NORTHEAST NOW (Assamese)

নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য প্ৰদানৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ ভাৰতীয় ষ্টেট বেংকৰ

March 4, 2024 8:02 pm · এন ই নাও নিউজ, গুৱাহাটী

‘অসাংবিধানিক’ নিৰ্বাচনী বণ্ডৰ বিষয়ে নিৰ্বাচন আয়োগক তথ্য প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া সময়সীমা বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছে ভাৰতীয় ষ্টেট বেংকে।

প্ৰকাশিত খবৰ অনুসৰি, ষ্টেট বেংকে নিৰ্বাচন আয়োগক তথ্য প্ৰদানৰ বাবে অহা ৩০ জুনলৈ সময়সীমা বৃদ্ধি কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে।

উল্লেখ্য যে, যোৱা মাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত নিৰ্বাচনী বণ্ড বাতিল কৰিছিল। শীৰ্ষ আদালতে লগতে এছ বি আইক ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

শুনানিত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডে নাগৰিকৰ তথ্যৰ অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰিছিল। লগতে এই বিতৰ্কিত আঁচনিখনক অসাংবিধানিক আখ্যা দিছিল শীৰ্ষ আদালতে।

Related News