আই এ এছ- আই পি এছৰ সন্তান, তথাপি কিয় সংৰক্ষণ? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

আই এ এছ আৰু আই পি এছৰ দৰে আমোলাৰ সন্তানে সংৰক্ষণৰ সুবিধা লাভ কৰিব লাগেনে? এই প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। পঞ্জাৱ চৰকাৰে দাখিল কৰা এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰিছে। ফলত সমগ্ৰ দেশখনকেই এক কঠিন প্ৰশ্নৰ সন্মুখত থিয় কৰালে।

পঞ্জাৱ চৰকাৰে উচ্চতম ন্যায়ালয়ত দাবী কৰিছে যে পঞ্জাৱৰ বাল্মিকী আৰু মজহবী (শিখ)ৰ দৰে পিছপৰা জনগোষ্ঠীক সংৰক্ষণ দিয়া উচিত।

তেওঁলোকৰ মতে আদালতে পিছপৰা শ্ৰেণীৰ ভিতৰত আটাইতকৈ পিছপৰা সম্প্ৰদায়ক চিনাক্ত কৰি তেওঁলোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব লাগে। চৰকাৰী চাকৰিত উচ্চ পদত প্ৰতিনিধিত্ব কৰাসকলে বঞ্চিত সম্প্ৰদায়ৰ বাবে ঠাই এৰি দিব লাগে বুলি পঞ্জাবে দাবী জনাইছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত গঠিত সাতজনীয়া বিচাৰপীঠে পঞ্জাৱৰ এডভোকেট জেনেৰেল গুৰমিন্দৰ সিঙক কয় যে, “এটা অনুসূচিত জনজাতিৰ এজন ব্যক্তিয়ে আই এ এছ বা আই পি এছৰ শাৰীত যোগদান কৰাৰ পিছত তেওঁৰ সন্তানে সকলো দিশতে সৰ্বাধিক সুযোগ আৰু সুবিধা লাভ কৰে।” গতিকে তেওঁৰ সন্তানে কিয় সংৰক্ষণৰ সুবিধা পাব? এই ব্যৱস্থাটো এনেকৈয়ে চলি থাকিবনে?”

এই প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠৰ সদস্য ন্যায়াধীশ গাভাই, যি নিজেও এগৰাকী দলিত সম্প্ৰদায়ৰ সদস্য।

পঞ্জাৱৰ এজন এডভোকেট জেনেৰেলে অৱশ্যে কয় যে অনুসূচিত জাতি সম্প্ৰদায় এটাই সামাজিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গ’লে তেওঁলোকক সংৰক্ষণ তালিকাৰ পৰা বাদ দিব পৰা যায়, কিয়নো “সংবিধানৰ প্ৰণেতাসকলকে ধৰি কোনেও এই সংৰক্ষণ ব্যৱস্থা চিৰস্থায়ী হোৱাটো বিচৰা নাছিল।”