শিৱসাগৰত কয়লাৰ ৰেক চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় সংগ্ৰামী সেনা

coal syndicate in Sivasagar

লাকুৱাৰ পৰা ৰে’লৰ জড়িয়তে চলি আছে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কয়লা সৰবৰাহ। প্ৰতিখন ৰে’ল বা ৰেকত ২৪০০ বা ২৫০০ টন কয়লা সৰবৰাৰ কৰা হয়।

প্ৰতিটো ৰেকত ৪০ বা ৪২ টা ডবা থাকে আৰু সমগ্ৰ ৰেকটোৰ পৰা চিণ্ডিকেট চক্ৰই ১০ লাখ টকা সংগ্ৰহ কৰি আহিছে।

এই গোটেই চিণ্ডিকেট চলাই আছে সুৰেশ কোঁৱৰ আৰু পৱন ভাগা নামৰ দুজন ব্যক্তিয়ে। এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ আৰু জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই।

আজি শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি দুই নেতাই কয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ সীমায়েদি কয়লাৰ গাড়ী সৰবৰাহ বন্ধ হৈ থকাৰ বাবে পৱন ভাগা বাহিনীয়ে লাকুৱাৰ পৰা ৰে’ল যোগে অব্যাহত ৰাখিছে কয়লা সৰবৰাহ।

ইপিনে লাকুৱাত ৰে’লত কয়লা ল’ডিং কৰাৰ নামত জনৈক বৰা নামৰ এজন ব্যক্তিয়ে প্ৰতি টন কয়লাৰ বাবদ ৪০০ টকাকৈ সংগ্ৰহ কৰে। ইয়াৰে ১৩০ টকা শ্ৰমিকক দিয়া হয় আৰু বাকী ২৭০ টকা চিণ্ডিকেট বাহিনীয়ে সংগ্ৰহ কৰে।

এইদৰে এটা ৰেক অসমৰ পৰা পাৰহৈ যাবলৈ প্ৰায় ১৬ লাখ ৪৮ লাখ টকা খৰচ কৰিবলগীয়া হয়।

ইপিনে এই সমগ্ৰ চিণ্ডিকেটৰ লগত ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে সংগঠন দুটাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে স্থানীয় ৰাইজ, দল সংগঠন আৰু কয়লা ব্যৱসায়ী সকলে আন্দোলন কৰি নাগালেণ্ডৰ পৰা অহা কয়লাৰ চিণ্ডিকেট বন্ধ কৰি দিছিল।

ইয়াৰ পাছত এইদৰে লাকুৱাৰ পৰা ৰেকত কলয়া সৰবৰাহ অব্যাহত ৰাখিছে পৱন ভাগা আৰু সুৰেশ কোঁৱৰ বাহিনীয়ে।

ইপিনে মুখ্যমন্ত্ৰীয়ে বিভিন্ন মাধ্যমত চুবুৰীয়া ৰাজ্যৰ সামগ্ৰী সৰবৰাহত বাধা নিদিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে সকলো কাগজ পত্ৰ থকা কয়লাৰ বাহন বিহুবৰ, শিমলুগুৰি, চেৰেকাপাৰ থানাই জব্দ কৰি ৰাখিছে নতুবা ঘূৰাই পঠাই দিছে বুলি অভিযোগ কৰিছে এই দুই সংগঠনে।

সংগঠন দুটাই অভিযোগ কৰে যে কয়লা চিণ্ডিকেট পুনৰ আৰম্ভ কৰিবলৈ কয়লা ব্যৱসায়ী সকলক হেঁচা প্ৰয়োগ কৰি আৰক্ষীয়ে চালান, জিএচটি, ই ৱেল বিল, ট্ৰেনজিট পাছ থকাৰ পাছতো থানা সমুহৰ সন্মুখৰ পৰাই কয়লা সৰবৰাহ কৰা গাড়ী সমুহ জব্দ কৰিছে বা ঘূৰাই পঠাইছে বুলি কয়।

এই চিণ্ডিকেটৰ ঘটনা সম্পৰ্কত সংগঠন দুটাই অসমৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিক হস্তক্ষেপ কৰিবলৈ দাবী জনায়।