অশান্তিত জ্বলিছে পাহাৰীয়া ৰাজ্য মণিপুৰ। কেতিয়া পুনৰ আৰম্ভ হ’ব ইণ্টাৰনেট সেৱা? ইয়াকে লৈ এক জৰুৰী শুনানিৰ বাবে কৰা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে দাখিল কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। মণিপুৰৰ দুগৰাকী বাসিন্দাই ইণ্টাৰনেট সেৱা সন্দৰ্ভত আদালতত আবেদন জনাইছিল।
যোৱা মাহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। কিন্তু আদালতে এই বিষয়ত জৰুৰী শুনানি অনুষ্ঠিত কৰিবলৈ অস্বীকাৰ কৰে।
লগতে পঢ়ক: সুন্দৰীৰে ভৰি পৰিব দেশ! তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা
ইপিনে, মণিপুৰ মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ কথা বিবেচনা কৰিবলৈ কৈছে।
মণিপুৰৰ দুই বাসিন্দাই ৰাজ্যত ইণ্টাৰনেট বন্ধৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰি ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ ৰাজেশ বিন্দলৰ বিভাগীয় বিচাৰপীঠে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে একেটা বিষয়তে বিবেচনা কৰি আছে।
মণিপুৰ চৰকাৰে মঙলবাৰে ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি কৰে। মণিপুৰ প্ৰশাসনে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ব্ৰডবেণ্ডকে ধৰি মোবাইল ডাটা সেৱা বন্ধ কৰাৰ সময়সীমা ১০ জুনৰ বিয়লি ৩ বজালৈ বৃদ্ধি কৰা হৈছে। যোৱা ৩ মে’ত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল।
লগতে পঢ়ক: অনুষ্টুপীয়াকৈ কন্যাক বিয়া দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে; দৰা প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ
আনহাতে, বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতি দেশৰ আভ্যন্তৰীণ সমস্যা। ইয়াৰ ফলত ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ত কোনো প্ৰভাৱ নপৰে। ‘এক্ট ইষ্ট পলিচি’ৰ লক্ষ্য হৈছে দ্বিপাক্ষিক, আঞ্চলিক সম্পৰ্কৰ জৰিয়তে এছিয়া-পেচিফিক অঞ্চলৰ দেশসমূহৰ সৈতে কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলা।