১ জুলাইৰ পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা; ছেবাই ঘোষণা কৰিলে পৰীক্ষাৰ সূচী

SEBA

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

অসম মাধ্যমিক শিক্ষা পৰিষদে ১০ জুনত আনুষ্ঠানিকভাৱে হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী ঘোষণা কৰে।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই জাৰী কৰা পৰীক্ষা সূচীত প্ৰকাশ পোৱা অনুসৰি ১ জুলাইৰ পৰা ৬ জুলাইলৈ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

ছেবাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা পৰীক্ষা সূচী অনুসৰি ১ জুলাইত সাধাৰণ গণিত, ২ জুলাইত ৰাতিপুৱা আধুনিক ভাৰতীয় ভাষা আবেলি আৰবী, হিন্দী, কম্পিউটাৰ, পাৰ্চিয়ান, আৰবীক, ৩ জুলাইত সমাজ বিজ্ঞান, ৪ জুলাইত ৰাতিপুৱা ইংৰাজী আৰু আবেলি গাৰমেণ্ট ডিজাইন, মিউজিক, উদ ক্ৰাফ্ট, ফাইন আৰ্ট, ৫ জুলাইত সাধাৰণ বিজ্ঞান আৰু ৬ জুলাইত ঐচ্ছিক বিষয়ৰ পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব।

পৰীক্ষাসমূহ ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

আনহাতে, ছেবাৰ পৰা প্ৰকাশ কৰা পৰীক্ষা সূচীত উল্লেখ কৰা অনুসৰি পৰীক্ষা গৃহত মোবাইল ফোন আৰু ইলেক্ট্ৰিক সজুলি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।