• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিক ভেটা দিবলৈ নাগৰিক সমাজৰ আহ্বান

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
March 13, 2019 9:58 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি কিছুদিন আগতে লক্ষীমপুৰত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ঘোষণা দিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খন ৰাজ্যসভাত পাৰিত (passed) কৰিব নোৱাৰিলেও দলটোৱে চেষ্টা এৰি দিয়া নাই। সেয়েহে বিজেপি দলটোৱে যদি পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব পাৰে তেন্তে শীঘ্ৰে উক্ত বিধেয়কখন আইনলৈ পৰিণত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিব। অনবৰত দলীয় শীৰ্ষ নেতৃত্বৰ পদলেহন কৰি থকা অসমৰ কেইজনমান নেতাই (যিকেইজনে দলীয় আদৰ্শ, দলীয় ভাবাদৰ্শ আদি কি বস্তু তাক বুজি নাপায় আৰু থাউকতে দল সলাব পাৰে) অমিত শ্বাহৰ এই বক্তব্যৰ পাছত চুক ভেকুলীৰ দলে টোৰটোৰাই আছে যে দলটোৱে ক্ষমতালৈ আহিলেই অসমৰ খিলঞ্জীয়া লোকৰ ভাবাবেগলৈ কেৰেপ নকৰি উল্লিখিত আইনখন আনিবই আনিব। সকলো ৰাজনৈতিক আদৰ্শৰ মিশ্ৰণস্বৰূপ এজনে আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি ভি চেনেল এটাত মুখস্থ মতাৰ দৰে গাই দিলে যে মুছলমানসকলৰ বাবেতো এখন দেশেই সৃষ্টি কৰা হ’ল, তেওঁলোকে হিন্দুৰ বাবে মাথোঁ আইন এখনহে আনিব বিচাৰিছে।

গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি ন্যূনতমো সন্মান ৰাখিব নজনা, স্বৈৰাচাৰী শাসনত বিশ্বাসী মোদী নেতৃত্বাধীন বিজেপি দলৰ অতি কুসিৎ মনোভাৱবোৰ লাহে লাহেহে জনসাধাৰণৰ আগত প্ৰকট হ’বলৈ ধৰিছে। থূলমূলকৈ বৰ্তমান সময়ত নিৰ্বাচন সৰ্বস্ব ভাৰতীয় জনতা দলৰ মনোভাৱ এনেকুৱা–

১।      দলটোক যিহেতু ভাৰতবৰ্ষৰ জনসাধাৰণে একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে সেয়েহে তেওঁলোকক সকলো ধৰণৰ ভাল-বেয়া কাম কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। গতিকে এতিয়া আৰু জনগণৰ প্ৰশ্ন সোধাৰ এক্তিয়াৰ নাই।

২।     দলটোৰ মতে মানুহে গণতান্ত্ৰিক প্ৰমূল্যবোধ, মৌলিক অধিকাৰ ৰক্ষা, সংবিধান সুৰক্ষা কৰি ৰখা আদিৰ বাবে বিজেপি দলক ভোট দিয়া নাছিল। একেদৰে দুৰ্নীতি নিৰ্মূল, নিবনুৱা সংস্থাপন আদিৰ বাবেও মানুহে বিজেপিক ভোট দিয়া নাছিল। মানুহে বিজেপিক ভোট দিছিল দলটোৱে ভাৰতবৰ্ষত হিন্দুত্ববাদ কায়েম ৰখাৰ ভৰসাত। বিজেপি শাসনলৈ আহিলেই ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হৈ পৰিব আৰু দেশখনৰ মূল ৰাজনৈতিক ভাবাদৰ্শ হৈ পৰিব হিন্দুত্ববাদ-ভাৰতবৰ্ষৰ মানুহে এনে প্ৰত্যাশাৰেহে বিজেপিক ভোট দিছিল।

৩।     যিহেতু দেশবাসীয়ে গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা, শান্তি, সমতা প্ৰতিষ্ঠা কৰা, দেশখনৰ সামাজিক-সংস্কৃতিক বৈচিত্ৰ্য ৰক্ষাৰ  সলনি বিজেপিক এক ধাৰ্মিক-ভাষিক-সাংস্কৃতিক আধিপত্য স্থাপন কৰাৰ বাবেহে ভোট দিছিল বুলি দলটোৱে বিশ্বাস কৰে, সেয়েহে দলটোৰ দৃষ্টিত বাকী গণতান্ত্ৰিক প্ৰশ্নবোৰৰ কোনো মূল্য নাই।

বিজেপিৰ এই স্বৈৰাচাৰী, একনায়কত্ববাদী, গণতন্ত্ৰ বিৰোধী মনোভাৱক প্ৰত্যাহ্বান জনাই যোৱা ১১ মাৰ্চত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত ‘অসম বচাওক, ভাৰত বচাওক : বিজেপিক উৎখাত কৰক’ শীৰ্ষক যিখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈ গ’ল সিয়ে ভালেমান তাৎপৰ্য বহন কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ আগে আগে ৰাজনৈতিকভাৱে বিজেপি দলক উৎখাত কৰিবলৈ ৰাজ্যখনৰ অগণন সংগঠন, বুদ্ধিজীৱী মহল, সচেতন নাগৰিক আদিয়ে সন্মিলিতভাৱে এক সিদ্ধান্ত লোৱা পৰিঘটনাটো বহু দিশৰপৰা ঐতিহাসিক।

অভিৱৰ্তনৰ সভাপতি মণ্ডলীৰ অন্যতম সদস্য প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোঁহাইয়ে অভিৱৰ্তনৰ আৰম্ভণিতে এনেদৰে কৈছিল–‘ইতিমধ্যে দেশত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচনী অংকত মতলীয়া হৈ বহুতে দেশৰ সমুখত দেখা দিয়া ভয়ংকৰ শংকাৰ কথা পাহৰি গৈছে। সেয়েহে আমি স্থিৰ চিত্তে, দৃঢ় মনে দেশ ৰক্ষাৰ কাৰ্যত ব্ৰতী হ’ব লাগিব।”

অভিৱৰ্তনখন উদ্বোধন কৰি প্ৰথিতযশা বৰ্ষীয়ান সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে দিয়া ভাষণ অতি তাৎপৰ্যপূৰ্ণ। তেখেতৰ চমু ভাষণটোৰ সাৰাংশ হৈছে এনেধৰণৰ – আজিৰ এই গণতান্ত্ৰিক সভাখন উদ্বোধন কৰিবলৈ মোক মাতি অনাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ যাচিছো। মোৰ মনত এক তীব্ৰ বিজেপি বিদ্বেষ ভাব আছে। মই মোৰ জীৱনকালত ব্ৰিটিছৰ শাসন দেখিছো। কংগ্ৰেছ আৰু সমাজবাদীৰো শাসন প্ৰত্যক্ষ কৰিছো। কিন্তু বিজেপিয়ে আজি আমাৰ ওপৰত হিন্দুত্ববাদ জোৰজবৰদস্ত জাপি দিবলৈ ওলাইছে। ধৰ্ম এটা আফিং, ধৰ্মই মানুহক জীয়াই নাৰাখে। আজি বিজেপিয়ে ধৰ্মৰ দোহাই দি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ বিচাৰিছে, যি এক ভয়ংকৰ কথা। সেয়েহে আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই প্ৰৱণতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব।’

ড০ হীৰেন গোঁহাইৰ দ্বাৰা গঠিত ঘোষণা পত্ৰখন আজিৰ এই সংকটকালত অতি প্ৰাসংগিক বুলি বিবেচিত হ’ব পাৰে। বিশেষকৈ ভাৰতীয় জনতা দলৰ আগ্ৰাসনৰ পৰা অসম তথা ভাৰতবৰ্ষক বচাবলৈ এই ঘোষণা পত্ৰখনৰ বক্তব্য প্ৰান্তে প্ৰান্তে বিয়পি যোৱাটো প্ৰয়োজনীয়। ঘোষণা পত্ৰখনৰ আৰম্ভণিতে আছে–“পৰিৱৰ্তন’ৰ জালিয়াতিৰে ক্ষমতালৈ অহা আৰু সেই জালিয়াতিৰে চিৰকাল ক্ষমতা দখল কৰাৰ অভিসন্ধি কৰা বিজেপি দল তথা চৰকাৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ মুহূৰ্তত আপোনালোকক এক সন্ধিক্ষণত পৌছাঁই দিছে। এই নিৰ্বাচনত আপোনালোকে ভুলকৈ বা আওকনীয়া মনোভাৱেৰে বিজেপিক আকৌ আহিবলৈ দিলে ইতিমধ্যে সিহঁতে চলাই থকা দেশ বিৰোধী, জনবিৰোধী ধ্বংসকাৰ্য আৰু অধিক মাৰাত্মক হ’ব, দেশ আৰু গণতন্ত্ৰ সমূলঞ্চে ধ্বংসপ্ৰাপ্ত হ’ব। কাৰণ জনগণ অবিহনে দেশ নাথাকে আৰু গণতন্ত্ৰত জনগণেই প্ৰকৃততে চৰকাৰৰ মালিক। ইহঁতৰ পৰিকল্পনাই হৈছে জনগণক শক্তিহীন আৰু অধিকাৰহীন কৰি অসংখ্য দাসত পৰিণত কৰা। নিঃসন্দেহে ই অসমৰ ভৱিষ্যৎ অস্তিত্বৰো মুদা মাৰিব।”

অসমৰ সামগ্ৰিক অস্তিত্ব আৰু শান্তিৰ প্ৰতি বিজেপিয়ে কেনেধৰণৰ ভাবুকি আনিছে সেই সন্দৰ্ভত কোৱা হৈছে–‘অসমৰ ক্ষেত্ৰতো দেখা গৈছে যে বহুদিনীয়া অস্থিৰতা আৰু অশান্তিয়ে ৰাজ্যত যি নৈৰাজ্য আৰু হতাশাৰ পৰিৱেশ ৰচনা কৰিছিল তাৰ ফলত কিছুমান মাৰাত্মক সংঘাতৰ বীজ সমাজত ৰৈ গৈছিল। তাৰ এক ফলপ্ৰসু সমাধান সূত্ৰ হিচাপে ১৯৮৫ চনত স্বাক্ষৰিত আৰু ভাৰতীয় সংসদৰ দ্বাৰা অনুমোদিত অসম চুক্তি সকলো সম্প্ৰদায় আৰু গোষ্ঠীৰ লোকে নবৈবৰ দশকৰ শেষৰ পিনে অৱশেষত গ্ৰহণ কৰিছিল। এই মীমাংসাত আউল লগাবলৈ কিছুমান মহলে চেষ্টা কৰি আছে। বিজেপি দল-চৰকাৰে ১৯৭১ চনক অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰূপে গ্ৰহণ কৰিবলৈ প্ৰকৃততে নাৰাজ। কিন্তু ঘাইকৈ তাৰ বিৰোধিতা নকৰি তাক অৰ্থহীন বা দুৰ্বল কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই… ইয়াৰ অংশস্বৰূপে সংবিধান বিৰোধী ধৰ্মীয় সাম্প্ৰদায়িক তাৎপৰ্য থকা তথা অসমৰো থলুৱা জনগণৰ স্বাৰ্থত চূড়ান্ত আঘাত হনা ‘নাগৰিকত্ব আইন সংশোধনী বিধেয়ক’ সংসদত গৃহীত কৰাবলৈ অলপতে নিৰ্লজ্জ ষড়যন্ত্ৰ চলাইছিল। তেতিয়াওঁ সিহঁতে এই অপচেষ্টা এৰি নিদিয়ে বুলি দাম্ভিকভাৱে ঘোষণা কৰিছে।’

প্ৰকৃততে বিজেপিৰ এই দাম্ভিকতা, স্বেচ্ছাচাৰী মতলৱ আৰু মতগৰ্বিতাৰ বিৰুদ্ধে ১১ মাৰ্চত অসমৰ বিভিন্ন সংগঠন আৰু নাগৰিকে সংকল্প ল’লে বুলি ক’ব পাৰি। বিজেপিক উৎখাত কৰিবলৈ প্ৰয়োজনসাপেক্ষে সকলো সোঁ-বাওঁ দল, আঞ্চলিকতাবাদী বা জাতীয়তাবাদী শক্তি সংঘবদ্ধ হৈ অহা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে বুলিও অভিৱৰ্তনে একমত পোষণ কৰে। তদুপৰি আগন্তুক লোকসভা নিৰ্বাচনত যেন অনৰ্থক বাদ-বিসম্বাদৰ ফলত বিজেপি বিৰোধী ভোট বিভাজিত হৈ সৰ্বশেষত বিজেপি দলৰে লাভ হয়– তেনে কাৰ্যত ব্ৰতী নহ’বলৈও অভিৱৰ্তনত প্ৰস্তাৱ লোৱা হয়।

শেষত, অভিৱৰ্তনত সকলোৱে মত পোষণ কৰে যে যিটো দলে ভাৰতবৰ্ষৰ সংবিধান নামানে, সংবিধানখনৰ প্ৰতি অলপো দায়বদ্ধ নহয় তেনে দল এটাই যদি পুনৰ শাসনলৈ আহে তেন্তে ভাৰতবৰ্ষত গণতন্ত্ৰৰ কোনো চিন-মোকাম নাথাকিব। বিগত পাঁচবছৰীয়া শাসনকালত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেশখনৰ ঐতিহ্যময় গণতন্ত্ৰক যি গতিৰে ধ্বংসৰ পিনে অহৰহ ঠেলি দিছে তাৰ বিৰুদ্ধে দেশবাসীক আৰু ৰাজ্যবাসীক জাগ্ৰত কৰাৰ এক অৰ্থবহ প্ৰয়াস হৈছে এই অভিৱৰ্তন। এই অভিৱৰ্তনৰ বাৰ্তা চৌদিশে বিয়পি যোৱা উচিত।

 

(লেখকৰ ই-মেইল : [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd