SBI-ৰ গ্ৰাহক? বেংক বা ATM-লৈ নোযোৱাকৈয়ে নিমিষতে জানিব পাৰিব আপোনাৰ একাউণ্টৰ বেলেন্স

বেলেন্স পৰীক্ষাৰ লগতে আন বহুকেইটা কামৰ বাবে ইণ্টাৰনেট বেংকিং, বেংকৰ শাখা ভ্ৰমণ, ATM-ত শাৰী পতাৰ পৰা সকাহ গ্ৰাহকক

SBI to change ATM cash withdrawal rules from Sep 18

এচ বি আই এ টি এমৰ ফাইল ছবি।

ষ্টেইট বেংকে ইয়াৰ গ্ৰাহকসকলক বেলেন্স পৰীক্ষাৰ লগতে আন বহুকেইটা কামৰ বাবে ইণ্টাৰনেট বেংকিং, বেংকৰ শাখা ভ্ৰমণ, ATM-ত শাৰী পতাৰ পৰা সকাহ দিছে।

দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংকটোৱে ইয়াৰ গ্ৰাহকসকলৰ বাবে সদায়ে নতুন নতুন সুচলতাৰ ব্যৱস্থা কৰি আহিছে আৰু ইয়াৰ অংশ হিচাপে ডিজিটেল সেৱাৰ মান উন্নত কৰি আনিছে।

এতিয়াৰ পৰা গ্ৰাহকসকলে নিজৰ একাউণ্টত থকা ধনৰাশি (বেলেন্স) পৰীক্ষা কৰিবলৈ  পঞ্জীয়নকৃত নম্বৰটোৰ পৰা এটা সাধাৰণ SMS কৰিলেই হ’ব।

SMS কৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে নিজৰ একাউণ্টৰ বেলেন্সৰ খবৰ উত্তৰ হিচাপে পাব আৰু এই SMS –ৰ কোনো মাচুল নাই, অৰ্থাৎ ই ট’ল-ফ্ৰী।

তাতকৈও সুচলতাৰ কথাটো হ’ল আপোনাৰ যদি এছ এম এছ লিখিবলৈ আমনি লাগিছে, এটা মিছডকল (missed) দিলেও দুই মিনিটৰ ভিতৰত নিজৰ বেলেন্সৰ বিষয়ে জানিব পাৰিব।

ইয়াৰ বাবে BAL বুলি লিখি নিজৰ পঞ্জীয়নকৃত ম’বাইল নম্বৰৰ পৰা 09223766666 নম্বৰটোলৈ এছ এম এছ প্ৰেৰণ কৰক। লগে লগে আপোনাৰ বেলেন্সৰ তথ্য উত্তৰ হিচাপে আহিব। এইটো নম্বৰত মিছডকলো দিব পাৰে এই উদ্দেশ্যত।

কেৱল বেলেন্সেই নহয়। এইদৰে আপুনি আপোনাৰ একাউণ্টৰ মিনি ষ্টেইটমেণ্ট (mini statement) লাভ কৰিব পাৰে ম’বাইলত। মিনি ষ্টেইটমেণ্টত আপুনি শেহতীয়া ৫টা লেনদেনৰ বিষয়ে অৱগত হ’ব পাৰিব। মিনি ষ্টেইটমেণ্টৰ বাবে ওপৰোক্ত নম্বৰত প্ৰেৰণ কৰিব লগীয়া এছ এম এছ ক’ডটো হ’ল MSTMT.

ইয়াৰোপৰি আপুনি এছ এম এছৰ জৰিয়তে চে’কবুকৰ অনুৰোধো কৰিব পাৰে। চে’কবুক অনুৰোধ কৰাৰ বাবে এছ এম এছ ক’ডটো হ’ল CHQREQ. এইটো লিখি আপোনাৰ পঞ্জীয়নকৃত নম্বৰৰ পৰা 09223588888 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব।

ইয়াৰ পিছত আপোনালৈ এটা এছ এম এছ আহিব, য’ত ৬টা অংকৰ এটা সংখ্যা থাকিব। এতিয়া CHQACCY আৰু ইয়াৰ সৈতে কোনো খালী ঠাই নোহোৱাকৈ এই ৬টা অংকৰ এটা সংখ্যাটো লিখি পুনৰ 09223588888 নম্বৰটোলৈ প্ৰেৰণ কৰক। এইটো বেংকৰ পৰা মেছেজটো লাভ কৰাৰ  দুঘণ্টাৰ ভিতৰত কৰিব লাগে।

মনত ৰাখিব এই সকলো সুবিধা লাভ কৰিব পাৰিব, যদিহে আপোনাৰ ম’বাইল নম্বৰটো বেংকৰ একাউণ্ট নম্বৰৰ বিপৰীতে পঞ্জীয়ন হৈ থাকে।