• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাট চৰকাৰক মোক্ষম আঘাত! দণ্ডাধীশৰ পদোন্নতিত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 7:21 pm
11.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ নহয়, এইবাৰ গুজৰাটৰ বিজেপি চৰকাৰেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মোক্ষম আঘাত সহ্য কৰিবলগীয়া হৈছে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ বিচাৰপীঠে গুজৰাট চৰকাৰৰ জিলা পৰ্যায়ৰ ন্যায়িক দণ্ডাধীশসকলৰ পদোন্নতিৰ এক অধিসূচনাক অবৈধ বুলি ঘোষণা কৰে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয়ৰ বিচাৰপীঠে অধিসূচনাখন অবৈধ বুলি ঘোষণা কৰাৰ লগতে ন্যায়িক বিষয়াসকলৰ পদোন্নতি স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰিছে।

উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশে গুজৰাটৰ মুঠ ৬৮ গৰাকী জিলা পৰ্যায়ৰ বিচাৰপতিৰ পদোন্নতিত বাধাৰ সৃষ্টি কৰিলে। ইয়াৰ সমান্তৰালভাৱে অধিসূচনাৰ জৰিয়তে ইতিমধ্যে পদোন্নতি লাভ কৰা ন্যায়িক বিষয়াৰ পদোন্নতিৰো ৰদ কৰা হৈছে। ইয়াৰ মাজত মোদী উপাধি গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা চুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ হৰিশ হাছমুখভাই বৰ্মাও আছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ মতে গুজৰাট চৰকাৰে নীতি বৰ্হিভূতভাৱে বিচাৰপতিসকলৰ পদোন্নতিৰ অধিসূচনা জাৰি কৰিছে। মেধাসহ জ্যেষ্ঠতাৰ লগতে যোগ্যতা নিৰ্ণায়ক পৰীক্ষাত উত্তীৰ্ণ হোৱা বিচাৰপতিসকলকহে পদোন্নতি দিব পাৰি আৰু তেওঁলোকৰ বাবে ৬৫ শতাংশ পদ সংৰক্ষণ হৈ থাকে।

গুজৰাট চৰকাৰে যোৱা মাৰ্চ মাহত এই নীতি নিয়ম উলংঘা কৰি বিচাৰপতিসকলৰ পদোন্নতিৰ অধিসূচনা জাৰি  কৰিছিল। ইয়াৰ বিৰুদ্ধে দুগৰাকী পদোন্নতি বঞ্চিত ন্যায়িক দণ্ডাধীশে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এই আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে কয় যে গুজৰাট চৰকাৰে নীতি বৰ্হিভূতভাৱে এই অধিসূচনা জাৰি কৰিছিল সেয়ে এই অধিসূচনা অবৈধ আৰু ন্যায়িক বিষয়াসকলৰ পদোন্নতিত স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে গুজৰাট চৰকাৰক মোক্ষম আঘাত দিয়া বুলি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।    

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd