ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে চুবুৰীয়াৰ মাজত হোৱা উত্তপ্ত তৰ্ক বা শাৰীৰিক কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা নুবুজায়। মঙলবাৰে ন্যায়াধীশ বি ভি নাগাৰাথন আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মত পোষণকৰে যে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ নং ধাৰাৰ অধীনত কাৰোবাৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ বাবে অভিযুক্তই ভুক্তভোগীক আত্মহত্যা কৰিবলৈ ইচ্ছাকৃতভাৱে ঠেলি দিছিল বুলি স্পষ্ট প্ৰমাণ থাকিব লাগিব। ২০০৮ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এগৰাকী চুবুৰীয়াৰ আত্মহত্যাৰ কাৰণ হোৱাৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া এগৰাকী মহিলাৰ দোষী সাব্যস্তকৰণৰ ৰায় বাতিল কৰি এই ৰায় দান দিছে।
আদালতে কয় যে চুবুৰীয়াৰ মাজত কাজিয়া হোৱাটো সমাজৰ এটা সাধাৰণ ঘটনা। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কাজিয়াৰ দ্বাৰা কাৰোবাক আত্মহত্যা কৰিবলৈ বাধ্য কৰিছে। এই গোচৰত ভুক্তভোগী এগৰাকী শিক্ষিত মহিলা আছিল, যিয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু অভিযুক্ত মহিলাগৰাকীৰ সৈতে ছমাহ ধৰি তেওঁৰ বিবাদ চলিছিল। উচ্চতম ন্যায়ালয়ে কয় যে অভিযুক্তই ভুক্তভোগীক এনে ধৰণে ক্ষতি কৰিব বিচাৰিছিল যাতে তেওঁৰ আত্মহত্যাৰ বাহিৰে আন কোনো উপায় নাথাকে, তাৰ কোনো প্ৰমাণ পোৱা নাই।
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক অভিযুক্তই প্ৰত্যাহ্বান জনোৱাৰ পিছত এই ৰায় দিয়া হৈছে। সেই ৰায়ত অভিযুক্তক ৩০৬ নং ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল যদিও অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত তেওঁক মুক্ত কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে জোৰ দি কয় যে দৈনন্দিন জীৱনৰ বাক্ বিতণ্ডাই এই কথা প্ৰমাণ নকৰে যে কোনোবাই ইচ্ছাকৃত ভাবে প্ৰতি পক্ষক আত্মহত্যা কৰিবলৈ পৰোচনা কৰিছিল।