এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্তৰ ১০% নমুনাৰূপে লৈ সেইবোৰ ভিন্ন জিলাৰ সেৱাকেন্দ্ৰ বিষয়াৰ দ্বাৰা পুনৰ পৰীক্ষণ কৰা হ’ব পাৰে : উচ্চতম ন্যায়ালয়

supreme-court_of_India-570x320

জুলাইৰ ৩০ তাৰিখে প্ৰকাশ পোৱা অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নামৰ পৰা ১০ শতাংশ নমুনাৰূপে লৈ সেইবোৰ প্ৰয়োজন হ’লে ভিন্ন জিলাৰ এন আৰ চি সেৱাকেন্দ্ৰৰ বিষয়াৰ দ্বাৰা পুনৰ সত্যাসত্যতা নিৰূপণৰ ব্যৱস্থা কৰা হ’ব পাৰে। এই কথা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ২৮ আগষ্টৰ এক শুনানিৰ সময়ত জানিবলৈ দিছে উচ্চতম ন্যায়ালয়ে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰি থকা ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমানেৰে গঠিত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠখনে প্ৰতীক হাজেলাই আদালতখনত দাখিল কৰা এন আৰ চি খচৰাৰ পৰা বাদ পৰা লোকৰ জিলাভিত্তিক শতকৰা হাৰটো চালি-জাৰি চোৱাৰ পিছতে এই পুনৰ সত্যাসত্য পৰীক্ষাৰ প্ৰয়োজন সন্বন্ধে বিবেচনা কৰি চোৱাৰ সিদ্ধান্তত উপনীত হোৱা বুলি জানিবলৈ দিয়ে বিচাৰপীঠখনে। এইটো কেতিয়া আৰু কিমান দিনৰ ভিতৰত কৰিব পৰা হ’ব তাৰ আভাস দিবলৈ হাজেলাক আদালতে নিৰ্দেশ দিয়ে।

বিচাৰপীঠখনে লগতে এইটো প্ৰশ্ন তোলে যে দাবী আপত্তি দাখিলৰ সময়ত দাবী কৰোঁতাক তেওঁৰ লিগেচী সলনি কৰিবলৈ আৰু অতিৰিক্ত নথি জমা দিবলৈ অনুমতি দিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভত এই প্ৰক্ৰিয়াটোৰ নেতৃত্ব দি থকা প্ৰতীক হাজেলাক জনাবলৈ দিছে। ইয়াৰ পৰা হ’ব পৰা সুবিধা-অসুবিধাকে ধৰি এই গোটেই কথাবোৰ সামৰি অহা ৫ ছেপ্তেম্বৰৰ ভিতৰত বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈও প্ৰতীক হাজেলাক নিৰ্দেশ দিছে আদালতে।

কেন্দ্ৰই দাখিল কৰা এচ অ’ পি (Standard Operating Procedure)ৰ নিৰ্দিষ্ট পৰস্পৰ বিৰোধ কিছুমানলৈ আঙুলিয়াই আদালতে খচৰা এন আৰ চিৰ দাবী আৰু আপত্তি প্ৰাপ্তিৰ নিৰ্ধাৰিত সময়সীমা আগষ্টৰ ৩০ তাৰিখটোও বাতিল কৰিছে।

উল্লেখযোগ্য যে ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ২.৮৯ কোটি এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ভৰ্তি হোৱাৰ বাবে যোগ্য বুলি বিবেচিত হৈছে। অসমীয়া পৰিচয়ৰ এক প্ৰমাণ বুলি চৰ্চিত হোৱা এই ঐতিহাসিক দলিলত ঠাই পোৱা নাছিল ৪০.০৭ লাখ আবেদনকাৰীয়ে।

চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাটোক এক ৰাজনৈতিক হূলস্থুল লাগিছিল। বিৰোধী দলসমূহে এন আৰ চিক অসমৰ পৰা মুছলিমক খেদাৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল।

টি এম চিৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সকীয়নি দিছিল যে অসমৰ এন আৰ চিৰ পৰা ৪ মিলিয়ন লোক বাদ পৰাটোৱে ‘ৰক্তস্নান’ আৰু এক ‘গৃহযুদ্ধ’ৰ মুখে লৈ যাব পাৰে।

মন কৰিব লগীয়া যে এন আৰ চিত ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বে অসমত বসবাস কৰা আৰু তাৰ পূৰ্বে প্ৰস্তুত কৰা যিকোনো ভোটাৰ তালিকাত নাম থকা সকলো ভাৰতীয়ৰে নাম অন্তৰ্ভুক্তৰ সুযোগ দিয়া হৈছে। অসম, যি বিংশ শতিকাৰ আগভাগৰে পৰা বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনৰ সন্মুখীন হৈছে।