেষু ৰম্যম্’ শুকুৰবাৰে অৰ্থাৎ ১২ অক্টোবৰত সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰত অভিনৱৰূপত পৰিৱেশিত হ’ব।
এই দিনটোতেই দেশৰ সীমনা পাৰ হৈ বহি:ৰাষ্ট্ৰতো আকৌ এবাৰ গুঞ্জৰিত হ’ব ভাৰত- বন্দনা। আৰৱ যুক্তৰাষ্ট্ৰৰ ৰছ আল খাইমাহ নগৰীত এই গীতটি বহু শিল্পীৰ সমৱেত কণ্ঠত পৰিবেশিত হব।
আৰৱ যুক্তৰাষ্ট্ৰত এই সংস্কৃত- উৎসৱ ‘সংস্কাৰ ভাৰতী’ নামৰ প্ৰখ্যাত সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হ’ব। সংস্কাৰ ভাৰতীয়ে ভাৰতবৰ্ষৰ লগতে বিদেশতো সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰন্তৰ কাম কৰি আহিছে।এই উৎসৱত মুখ্য অতিথি হিচাপে সংস্কাৰ ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক শ্ৰীঈশ দেৱ পূজাৰীয়ে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, ৰৱীন্দ্ৰনাথৰ ‘জন গণ মন’ৰ পিচতে জনপ্ৰিয় দেশপ্ৰেমৰ গীত ইকবালৰ ‘চাৰে জাহাঁ চে অচ্ছা’ শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপ ‘সৰ্ৱলোকেষু ৰম্যম্’ ইতিপূৰ্বে ২০১৬ চনত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে দিল্লী দূৰদৰ্শনৰ যোগেদি সম্প্ৰচাৰিত হৈ গৈছে।
আনহাতে, বেজবৰুৱাই মহম্মদ ৰফিৰ ‘জাহাঁ ডাল ডাল পৰ’ গীতৰ ডঃ হৰেকৃষ্ণ মেহৰে কৰা সংস্কৃত ভাষান্তৰ, এ আৰ ৰহমানৰ ‘ভাৰত হামকো জান চে প্যাৰ হ্যেঁ’ৰ ডঃ চি ৰামনাগপালে কৰা সংস্কৃত ভাষান্তৰত কণ্ঠদান কৰিছে। এই গীতসমূহ দেশৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সময়ত দিল্লী দূৰদৰ্শনৰ ডি ডি নিউজ যোগে সম্প্ৰচাৰিত হৈছে।
উক্ত গীত সমূহত বেজবৰুৱাৰ লগত সহ-শিল্পী হিচাপে প্ৰণতি বৰুৱা, কৃষ্ণা বৰা, ঋতুৰাণী মৌচুমীয়ে কণ্ঠদান কৰিছে।সংগীত পৰিচালনা কৰিছে প্ৰাঞ্জল বৰাই। ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত ভাৰতবৰ্ষৰ জনপ্ৰিয় দেশপ্ৰেমমূলক গীতৰ সংস্কৃত ৰূপ শুনি সংগীতজ্ঞ ৰহমানে ‘ভাৰতীয় সংবেদনেৰে সংস্কৃতত কালজয়ী গীতৰ নৱনিৰ্মাণ’ বুলি মন্তব্য কৰিছে।