NORTHEAST NOW (Assamese)

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অন্যতম দোষী সন্থনৰ মৃত্যু

February 28, 2024 6:22 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অন্যতম দোষী সন্থনৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে। হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক চেন্নাইৰ ৰাজীৱ গান্ধী মেম’ৰিয়েল হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি সন্থন যকৃতৰ ৰোগত আক্ৰান্ত আছিল। আজি পুৱা প্ৰায় চাৰি বজাত তেওঁৰ হাৰ্ট এটেক হয়। শীঘ্ৰে তেওঁৰ চিকিৎসা আৰম্ভ কৰা হৈছিল যদিও ৭:৫০ বজাত তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ পিছতে তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে সন্থানে তিৰুচিৰাপল্লীৰ এটা বিশেষ শিবিৰত থাকিছিল।

যোৱা ২৭ জানুৱাৰীত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰি কৰা হৈছিল। তেতিয়াই তেওঁৰ ‘লিভাৰ ফেইলাৰ’ ধৰা পৰিছিল।

উল্লেখ্য যে ১৯৯১ চনত চেন্নাইৰ শ্ৰীপেৰেম্বুদুৰত বোমা বিস্ফোৰণত মৃত্যু হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ। ২০২২ চনত উচ্চতম ন্যায়ালয়ে সেই গোচৰত দোষী সাব্যস্ত হোৱা ৭ জন লোকক মুকলি কৰি দিছিল।

বিশ বছৰ কাৰাবাসৰ অন্তত মুক্তি পাইছিল উক্ত দোষীসকলে। অৱশ্যে তাৰ পূৰ্বে ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী, পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী দোষীক মুক্তিৰ পক্ষত থকা বুলি আদালতক অৱগত কৰিছিল।

Related News