গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ বাবে শিক্ষানুষ্ঠান নিৰ্বাচন বোকাখাত মহকুমা প্ৰশাসনৰ

শেহতীয়াকৈ বোকাখাতত দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে বোকাখাতৰ নগৰাঞ্চলত তিনিটাকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ পাছত যথেষ্ট পৰিমাণে সতৰ্ক হৈ পৰিছে মহকুমা প্ৰশাসন।

মহকুমাধিপতি বিবেক শ্যামে দিয়া এক নিৰ্দেশ যোগে বোকাখাত মহকুমাৰ ১১৭খন ৰাজহ গাঁৱৰ প্ৰতিখনতে ২খনকৈ চৰকাৰী প্ৰাথমিক, মাধ্যমিক, উচ্চ বুনিয়াদী, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচন কৰা হৈছে।

নিৰ্বাচিত বিদ্যালয়সমূহৰ চাৰিসীমাৰ বেৰা, বিজুলী সংযোগ সু-ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা থকা, ভাল শৌচাগাৰ আৰু গা ধোৱাৰ সুবিধা থকাৰ লগতে পৰ্যাপ্ত পৰিমাণে ডেক্স-বেন্স থকাতো নিশ্চিত কৰি এখন তালিকা প্ৰস্তুত কৰা হয়।

মহকুমাধিপতিৰ মতে বহিঃ ৰাজ্যৰ পৰা বোকাখাতলৈ অহা লোকসকলক কোৱাৰেইন্টাইন কেন্দ্ৰত পৰীক্ষাৰ পাচত কভিড-১৯ ধৰা পৰিলে চিকিৎসাৰ বাবে পঠিয়াই দিয়া হ’ব।

ইয়াৰ বিপৰীতে কভিড-১৯ৰ উপস্থিতি ধৰা নপৰা ব্যক্তি সকলক নিজৰ অঞ্চলত থকা উক্ত বিদ্যালয়সমূহত স্থাপন কৰা আইচলেচন কেন্দ্ৰত হোম কোৱাৰেন্টাইন কৰি ৰখা হ’ব বুলি তেওঁ জনায়।

গাঁৱৰ বিদাযলয়বোৰত স্থাপন কৰিব লগা এই আইচলেচন কেন্দ্ৰবোৰ নিৰীক্ষণ কৰিবৰ বাবে বোকাখাতৰ সমূহ ছাত্ৰ সংগঠনৰ সদস্যসকলক আহ্বান জনাইছে মহকুমাধিপতিয়ে।

বিদ্যালয়সমূহৰ এই আইচলেচন কেন্দ্ৰবোৰক বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চাউল আৰু ডাইলৰ যোগান ধৰিব আৰু পৰিয়ালৰ লোকে খাদ্য প্ৰস্তুত কৰি এই কেন্দ্ৰত থকা পৰিয়ালৰ সদস্যক দিব পাৰিব বুলিও তেওঁ জনায়।