চাপৰত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা

দেশৰ অধিকাংশ প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ , বহলপুৰ , শালকোচা, বিলাসীপাৰা আদি অঞ্চলত সৰস্বতী দেৱী পূজা অৰ্চনা ধৰ্মীয় নীতি নিয়মৰ মাজেৰে পালন কৰা হয়।

চাপৰ চহৰত অৱস্থিত উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত হীম্ শীতল বতাহ আৰু প্ৰতিকুল বতৰক নেউচি জাকজমকতা তথা উলহ- মালহৰ মাজেৰে এক সুন্দৰ পৰিবেশৰ মাজত শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলে মিলিজুলি উদযাপন কৰা শুক্ল পঞ্চমী তিথিৰ দেৱী সৰস্বতীৰ বন্দনা আৰু পূজা অৰ্চনা পালনৰ দৃশ্য দেখি উপস্থিত সকলোৱে আপ্লুত হয়।

এই অনুষ্ঠান উপলক্ষ্যে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক ফেশ্বন শ্বৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত অকল ছাত্ৰী সকলে অংশ গ্ৰহণ কৰি নিজৰ সুন্দৰ প্ৰতিভা প্ৰদৰ্শন কৰি উৎসাহিত আৰু গৌৰৱ অনুভৱ কৰা দেখা যায়।
বহু কেই গৰাকী ছাত্ৰী যে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম বন্তি ৰয়, সামীম ৰহমান দ্বিতীয় আৰু লুবানা ইছলাম তৃতীয় স্থান অধিকাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠান আছিল অতি আকৰ্ষণীয় আৰু সকলোৱে একেমুখে আয়োজক সকলক প্ৰশংসা কৰে।

এই উপলক্ষ্যে ছাত্ৰ ছাত্ৰী সকলৰ সুন্দৰ ভবিষ্যতৰ বাবে অধ্যক্ষ হজৰত আলী প্ৰমুখ্যে উপস্থিত শিক্ষক শিক্ষয়ত্ৰী সকলে আশীৰ্বাদ কামনা কৰে। কভিড নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰতিকুল বিতৰক নেওচি বিশেষ কৈ ছাত্ৰী সকলে সুন্দৰ সাজ পাৰ তথা শাৰী মেখেলা পৰিধান কৰি ওলাই আহি বীণাপানীক আৰাধনা কৰে।

ইপিনে ছাত্ৰ সকলোৱে আনন্দৰ মাজেৰে অংশ গ্ৰহণ কৰা দেখা যায়। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলী, বিষয় শিক্ষক, বিষয় শিক্ষয়ত্ৰী, শিক্ষক শিক্ষয়ত্ৰী ক্ৰমে অনিত দাস, দিনেন্দ্ৰ গোস্বামী, অমলেন্দু দাস , ঘনশ্যাম পাঠক, দীপক মেধি ,ৰতন শৰ্মা ,উত্তম বৰ্মন , তাৰিণী কলিতা , অনুপমা জৈন , সবিতা দাস , জনাৰ্ধন ৰায়, শতাব্দী সৰকাৰ, মৰ্জিনা বেগম , আলেয়া খাতুন , দীপিকা শৰ্মা , মনকৃষ্ণ ৰায়, ইকবাল আহমেদ , আব্দুল মান্নান আদি অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয় খনৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰী ক্ৰমে প্ৰকাশ শীল , আমজেদ আলী , মুজাহাৰ ইছলাম , অঞ্জু দাস , তৰণি ৰায় উপস্থিত থাকি বিভিন্ন কামত সহায় সহযোগ কৰে।