“অসমত “কেব”ৰ প্ৰয়োজনীয়তা নাই”, “কেব”ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰেৰে সাৰা অসম বাঙালী ঐক্য মঞ্চ

এইখন “কেব” নে “কাব”? নে চাহখোৱা “কাপ”? নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সাৰা অসম বাঙালী ঐক্য মঞ্চৰ প্ৰশ্ন চৰকাৰক

Sara Asom Bangali Oikyo Moncho press meet

দিচপুৰ প্ৰেছক্লাবত সাৰা অসম বাঙালী ঐক্য মঞ্চৰ সংবাদমেল। ১৯ অক্টোবৰত।

বিজেপিৰ ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতিৰ সাৰশূন্যতাত মোহভংগ ঘটা অসমৰ বাঙালী লোকসকলৰ সংগঠন সাৰা অসম বাঙালী ঐক্য মঞ্চই আজি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে।

অবৈধ হিন্দু বাঙালীক ভাৰতৰ নাগৰিকত্ব দিবলৈ বুলি বিজেপিয়ে হাতত লোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰয়োজনীয়তা আৰু কাৰ্য্যকাৰিতা সম্পৰ্কেও প্ৰশ্ন তোলে সংগঠনটোৱে। “কেব আহিলে হিন্দু বাঙালীৰ অসুবিধা নাইকিয়া হ’ব বুলি চৰকাৰে কৈ আছে। আমি স্পষ্টকৈ জানিব বিচাৰিছো এই কেবখন প্ৰকৃততে কি? “কেব”খন “কাব” নে চাহ খোৱা “কাপ” এতিয়ালৈকে আমি বুজি পোৱা নাই।”

কেবৰ জৰিয়তে অসমৰ হিন্দু বাঙালীক বদনামী নকৰিবলৈও বিজেপি আৰু চৰকাৰক আহ্বান সংগঠনটোৰ।

“আমি স্বাধীনতাৰ পূৰ্বৰ পৰা অসমত আছো। ১৯১৮ চনৰ নথি-পত্ৰও আছে”, আজি গুৱাহাটী প্ৰেছ ক্লাবত দিয়া সংবাদমেলত সংগঠনটোৰ উপ-সভাপতি পিণ্টু সৰকাৰে কয়।

এইখন কেব আনি প্ৰকৃত হিন্দু বাঙালীক যাতে বাংলাদেশী নসজায় তাৰ বাবে চৰকাৰক সকীয়াই দি নেতাজনে কয়, “কেব আনি হিন্দু বাঙালীক সংস্থাপন দিব বুলি কৈছে। আমাক নতুনকৈ কি সংস্থাপন দিব? আমি ১৯১৮ চনৰে মানুহ। আমি কেৱল অসমৰে নহয়, অখণ্ড ভাৰতৰ স্থায়ী বাসিন্দা।”

কেব সম্পৰ্কে স্পষ্টীকৰণ নিদিলে ব্যাপক গণ আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৰ উপ সভাপতিগৰাকীয়ে।

তেওঁ কয়, “কেবৰ জৰিয়তে আমাক কি ৰক্ষাকৱচ দিব সেইটো স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনাইছো। অন্যথা কেবৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিম।”

তেওঁ আৰু কয়, “এন আৰ চিৰ আৰম্ভণিৰে পৰা কোৱা হৈছিল ১৯৭১ চনৰ আগৰ নথি-পত্ৰ জমা দিলেই ভাৰতীয় নাগৰিক হ’ব। কিন্তু এতিয়া ১৯৭১ বাদেই ১৯১৮ চনৰ নথি থকাৰ পাছতো বহু লোকক ডিটেনশ্যন কেম্পত ভৰাই থৈছে তথা এন আৰ চিৰ পৰা নাম কাটি থৈ দিছে।”

হিন্দু বাঙালীৰ ওপৰত অ-মানৱীয় অত্যাচাৰ চলাই গ’লে এসময়ত পৰিস্থিতি ভয়ানক হ’ব পাৰে বুলি ইংগিত দি তেওঁ হুমকি দি কয়, “যেনেদৰে আমি মিলি-জুলি এদিন চৰকাৰ বনাইছিলো, ঠিক তেনেকৈ সকলো মিলি চৰকাৰ ভাঙিবলৈয়ো বেছি সময় নালাগিব।”

সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়ে বৰ্তমানৰ প্ৰেক্ষাপটত অসমত কেবৰ একেবাৰে প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰে।

“অতি স্পষ্ট কথা বৰ্তমান সময়ত অসমত কেবৰ কোনো প্ৰয়োজনীয়তা নাই। ইয়াত থকা হিন্দু বাঙালীসকল প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে তেওঁলোকে এনআৰচিত আবেদন কৰিছে। এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ কোনোবাৰ বাপেকৰ নাম এনআৰচিত সোমাইছে যদিও পুতেকৰ নাম বাদ পৰিছে। সেয়েহে আমি অনুভৱ কৰিছো কেবৰ কোনো প্ৰয়োজনীয়তা অসমত নাই।”, মুখাৰ্জীৰ মন্তব্য।

মুখাৰ্জীয়ে হিন্দু বাঙালীসকলৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ অভিযোগ কৰি কয়, যোৱা ১৩ অক্টোবৰত দুলাল পাল নামৰ লোকজন জি এম চি এইচ্ছত ঢুকাল। তেওঁৰ মৃতদেহৰ সৎকাৰৰ কোনা ব্যৱস্থা নহ’ল। ১৪ অক্টোবৰত সেইজন ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।

মুখাৰ্জীৰ চৰকাৰলৈ প্ৰশ্ন, “যিগৰাকী ব্যক্তি ডায়েবেটিছ আৰু কিডনিৰ বেমাৰৰ বাবে ১৪-১৫ দিন জি এম চি এইচ্ছত চিকিৎসাধীন হৈ আছিল সেইগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? মৰণোত্তৰ পৰীক্ষা সাধাৰণতে কাৰ কৰা হয়?”

ঘটনাটোত ৰহস্যৰ গোন্ধ বিচাৰি পোৱা বুলি জানিবলৈ দি মুখাৰ্জীয়ে ইয়াক মানৱতাৰ হত্যা আখ্যা দিয়ে।

এয়া মানৱতাৰ হত্যা। ডিটেনশ্যন কেম্পৰ পৰা জি এম চি এইচ্ছলৈ চিকিৎসা কৰিবলৈ অনা ৰোগীক সাক্ষাৎ কৰিবলৈ আত্মীয়-স্বজন, সংগঠনৰ সদস্য দূৰৰে কথা, সাংবাদিককো অনুমতি নিদিয়ে। এজন দাগী অপৰাধী আচামীকো আত্মীয় গ’লে সাক্ষাৎ কৰিবলৈ দিয়া হয়।”, মুখাৰ্জীয়ে কয়।

তেওঁ ডিটেনশ্যন কেম্পৰ বন্দী হৈ মৃত্যুক সাৱটি লোৱা দুলাল পালৰ ১৯৬৫ চনৰ মাটি ক্ৰয় কৰা নথি আছিল বুলি দাবী কৰে।

ডিটেনশ্যন কেম্পত থকা ৯৯.৫ শতাংশ হিন্দু বাঙালীয়েই প্ৰকৃত ভাৰতীয় বুলি দাবী সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীৰ।

আনহাতে, এই চৰকাৰৰ গৃহ মন্ত্ৰী তথা গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি দাবী কৰি তেওঁ গৃহ মন্ত্ৰীৰ দায়িত্বৰ পৰা সৰ্বানন্দ সোণোৱালক অব্যাহতি ল’বলৈ দাবী উত্থাপন কৰে।

এই চৰকাৰৰ দিনত হিন্দু বাঙালীসকলে পূৰ্বৰ চৰকাৰৰ দিনতকৈ বেছি কষ্ট পাইছে বুলি দাবী মুখাৰ্জীৰ।