ঈশান উদয় জলপানিৰ নামত ৰাজ্যত আকৌ কেলেংকাৰি! জলপানি প্ৰদান কৰি থকা প্ৰতিষ্ঠানৰ অস্তিত্বকলৈ সন্দেহ

বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ সন্দৰ্ভত অনুসন্ধান চলোৱাৰ দাবী চৰকাৰক

Assam-Govt-

প্ৰতিনিধিত্বমূলক ছবি

বিশ্ববিদ্যালয় অনুদান আয়োগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ভাবে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰাৰ বাবে আৰম্ভ কৰা ঈশান উদয় জলপানি আঁচনিত পুনৰ এক বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।
চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ ভুৱা তালিকাৰে মহাবিদ্যালয় খনৰ এজন কৰ্মচাৰীয়ে ১ কোটিৰো অধিক টকা সৰকাই নিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছত এইবাৰ একে খন জিলাতেই তদ্ৰুপ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি বৰপেটা জিলাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনত ঈশান উদয় জলপানি আঁচনিৰ নামত প্ৰস্তুত কৰা শিক্ষাৰ্থীৰ তালিকাত ব্যপক বিসংগতি দেখা গৈছে।

শিক্ষাৰ্থীৰ নাম, পঞ্জীয়ন নম্বৰ আদিৰ ক্ষেত্ৰত ব্যাপক বিসংগতি দেখা যোৱা শিক্ষানু্ষ্ঠান খনৰ দুই শতাধিক শিক্ষাৰ্থীক ঈশান উদয় জলপানি প্ৰদান কৰা দেখুওৱা হৈছে।

অথচ ৰাজ্যৰ ৭ খন আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয়,অসম অভিযান্ত্ৰিক মহাবিদ্যালয়,জেইচি,বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ বিশ্ব বিদ্যালয়ত ঈশান উদয় জলপানি লাভ কৰা মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ১৮৪ গৰাকী।

ইয়াৰ বিপৰীতে কেৱল  বৰপেটাৰ  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনত ঈশান উদয় জলপানি লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা দুই শতাধিক হোৱাৰ কথাই বিষয়টোক সন্দেহৰ মাজলৈ ঠেলি দিছে।

একে নামৰ বহু কেইগৰাকী শিক্ষাৰ্থীৰ নামত জলপানি দিয়াৰ কথায়ো সন্দেহৰ উদ্ৰেক ঘটাইছে।

তাতোকৈ আচৰিত কথাটো হ’ল ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান  এখন প্ৰকৃততে বৰপেটাত আছেনে নাই তাকেলৈয়ো সন্দেহৰ অৱতাৰণা হৈছে।

কিয়নো এনে কোনো শৈক্ষিক প্ৰতিষ্ঠানৰ তথ্য গুগল অথবা গুগল মেপত পোৱা হোৱা নাই।

সেয়ে সচেতন মহলৰ মাজত এইবুলি আলোচনা হৈছে যে ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ  শৈক্ষিক প্ৰতিষ্ঠান থকাৰ কথা দেখুৱাই হয়তো কোনো দুষ্ট চক্ৰই  ঈশান উদয় জলপানিৰ কোটি কোটি টকা সৰকাই আছে।

উল্লেখ্য বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা  ঈশান উদয় জলপানিত প্ৰতিগৰাকী হিতাধিকাৰী শিক্ষাৰ্থীক ( সাধাৰণ স্নাতক শাখাৰ)মাহে ৫,৪০০ টকাকৈ অৰ্থাৎ বছৰত ৬৪,৮০০ টকাকৈ আগবঢ়োৱা হয়।

একেদৰে কাৰিকৰী তথা  চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীক মাহে ৭,৮০০ টকাকৈ আগবঢ়োৱা হয়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে অহা জলপানিৰ প্ৰায় ১ কোটি টকা ২৯১ গৰাকী ভুৱা শিক্ষাৰ্থীৰ তালিকাৰে সৰকাই নিয়াৰ তথ্য পোহৰলৈ আহিছিল।

বৰপেটাৰ  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনৰ ক্ষেত্ৰতো  ঈশান উদয় জলপানিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা বুলি বহুতে সন্দেহ কৰিছে।

চৰকাৰে  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ  কোনো শৈক্ষিক প্ৰতিষ্ঠান  আছেনে নাই সেয়া অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি বহুতে মন্তব্য কৰিছে।