বিদেশী নৃত্যশিল্পী দলৰ আক্ৰমণকাৰীক ফাঁচী চৌদি আৰৱৰ

soldier-cnn

প্ৰতিনিধিত্বমূলক ফটো

চৌদি আৰৱত লাইভ প্ৰদৰ্শন আগবঢ়োৱা কমেও তিনিজনীয়া এটা স্পেনিছ নৃত্যশিল্পীৰ দলক ছুৰিকাঘাত কৰা এজন লোকক ফাঁচী দিয়া হৈছে।

যোৱা বছৰৰ নৱেম্বৰত দেশখনৰ ৰাজধানী ৰিয়াধত এক উৎসৱৰ সময়ত থিয়েটাৰ গ্ৰুপটোৰ ওপৰত আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইমাদ অল-মনছৌৰী(৩৩) নামৰ য়েমেনৰ আক্ৰমণকাৰীজন অল-কায়দাৰ সন্ত্ৰাসবাদী গোটৰ সদস্য।

সংৰক্ষণশীল ধৰ্মীয় সংগঠনে বহুদিনৰ আগতে চৌদি আৰৱত মনোৰঞ্জনৰ ওপৰত জাৰি কৰা  নিষেধাজ্ঞাৰ সময়ছোৱাতে ঘটনাটো সংঘটিত হৈছিল।

যোৱা বছৰৰ ১১ নৱেম্বৰত  ৰিয়াধৰ কিং আব্দুল্লা পাৰ্কত এজন লোকে মঞ্চ উত্তাল কৰি তোলাৰ সময়তে আক্ৰমণটো ঘটিছিল আৰু থিয়েটাৰ গ্ৰুপৰ সদস্যকেইজনক ছুৰীকাঘাত কৰা হৈছিল।

সন্ত্ৰাসবাদৰ গোচৰৰ বিচাৰ চলোৱা এখন আদালতে অল-মনছৌৰিক য়েমেনত এজন জ্যেষ্ঠ অল-কায়দাৰ নেতাৰ নিৰ্দেশত কাম কৰাকে ধৰি কেইবাটাও অভিযোগত দোষী সাৱ্যস্ত কৰে।

বৃহস্পতিবাৰে তেওঁক ৰিয়াধত মৃত্যুদণ্ড দিয়া হয় বুলি দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ঘটনাটোত দ্বিতীয় এজন লোককো বিশেষ অপৰাধৰ বিচাৰ চলোৱা আদালতে ১২বছৰ ৫ মাহৰ বাবে কাৰাগাৰালৈ প্ৰেৰণ কৰিছে।

চৌদি কৰ্তৃপক্ষই দাবী কৰে যে অল-মনছৌৰিয়ে দেশৰ নতুনকৈ প্ৰতিষ্ঠা কৰা মনোৰঞ্জন কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজকে প্ৰদৰ্শন কৰি এটা ভিডিঅ’ নিৰ্মাণ কৰে আৰু ছচিয়েল মিডিয়াত ভাইৰেল কৰিছিল।

২০১৭চনত নিযুক্ত হোৱাৰ পাছত ৰাজকুমাৰ মহম্মদ বিন ছলমানে ভিছন-২০৩০ নাম দি আধুনিক সংস্কাৰৰ এক কাৰ্যসূচীৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ জৰিয়তে বহু দশক ধৰি নিষিদ্ধ হৈ থকা চিনেমাকে ধৰি মনোৰঞ্জনৰ মাধ্যমসমূহৰ নিষেধাজ্ঞা উঠাই দিছিল।

যোৱা নৱেম্বৰৰ উক্ত আক্ৰমণটো সংস্কাৰ কাৰ্যসূচী ঘোষণাৰ পাছত প্ৰথম ঘটনা বুলি সদৰী কৰিছে চৌদি কৰ্তৃপক্ষই।