পুনৰ অসহায় লোকৰ ত্ৰাণকৰ্তা হৈ পৰিল অভিনেতা চনু ছুদ। চনুৱে এইবাৰ সহায়ৰ হাত আগঢ়ালে এগৰাকী হৃদৰোগীলৈ।
উল্লেখ্য যে এটা দৰিদ্ৰ পৰিয়ালৰ পুত্ৰই নিজৰ পিতৃৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে ৰাইজৰ সহায় বিচাৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। সেই পোষ্ট দেখা পাইছিল চনু ছুডে।
উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ বাসিন্দা পল্লব সিঙে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল পিতৃৰ হৃদৰোগৰ সমস্যা। তেওঁ উল্লেখ কৰিছিল যে আৰ্থিক সমস্যাৰ বাবে দিল্লীৰ এইমছত পিতৃৰ চিকিৎসাৰ ক্ষমতা নাই। চিকিৎসা অবিহনে পিতৃৰ মৃত্যু হ’ব পাৰে বুলিও উল্লেখ কৰে পল্লৱে।
নিজৰ এক্স হেণ্ডেলত পল্লৱে লিখিছে, “মোৰ দেউতা মৃত্যুমুখত। হয়, মই কি কথা কৈছো মই জানো। দিল্লী এইমছত থিয় হৈ এই ষ্টেটাছ লিখিছো। অনুগ্ৰহ কৰি পঢ়ক।”
পৰৱৰ্তী টুইটত তেওঁ পিতৃৰ শাৰীৰিক অৱস্থাৰ বিষয়ে অৱগত কৰে। পল্লৱে কয় যে তেওঁৰ পিতৃৰ হৃদযন্ত্ৰই মাত্ৰ ২০ শতাংশহে কাম কৰি আছে। তেওঁ এই পোষ্টটোৰ সৈতে চিকিৎসাৰ ৰিপৰ্টসমূহো শ্বেয়াৰ কৰে।
পল্লৱৰ এই টুইট ভাইৰেল হৈ পৰাৰ পিছত এই পোষ্ট চনু ছুডৰ দৃষ্টিগোচৰ হয়। পল্লৱৰ পিতৃ চিকিৎসাৰ বাবে তেওঁ লগে লগে আৰ্থিক সহায়ৰ আশ্বাস দিয়ে।
এক্স হেণ্ডেলত ছুডে লিখিছে, “ভাই, আমি তোমাৰ দেউতাৰাক মৰিবলৈ নিদিওঁ। মোৰ টুইটাৰ ইনবক্সত তোমাৰ নম্বৰটো দিয়া।”
মন কৰিবলগীয়া যে লকডাউনৰ সময়ৰে পৰা অভিনেতা চনু ছুদে ৰাইজৰ কাষত থিয় দিছে। তেওঁ লকডাউনৰ সময়ত বিভিন্ন প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ বাবে আৰ্থিক সহায় আগবঢ়াই আহিছে অভিনেতাগৰাকীয়ে।