চৌদি আৰবে ১৪খন দেশৰ নাগৰিকক ভিছা প্ৰদানত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতো আছে এই তালিকাত। উমৰা, ব্যৱসায়িক আৰু পৰিয়ালৰ ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। জুন মাহৰ মাজভাগলৈকে কাৰ্যকৰী হৈ থাকিব এই নিষেধাজ্ঞা ।
চৌদি আৰবে ভাৰতৰ লগতে, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া, ইজিপ্ত, জৰ্ডান, আলজেৰিয়া, টিউনিছিয়া, চুডান, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাক, মৰক্কো আৰু য়েমেনৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰা বুলি জানিব পৰা গৈছে। অৱশে যিসকলে ইতিমধ্যে উমৰা ভিছা লাভ কৰিছে তেওঁলোকক ১৩ এপ্ৰিললৈকে চৌদি আৰৱত প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে।
কিন্তু এই দেশসমূহৰ নাগৰিকৰ ক্ষেত্ৰত কিয় সাময়িকভাৱে এনে পদক্ষেপ ল’লে ছৌদি আৰবে? সঠিক পঞ্জীয়ন নকৰাকৈ হজত অবৈধ অংশগ্ৰহণ ৰোধ কৰা উদ্দেশ্য হৈছে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। কাৰণ এই অতিমাত্ৰা ভিৰৰ ফলত সুৰক্ষাজনিত সমস্যাৰ সৃষ্টি হয়।
প্ৰসংগক্ৰমে ২০২৪ চনত হজৰ সময়ত অতিমাত্ৰা ভিৰৰ ফলত সংঘটিত হোৱা ঘটনাত ১২০০ জন লোকে প্ৰাণ হেৰুৱাইছিল। চৌদি আৰৱৰ কোটা ব্যৱস্থা জৰিয়তে প্ৰতিখন দেশৰ পৰা অহা তীৰ্থযাত্ৰীৰ সংখ্যা নিৰ্দিষ্ট কৰিব পাৰি। কিন্তু অবৈধভাৱে বহু লোকে হজত অংশগ্ৰহণ কৰিবলৈ চৌদি আৰৱত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবে এনে পদক্ষেপ গ্ৰহন কৰিছে দেশখনে।
ইয়াৰোপৰি অবৈধ কৰ্মসংস্থাপন ৰোধ কৰিবৰ বাবে এনে ব্যস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ব্যৱসায়িক বা পৰিয়ালৰ ভিছা ব্যৱহাৰ কৰি অবৈধভাৱে কাম আৰম্ভ কৰা বুলি দাবী কৰিছে কৰ্তৃপক্ষই। যাৰ বাবে ভিছা আইন উলংঘা কৰাৰ লগতে শ্ৰম বজাৰত বিশৃংখলতাৰো সৃষ্টি হয়। সেয়ে সাময়িকভাবে উল্লেখিত ১৪খন দেশৰ নাগৰিকক বাবে ভিছা প্ৰদানত বাধা আৰোপ কৰা হৈছে।