ভাৰতলৈ আহি ৯৫ টা সন্তান জন্ম দিলে ২২ গৰাকী পাকিস্তানী মহিলাই। জানিব পৰা মতে, ভাৰতলৈ বিভিন্ন সময়ত আহি ভাৰতীয় নাগৰিকৰ সৈতে বিয়াত বহিছিল মহিলাকেইগৰাকী। অৱশ্যে বছৰ বছৰ ধৰি ভাৰতত থাকি বংশ বৃদ্ধি কৰা এই মহিলাকেইগৰাকী আইনীভাবে এতিয়াও পাকিস্তানৰ নাগৰিক।
অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি মোৰাদাবাদত ২২ গৰাকী মহিলা উদ্ধাৰ হৈছে। বছৰ বছৰ ধৰি দীৰ্ঘম্যাদী ভিছা লৈ ভাৰতত বাস কৰি আহিছে মহিলাকেইগৰাকীয়ে। বৰ্তমান ভাৰতৰ ৰেচন আৰু আধাৰ কাৰ্ডো উলিয়াই লৈছে তেওঁলোকে।
সংবাদ সংস্থাটোৰ মতে, তেওঁলোক সকলোৱে ভাৰতীয় ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ এই ভাৰতলৈ আহিছিল। সূত্ৰ অনুসৰি সেই ২২ গৰাকী পাকিস্তানী মহিলাই এই দেশত যোৱা কেইবছৰমানৰ ভিতৰত ৯৫টা সন্তান জন্ম দিছে। তাৰে কিছু সন্তান এতিয়া প্ৰাপ্তবয়স্ক।
তথ্য অনুসৰি, ২২ গৰাকী পাকিস্তানী মহিলাই যি হাৰত পৰিয়াল সম্প্ৰসাৰণ কৰিছে, সেই হাৰত এতিয়া তেওঁলোকৰ সদস্যৰ সংখ্যা প্ৰায় ৫০০।
অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি আৰক্ষীয়ে তেওঁলোকৰ সবিশেষ তথ্য বিচাৰিছে। তেওঁলোকৰ বিদেশী সংযোগৰ বিষয়টো তদন্ত কৰা হ’ব বুলিও জানিবলৈ দিছে।
মোৰাদাবাদ আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ সকলো পাকিস্তানী মূলৰ পৰিয়ালৰ ভিছাৰ আবেদন, ৰেচন কাৰ্ড ব্যৱহাৰ, পৰিয়ালৰ বিতৰণ, বিদেশত যোগাযোগ আদিৰ তথ্য সংগ্ৰহ কৰি আছে।
ইয়াৰ উপৰিও পৰৱৰ্তী প্ৰজন্মৰ ২২ গৰাকী মহিলাই কি কৰিছে, আৰু পাকিস্তানত থকা তেওঁলোকৰ আত্মীয়ৰ সৈতে এতিয়াও যোগাযোগ আছে নেকি সেয়াও নিৰীক্ষণ কৰা হৈছে।
তথ্য অনুসৰি এই পৰ্যন্ত ২২ গৰাকী মহিলা বা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে কোনো বিতাড়নৰ নিৰ্দেশ জাৰি কৰা হোৱা নাই। অৱশ্যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ আইনী আৰু ভিছাৰ মৰ্যাদা পৰ্যালোচনাধীন হৈ আছে।