যোৰহাটৰ টীয়ক শাখাৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন; বিশিষ্ট অতিথিক সম্বৰ্ধনা

যোৰহাট জিলাৰ টীয়ক নগৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কায্যসূচীৰে পালন কৰা হয়।

প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ প্ৰাগংনত  শিক্ষাবিদ কিৰণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয়  প্ৰৱন্ধক অজিত আনল, টীয়ক চিকেবি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃচন্ন ( Krishna) পাছনী, অৱসৰপ্ৰাপ্ত প্ৰৱক্তা অশোক বৰা সহ  কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকি টীয়ক শাখাৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস সম্পৰ্কে গঠনমূলক বক্তব্য আগবঢ়ায়।

সভাত ভাৰতীয় ষ্টেট বেংকৰ টীয়ক  শাখাৰ  মুখ্য প্ৰবন্ধক পিনাক দত্তই নিজৰ বক্তব্যত উপস্থিত সকলোকে ব্যক্তিকে আদৰণি জনোৱাৰ লগতে ষ্টেট বেংকৰ টীয়ক শাখাৰ উন্নতমানৰ সেৱা আগবঢ়োৱাত সহযোগিতা আশা কৰে।

উল্লেখ্যযোগ্য যে, আজিৰ ৪৯ তম প্ৰতিষ্ঠা দিৱসত উপস্থিত অৰ্ধ শতাধিকৰো অধিক বিশিষ্ট ব্যক্তি তথা গ্ৰাহকক  বেংকৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

৪৯ তম প্ৰতিষ্ঠা দিৱসৰ আজিৰ বিশেষ কাযসূচীত ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকি অনুস্থানটো সাফল্যমণ্ডিত কৰা দেখা যায়।