টে’ট পৰীক্ষাক আলম কৰি D.El.Ed পাঠ্যক্ৰমৰ বেক ডেটেড এডমিশ্যনৰ বেহা; লখিমপুৰত বিষয়াক নিলম্বন

DIET_Azad

টে’ট পৰীক্ষাত বহিবৰ বাবে প্ৰয়োজনীয় ডি এল এড পাঠ্যক্ৰমত এডমিশ্যন দিয়া/লোৱাৰ বেআইনী কাৰ্য্যকলাপৰ কেইবাটাও ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

লখিমপুৰ আৰু ধেমাজি জিলাত কেইবাটাও শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানে ধনৰ বিনিময়ত এই পাঠ্যক্ৰমত নামভৰ্তিৰ বেক ডেটেড ৰিচিপ্ট প্ৰদান কৰা বুলি অভিযোগ উঠিছে।

অভিযোগ মতে, অনিয়মৰ আশ্ৰয় লোৱা এই প্ৰতিষ্ঠানবোৰে অ’ ডি এল (Open and Distance Learning) পদ্ধতিৰ ডি এল এড পাঠ্যক্ৰমত নামভৰ্তিৰ বেক ডেটেড ৰিচিপ্ট দিছে।

২০১৭ চনৰ মেই মাহৰ পৰাই অ’ ডি এল পদ্ধতিত ডি এল এড পাঠ্যক্ৰমত নামভৰ্তি বন্ধ হৈছে আৰু তেতিয়ালৈকে যিসকলে এই দুবছৰীয়া পাঠ্যক্ৰমটোত নামভৰ্তি কৰিছিল, তেওঁলোকৰ পাঠ্যক্ৰম শেষ হোৱাৰ লগে লগে এই বছৰৰ ৩১ মাৰ্চৰ পৰা এই পদ্ধতিৰ পাঠ্যক্ৰমটো বন্ধ হৈ পৰিছে।

কিন্তু ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয়টো সাধাৰণ টে’ট পৰীক্ষা সন্দৰ্ভত চৰকাৰৰ স্পষ্ট নীতিহীনতাৰ সুযোগ লৈ কিছু সংখ্যক প্ৰতিষ্ঠানে এতিয়াও ২০ হাজাৰকৈ টকা লৈ ১২ হাজাৰ টকাৰ নামভৰ্তি ৰচিদ দি থকা বুলি অভিযোগ উঠিছে।

টে’ট পৰীক্ষাত বহিবৰ বাবে বি এড বা ডি এল এড পাঠ্যক্ৰম বা পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ প্ৰমাণ বাধ্যতামূলক বুলি চৰকাৰে ঘোষণা কৰাৰ লগে লগে এই অনিয়মৰ প্ৰকোপ বৃদ্ধি পায়।

লখিমপুৰ জিলাৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ (BTC)ৰ বিৰুদ্ধে এনেকুৱা বেক ডেটেড নামভৰ্তি কৰোৱাৰ অভিযোগ উঠিছে।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালকে যোৱা ২৭ ছেপ্টেম্বৰত আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ সমন্বয়ক বিপুল বৰাক ইতিমধ্যে নিলম্বন কৰে।

আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ উপৰি ঢকুৱাখনাত থকা নৰ্মাল স্কুল, ঢকুৱাখনা মহকুমাৰ মধ্য সোৱণশিৰি মহাবিদ্যালয় আৰু মাডাৰ টেৰেছা স্কুলৰ বিৰুদ্ধেও একেই অভিযোগ উঠিছে। এইকেইটা প্ৰতিষ্ঠানো চৰকাৰৰ তীক্ষ্ণ দৃষ্টিত থকা বুলি জানিব পৰা গৈছে।

চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান এনেকুৱা অনিয়ম আৰু দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উঠিছে।

কিছুমান বিদ্যালয়ে ৫ হাজাৰ টকাৰ বিনিময়ত শিক্ষকতা কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ দিয়া বুলিও অভিযোগ।

“ঢকুৱাখনাৰ এই প্ৰতিষ্ঠানবোৰে ডি এল এড পাঠ্যক্ৰমত বেক ডেইটত এডমিশ্যন লোৱাৰ সুবিধা দিয়াৰ বিনিময়ত ১২ হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকালৈকে পইচা লৈছে”, নাম প্ৰকাশত অনিচ্ছুক এজন টে’ট পৰীক্ষাৰ আৱেদনকাৰীয়ে কয়।

তেওঁ লগতে কয়, এইদৰে দিয়া বহুতৰ মানি ৰিচিপ্টত District Information System for Education (DISE) Code নাই। এই সুবিধা ল’বৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি লখিমপুৰ আৰু ঢকুৱাখনাত বহুতে ভিৰ কৰিছেহি।

ইতিপূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰবোৰত হোৱা এই অনিয়ম আৰু দুৰ্নীতিৰ তদন্ত কৰিবলৈ যোৱা জুন মাহতে এখন তদন্ত কমিটী গঠন কৰি দিছিল।

এজন অতিৰিক্ত উপায়ুক্ত আৰু ডায়েটৰ অধ্যক্ষৰ দ্বাৰা গঠিত কমিটীখনে লখিমপুৰ জিলাত ডি এল এড পাঠ্যক্ৰমত অনিয়ম হোৱাটো ধৰা পেলায়।

আজাদ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ নিলম্বিত বিষয়াজনৰ সন্দৰ্ভত সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি জীৱন ৰাজখোৱাই কয়, “আমি এই এডমিশ্যন কেলেংকাৰিত জড়িত বিপুল বৰাৰ গ্ৰেপ্তাৰ দাবী কৰিছো। বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৱে নিবনুৱাৰ জীৱনক লৈ হেতালি খেলিছে”।