নতুন প্ৰজন্মক সঠিক বাট দেখুওৱাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ : মুখ্য মন্ত্ৰী

DSC_6693

‘আই-মাতৃসকল হ’ল ভগৱানৰ দূত। নৱ প্ৰজন্মক সঠিক ভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰত্বপূৰ্ণ। সন্তানক গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ কৰি সু-নাগৰিক গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব’। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰত শ্ৰীশ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ২৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহত মুখ্য অতিথি হিচাপে অংশ লোৱা মুখ্য মন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানে যুৱ প্ৰজন্মক নৈতিকতাৰে পৰিচালিত এক জীৱন গঢ়াৰ বাবে বিশেষ ভূমিকা পালন কৰিব লাগিব বুলিও কয়।

তেওঁ লগতে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে বাৰিষাৰ ভৰা লুইত সাঁতুৰি প্রমাণ কৰিছিল যে প্রবল ইচ্ছা শক্তিৰ দ্বাৰা জীৱনত সকলো বাধা অতিক্রম কৰিব পাৰি৷ সেইবাবে গুৰুজনাৰ আদৰ্শৰে আমি সকলোৱে জীৱনৰ বাটত অহা প্রত্যাহান অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি উল্লেখ কৰে।

গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হৈ বৰ্তমানৰ নামঘৰ সমূহে সমাজত শান্তি সম্প্রীতি অটুট ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

আধ্যাত্মিক শক্তি আৰু নৈতিকতাৰ দ্বাৰা পৰিচালিত হৈ নিজৰ জীৱন গঢ় দিবলৈ নতুন প্রজন্মক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ যুৱ শক্তিয়ে সহজে ধন ঘটাৰ মানসিকতা গ্রহণ নকৰি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱয়াসৰ দ্বাৰা নিজকে একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ লাখ ভক্তক এজোপাকৈ বৃক্ষ ৰােপন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে গুৰুজনাৰ এক বৃক্ষ দশ পুত্ৰ সম এই আপ্তবাক্যশাৰী তেতিয়াহে প্ৰকৃতাৰ্থত ৰূপায়িত হ’ব। গুৰুজনাৰ প্রকৃতি প্রেম আদর্শক সকলােৱে হৃদয়ঙ্গম কৰাটো প্রয়ােজন বুলি মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ পল্লৱ লোচন দাস, বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈ, সংঘৰ উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।