অনুসূচিত জাতিৰ বাবে বোকাখাত সমষ্টি সংৰক্ষণৰ দাবী

অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতিৰ দাবী

SC reservation demanded for Bokakhat LAC

অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতিয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ৯৩নং বোকাখাত সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী জনাইছে।

লগতে দেৰগাঁৱক মহকুমা ঘোষণা কৰি বোকাখাত মহকুমাৰ লগত সামৰি বোকাখাতক জিলা হিচাবে ঘোষণা কৰাৰ বাবেও সমিতিয়ে দাবী জনায়।

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্রেক্ষাগৃহত অনুষ্ঠিত সংগঠনটোৰ বোকাখাত জিলা সমিতিৰ এক বিশেষ কার্যনির্বাহক সভাত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

সংগঠনটোৰ সভাপতি ৰাতুল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ কাৰ্যনিৰ্বাহক সভাত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিধান্তও গ্ৰহন কৰে৷

সভাৰ শেষত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ মুখ্য উপদেষ্টা বকুল হাজৰিকাই সাংবাদিকৰ আগত সভাত গৃহীত প্ৰস্তাৱসমূহ দাঙি ধৰে৷

১৬টা উপজাতিৰে গঠিত ও সাংবিধানিকভাৱে স্বীকৃত অনুসূচিত জাতিৰ লোকসকলৰ বাবে স্বায়ত্ত শাসন প্রদান কৰিবৰ বাবেও ভাৰত চৰকাৰক  দাবী জনায় আজিৰ কাৰ্যনিৰ্বাহৰ সভাই।

বোকাখাত পৌৰসভাৰ ৩নং ৱার্ডটো পূর্বতে অনুসূচীত জাতিৰ বাবে বিশেষভাৱে সংৰক্ষিত আছিল, কিন্তু যোৱা দুটা পৌৰসভা নিৰ্ব্বাচনত অসম চৰকাৰে এই সংৰক্ষণ উঠাই দিয়াৰ প্ৰতিবাদ জনাই ৱার্ডটো  পুনৰ অনুসুচীত জাতিৰ বাবে সংৰক্ষণ কৰিবৰ বাবেও সভাই দাবী জনায়৷

ইয়াৰ উপৰিও পানবাৰী আদৰ্শ গাওঁৰ আঁচনি সম্পূৰ্ণ কৰা, বোকাখাত সমষ্টি তথা বোকাখাত মহকুমাত থকা অনুসূচীত জাতিৰ লোকসকলৰ প্রকৃত আৰু শুদ্ধভাবে লোকপিয়ল কৰা, বোকাখাত মহকুমাত অতীজৰে পৰা বসবাস কৰি অহা অনুসুচীত জাতিৰ লোকসকলক বিধিগত ভাৱে ভূমিৰ পট্টা প্ৰদান কৰা, মহকুমাটোৰ অন্তর্গত গেলাবিল নদী, ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া বানবিধস্ত অঞ্চলসমূহৰ গৃহহীন পৰিয়াল সমূহক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদান কৰা, বোকাখাত মহকুমাত থকা চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত অনুসূচীত জাতিৰ বিষয়া-কর্মচাৰীৰ অনুসূচীত জাতি প্রমাণপত্র সমূহ পৰীক্ষা কৰি ভূৱা প্রমান পত্ৰৰ ক্ষেত্ৰত উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা হিচাবে তাৎক্ষণিকভাবে বৰ্খাস্ত কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় কর্তৃপক্ষক দাবী জনোৱাৰ উপৰিও মুঠ ১৭টা দাবী আজিৰ কাৰ্যনিৰ্বাহক সভাই গৃহীত কৰে  বুলি জনায় মুখ্য উপদেষ্টা বকুল হাজৰিকাই৷

সংবাদ মেলত সংগঠনটোৰ বোকাখাত জিলাৰ সভাপতি ৰাতুল দাস, সম্পাদক মনোজ দাস, কাৰ্যকৰী সভাপতি অপুৰ্ব দাসৰ লগতে বিভিন্ন বিষয়ববীয়াও উপস্থিত থাকে৷