এটা এটাকৈ ঠাকে ঠাকে সজাই থোৱা ষ্টীলৰ টিফিন বাকচ। তাৰ পৰা জুতিলগা খাদ্য নহয়, ওলাইছে আই ই ডিবোৰ। সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানত তালাচী অভিযানৰ সময়ত চকু কপালত উঠিল ভাৰতীয় সেনাৰ।
সন্ত্ৰাসবাদীয়ে উপত্যকাটোত আৰু ডাঙৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল? সোমবাৰে তালাচী অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীয়ে সেই কথাৰে ইংগিত দিয়ে বুলি সূত্ৰই দাবী কৰিছে।
সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে অভিযান চলাই সফল হৈছে। জম্মু-কাশ্মীৰৰ পুঞ্চত ভাৰতীয় সেনাই এটা বৃহৎ সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা স্থান বিচাৰি পালে।
তাত তালাচীৰ সময়ত উদ্ধাৰ হৈছে ৫টা ষ্টীলৰ টিফিন বাকচ। তাত বৃহৎ সংখ্যক আই ই ডি জমা হৈ আছিল। তদুপৰি বিস্ফোৰক ভৰ্তি দুটা তীখাৰ বাল্টি আৰু পাউদাৰ সদৃশ বিস্ফোৰক ভৰ্তি পেকেটো উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়াবহ আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ ইটোৰ পিছত সিটো অভিযান চলি আহিছে। ইতিমধ্যে কেইবাজনো উসন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হৈছে।
এইবাৰ পুঞ্চত সন্ত্ৰাসবাদীৰ এটা গোপন শিবিৰ ধ্বংস কৰে সেনাই। দেওবাৰে সন্ধিয়া ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত পুঞ্চৰ চুৰানকোটত ঘাটিটো ধ্বংস কৰে। সন্ত্ৰাসবাদীৰ ঘাটিৰ পৰা কোনো লোকক গ্ৰেপ্তাৰ কৰা সম্ভৱ নহ’লেও উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক। ইয়াৰ উপৰিও শিবিৰৰ পৰা দুটা ৰেডিঅ’ চেট আৰু তিনিখন কম্বলও উদ্ধাৰ কৰা হৈছে। উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈ এতিয়াও আশে-পাশে থকা অঞ্চলত কম্বিং অপাৰেচন অব্যাহত আছে।
মন কৰিবলগীয়া যে ভাৰতীয় সেনাই এই সন্ত্ৰাসবাদী ঘাটিটো ধ্বংস কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে পুঞ্চ আৰু অন্যান্য খণ্ডত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে পুনৰ গুলীচালনা আৰম্ভ হয়। ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।
সেনাই এক বিবৃতিত কয় যে দেওবাৰে নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধৰ, নৌশ্বেৰা, সুন্দৰবাণী আৰু আখনূৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰাৰ পৰা গুলীচালনা কৰে। ভাৰতীয় সেনাই লগে লগে উপযুক্ত উত্তৰ দিয়ে। পাকিস্তানে একেৰাহে একাদশ দিন ধৰি নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি আহিছে।