তিনিচুকীয়াত জ্যেষ্ঠ সাংবাদিকৰ ওপৰত কনিষ্ঠ সাংবাদিকৰ আক্ৰমণ; গোচৰ ৰুজু

সাংবাদিক কৃষ্ণ উপাধ্যায়

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ন্যাস কল্যাণ সমিতিৰ সম্পাদক, জিলা কাৰ্যনিৰ্বাহক সদস্য, তিনিচুকীয়াস্থিত জ্যেষ্ঠ সাংবাদিক কৃষ্ণ উপ্যাধায়ক আজি দিনৰ ভাগত য়চদেব সিং নামৰ এজন কনিষ্ঠ সাংবাদিকে শাৰীৰিকভাৱে অপদষ্ট কৰি মাৰধৰ কৰা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লোকজনৰ আক্ৰমণত কৃষ্ণ উপ্যাধায়ৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও তেওঁ গুৰুতৰভাৱে আহত হয়।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ঋষি দাস আৰু সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে উক্ত ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে য়চদেৱ সিঙক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ জিলা প্ৰশাসনক দাবী জনায়।

প্ৰাপ্ত তথ্য অনুসৰি ল’কডাউনৰ সময়ত তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক কৃষ্ণ উপ্যাধায়সহ কেইজনমান ব্যক্তিৰ উদ্যোগত প্ৰতিদিনে ২৫ গৰাকী দুখীয়া ব্যক্তিক খাদ্যবস্তু যোগান ধৰি অহা হৈছে।

ইয়াৰ অংশ হিচাপে আজিও অঞ্চলটোত খাদ্য সামগ্ৰী বিতৰণৰ হয় যদিও কিবা কথাক লৈ দুয়োৰে মাজত মতানৈক্য ঘটে আৰু খঙত অগ্নিশৰ্মাহৈ য়চদেব সিঙে ৬৫ বছৰীয়া কৃষ্ণ উপাধ্যায়ক মাৰাধৰ কৰাৰ লগতে তেওঁৰ অসুস্থ পত্নীকো বুকুত হাতত দিয়াৰ অভিযোগ কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

পিছত দুয়োজন সাংবাদিকে তিনিচুকীয়া সদৰ থানাত এজনে আনজনৰ বিৰুদ্ধে গোচৰ দিয়াত তিনিচুকীয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত আৰম্ভ কৰে।