ভাৰতীয় ষ্টেট বেংকে টুইটৰ জৰিয়তে এক জৰুৰী ঘোষণা কৰিছে। ভাৰতীয়ে ষ্টেট বেংকে কৰা টুইট অনুসৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত সকলোৱে Life Certificate অৰ্থাৎ জীয়াই থকাৰ প্ৰমাণপত্ৰ ষ্টেট বেংকত জমা দিব লাগিব। অন্যথা একাউণ্টৰ পৰা ধন উলিয়াব নোৱাৰিব।
Complete your Life Certificate submission before 30th November, 2019 to ensure that your pension payments would continue.The certificate can also be submitted in person at SBI Branch or digitally at an Aadhaar outlet near you.
To know more, visit: https://t.co/XtubecH6Gj pic.twitter.com/407Sv7ylMg— State Bank of India (@TheOfficialSBI) November 2, 2019
অৱশ্যে এই নিয়ম কেৱল পেঞ্চনাৰ সকলৰ বাবেহে। অৰ্থাৎ চাকিৰৰ পৰা অৱসৰৰ পিছত যিসকল লোকে পেঞ্চন লাভ কৰে তেওঁলোকেহে নিজৰ নিজৰ ষ্টেট বেংকৰ শাখাত অহা ৩০ নৱেম্বৰৰ ভিতৰত Life Certificate জমা দিব লাগিব।
জাৰি কৰা জাননী অনুসৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত যদি পেঞ্চনাৰ সকলে নিজৰ Life Certificate বেংকত জমা নিদিয়ে তেতিয়া পেঞ্চনৰ টকা উলিয়াব নোৱাৰিব।
আনহাতে ভাৰতীয় ষ্টেট বেংকে এক টুইটৰ জৰিয়তে জনোৱা অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ যিকোনো শাখাতে পেঞ্চনাৰ সকলে Life Certificate জমা কৰিব পাৰিব। ইয়াৰ উপৰিও ডিজিটেল মাধ্যমৰ জৰিয়তে ঘৰৰ পৰাও পেঞ্চনাৰ সকলে নিজৰ Life Certificate জমা কৰিব পাৰিব। তাৰোপৰি আধাৰ চেণ্টাৰৰ পৰাও Life Certificate জমা কৰিব পাৰিব।