মধুপুৰ সত্ৰক ন্যাসৰ অধীনলৈ নিয়াৰ চক্ৰান্তৰ বিৰোধিতা সত্র পৰিচালনা সমিতিৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পুণ্য ভূমি কোচবিহাৰৰ মধুপুৰত অৱস্থিত মধুপুৰ সত্ৰক কিছুমান স্বাৰ্থন্বেষী লোকে এটি ন্যাস গঠন কৰি তাৰ অধীনলৈ নিয়াৰ চক্ৰান্ত চলোৱাৰ প্ৰচেষ্টাৰ কথা জানিব পাৰি মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ লগতে সচেত ৰাইজ জাঙুৰ খাই উঠিছে ৷
অলপতে সত্ৰখনৰ প্ৰেক্ষাগৃহত ইয়াৰ প্ৰতিবাদত এখন সভা অনুষ্ঠিত হৈ যায়। মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক কুমাৰ দাসে উক্ত চক্ৰটোৰ চক্ৰান্তৰ কথা অৱগত কৰে।
এই সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, হৰিপুৰ-মাধৱপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল আতৈ তথা মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ আতৈকে ধৰি বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।
বিষয়টো সম্পৰ্কত বিশদ আলোচনাৰ পিছত এই সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেইজনমান লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তথা মধুপুৰ সত্ৰত থকা বিশাল সম্পত্তিৰ লোভত এটি ন্যাস গঠন কৰি তেওঁলোকৰ অধীনলৈ নিয়াৰ চক্ৰান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱা হয় ৷ কিয়নো প্ৰতিষ্ঠাকালৰ পৰা মধুপুৰ সত্ৰ পৰিচালনা সমিতিখন চৰকাৰৰ সমিতি সমূহৰ আইনৰ অধীনত পঞ্জীয়নভুক্ত এখন সমিতি ৷
এই সমিতিখনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তদানীত্বন অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু সেই সময়ৰ ৰাজহ মন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ৷ সেই ধৰণে বৰ্তমানলৈকে মধুপুৰ সত্ৰ পৰিচালনা সমিতিখন সুন্দৰকৈ চলি অহাৰ লগতে যথেষ্ট উন্নয়নমূলক কাৰ্যসূচীও ৰূপায়ন কৰি আহিছে।
তদুপৰি, মধুপুৰ সত্ৰ কোনো পৰিয়ালকেন্দ্ৰিক বা মুষ্টিমেয় লোকৰ সত্ৰ নহয়। ই এখন গণতান্ত্ৰিকভাৱে চলি অহা সত্ৰ আৰু ইয়াৰ সত্ৰাধিকাৰগৰাকী ইয়াৰ গৰাকী নহয় ৰখীয়াহে। সভাই লগতে ‘’মধুপুৰ সত্ৰ ন্যাস’’ নামৰ পাবত গজা অনুষ্ঠানটোৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে।
সভাত মধুপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সত্ৰাধিকাৰসকলক সামৰি লৈ স্থানীয় লোকসকলৰ সহযোগত এখন তদাৰকী সমিতি গঠনৰ লগতে মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰৰ সত্ৰ সমূহত সত্ৰীয়া কলা সংস্কৃতি বিকাশৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা সন্দৰ্ভতো এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।