• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বানন্দ, তৰুণ গগৈৰ লগতে ভোট দিলে পাঁচটা সমষ্টিৰ প্ৰাৰ্থীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 1:24 pm
bhanu-pallav-
626
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৫টা সহ দেশৰ মুঠ ৯১ টা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। পৰৱৰ্তী চৰকাৰ গঠনৰ উদ্দেশ্যে অসমৰ সাধাৰণ জনতাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যৰ আন আন শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাসকলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

জানিব পৰা মতে আজি ৰাতিপুৱাই মুখ্য মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়স্থিত অসম সাহিত্য সভা ভৱনত স্থাপন কৰা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদান কৰি সোণোৱালে কয়, ‘অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণে উন্নয়ন, শান্তি–সম্প্ৰীতি আৰু নিৰাপত্তাৰ স্বাৰ্থত দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছে’।

CM casts vote 2

 

আনহাতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ তথা কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ ১২৫ নং দেবীচৰণ বৰুৱা হাইস্কুলত ভোটদান কৰে।

ভোটদানৰ পিছতে সাংবাদিকৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন উপযুক্ত চৰকাৰ গঠন কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

ইফালে সাংসদ গৌৰৱ গগৈয়েও সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ কৰে।

তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু আৰু বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসেও আজি ৰাতিপুৱাই ভোটদান কৰে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে দুয়োজন প্ৰাৰ্থীয়ে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত সেৱা জনায়।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত তীব্ৰ বাক্য বাণেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰখা তেজপুৰ সমষ্টিটোৰ দুয়োজন প্ৰাৰ্থীয়ে মহাভৈৰৱ মন্দিৰত মুখামুখি হোৱাত দুয়ো দুয়োকে অভিনন্দন জনোৱাৰ লগতে ইজনে সিজনৰ সৈতে হাত মিলোৱা পৰিলক্ষিত হয়। এই ছবিয়ে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Gourab Gogoi

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ, বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী, যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই, বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত, লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই আৰু বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাইও নিজ নিজ ভোটকেন্দ্ৰত ভোটদান কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ত কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰ সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলি আছে। আনহাতে ৰাজ্যৰ পৰৱৰ্তী পৰ্যায় দুটা অহা ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।

Tags: নিৰ্বাচন ২০১৯

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd