• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ প্ৰস্তাৱ : উৎসৱ বেইনছক আজি তথ্য-পাতি লৈ আদালত হাজিৰ হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2019 8:37 am
অধিবক্ত উৎসৱ বেইনছ।

অধিবক্ত উৎসৱ বেইনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ তেওঁক ডেৰ কোটি টকীয়া এটা প্ৰস্তাৱ দিয়া হৈছিল বুলি দাবী কৰি এটা ফেইচবুক পোষ্টত দাবী কৰা উৎসৱ বেইনছক তথ্য-পাতি সহ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে। এই বাতৰি প্ৰকাশ কৰিছে  The Hindu নামৰ কাকতখনে।

শীৰ্ষ আদালতখনৰ ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ ৰহিংটন ফলি নৰিমান আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে বেইনছক  আজি তেওঁৰ দাবীৰ প্ৰমাণ লৈ হাজিৰ হ’বলৈ  নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী বৰ্খাস্ত হোৱা মহিলাই যৌন নিৰ্য্যাতনৰ অভিযোগ অনাৰ পিছতে উৎসৱ বেইনছে কিছুমান গুৰুত্বপূৰ্ণ দাবী সন্নিৱিষ্ট কৰি নিজৰ ফেইচবুক পোষ্টটোৰে দেশবাসীৰ মনোযোগ আকৰ্ষণ কৰিছিল।

প্ৰথমে ফেইচবুক পোষ্টৰ ৰূপত প্ৰকাশ কৰা কথাখিনিকে পিছত বেইনছে আদালতত এখন আবেদন যোগে দাখিল কৰিছিল।

ইয়াৰ পিছতে তেওঁক ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠখনে সকলো তথ্য-পাতিসহ ২৪ এপ্ৰিলত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

বেইনছে তেওঁক মুখ্য ন্যায়াধীশজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা চক্ৰটোৱে ১.৫ কোটি টকা দিয়াৰ প্ৰস্তাৱ দিয়াৰ লগতে ইয়াৰ অন্তৰালত চক্ৰটোৰ মুখ্য ন্যায়াধীশ গগৈক পদৰ পৰা আঁতৰোৱাৰ চেষ্টা আছিল বুলি দাবী কৰিছিল।

তেওঁক এই প্ৰস্তাৱসহ সাক্ষাৎ কৰা ব্যক্তিজনে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ হৈ তেওঁক লগ কৰিছিল বুলি দাবী বেইনছৰ। একেটা প্ৰস্তাৱতে তেওঁক দিল্লীৰ প্ৰেছক্লাব অব ইণ্ডিয়াত মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে এখন সংবাদমেল দিবলৈও কোৱা হৈছিল বুলিও বেইনছে দাবী কৰিছে।

লগতে পঢ়ক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে “যৌন নিৰ্য্যাতন”ৰ অভিযোগ

আদালতত দিয়া আৱেদনখনত বেইনছে কিছুমান গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে তেওঁ নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন “নিৰ্ভৰযোগ্য ব্যক্তি”ৰ পৰা জানিব পাৰিছে যে এজন উদ্যোগপতিয়ে তেওঁৰ এটা হাই প্ৰফাইল গোচৰত মুখ্য ন্যায়াধীশজনক মেনেজ কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল। উদ্যোগপতিজনে আন উপায় হিচাপে নিজৰ গোচৰটো আন বিচাৰপীঠলৈ নিবলৈ চেষ্টা কৰিও বিফল হৈছিল। এই ব্যৰ্থতাৰ পিছতে উদ্যোগপতিজনে এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰে, য’ত মুখ্য ন্যায়াধীশজনক পদত্যাগ কৰিবলৈ বাধ্য হোৱাৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।

বেইনছৰ এই দাবীবোৰত ইংগিত কৰা উদ্যোগপতিজন যে জেট এয়াৰৱেজৰ প্ৰাক্তন মুৰব্বী নৰেশ গোৱেল সেইটো স্পষ্ট, কাৰণ জেট এয়াৰৱেজৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটা গুৰুত্বপূৰ্ণ গোচৰ চলি আছে।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ অধীনত কৰ্মৰত এগৰাকী প্ৰাক্তন (বৰ্খাস্ত হোৱা) কৰ্মচাৰীয়ে যৌন নিৰ্য্যাতনৰ অভিযোগ আনি লিখা শপতনামাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ অভিযোগ ষড়যন্ত্ৰৰ অংশ বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিলেও এই অভিযোগে ইতিমধ্যে ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd