সাংবাদিক মহম্মদ জুবেইৰক অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ: জামিন লাভৰ পিছতো থাকিব লাগিব কাৰাগাৰত

Mohammed Zubair

সাংবাদিক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত জুবেইৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সাংবাদিক গৰাকীক জামিন প্ৰদান কৰে।

সীতাপুৰৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল।

জুবেইৰে এই গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত জামিন আবেদন জনাইছিল যদিও জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল জুবেইৰ।

অৱশ্যে সীতাপুৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলেও কাৰাগাৰতেই থাকিব লাগিব জুবেইৰ। কিয়নো দিল্লীত দাখিল হোৱা এটা গোচৰত এতিয়ালৈকে জামিন লাভ কৰা নাই মহম্মদ জুবেইৰে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশাৰীৰ অৱশৰকালীন বিচাৰপীঠে জুবেইৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ইয়াৰ ওপৰত জাননী জাৰি কৰে আৰু নিয়মীয়া বিচাৰপীঠৰ সন্মুখত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰিছে।

বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে জুবেইৰক সীতাপুৰত দাখিল কৰা এজাহাৰৰ সন্দৰ্ভতহে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে দিল্লীত ৰুজু কৰা গোচৰৰ সৈতে এই জামিনৰ কোনো সম্পৰ্ক নাই।

বিচাৰপীঠে লগতে জুবেইৰক গোচৰটোৰ সন্দৰ্ভত টুইটাৰত কোনো পোষ্ট কৰাত বাধা আৰোপ কৰে আৰু তেওঁক দিল্লীৰ অধিকাৰ ক্ষেত্ৰ এৰি নাযাবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ১৯৮৩ চনত মুক্তি প্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰৰ এটা বিশেষ দৃশ্যৰ ফটো শ্বেয়াৰ কৰি চাৰি বছৰ পূৰ্বে কৰা এটা টুইটৰ বাবে দিল্লী আৰক্ষীয়ে ২৭ জুনত মহম্মদ জুবেইৰক প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পিছত তেওঁক সীতাপুৰলৈ লৈ যোৱা হয় আৰু নতুনকৈ হিন্দুত্ববাদী কেনা কেইজনৰ অভিযোগৰ পাছত আন এক গোচৰ পঞ্জীয়ন কৰা হৈছিল।

তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া বাবেই জুবেইৰক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে সাংবাদিক জুবেইৰেই ফেক্ট চেকিঙৰ জৰিয়তে ৰাজহুৱা কৰিছিল।