নিৰাপত্তাৰক্ষীৰ ৩ দিনীয়া অভিযান : মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ

দক্ষিণ মণিপুৰৰ পাহাৰীয়া অঞ্চলত বিগত তিনি বছৰ ধৰি অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিছে।

যোৱা শুকুৰবাৰৰ পৰা সেনা, অসম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে চুৰাচান্দপুৰ, থৌবাল আৰু কাকচিং জিলাত এই তালাচী অভিযান চলাইছিল।

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ তালিকাত আছে মৰ্টাৰ, অত্যাধুনিক ৰাইফল, গ্ৰেনেড আদি অস্ত্ৰ-শস্ত্ৰ।

উল্লেখ্য যে সেনা আৰু প্ৰশাসনৰ তৎপৰতাত মণিপুৰৰ হিংসা কিছু শাম কাটিছিল যদিও যোৱা কেইমাহমানৰ পৰা মণিপুৰ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শুকুৰবাৰৰ পৰা সেনা, অসম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান আৰম্ভ কৰে।

শুকুৰবাৰে প্ৰথম অভিযানত চুৰাচান্দপুৰৰ জংঘলৰ পৰা মেগাজিন, ৫টা চিংগল বেৰেল ৰাইফল, এটা ৯ এম এম পিষ্টল আৰু ৫টা লং ৰেঞ্জ মৰ্টাৰ উদ্ধাৰ কৰা হয়।

শনিবাৰে আন এক অভিযানত কাকচিঙৰ পৰা তিনিটা কাৰবাইন মেচিনগান, এটা ৯ এম এম পিষ্টল, দুটা চিংগল বেৰেল গান, হেণ্ড গ্ৰেনেড আৰু অন্যান্য আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হয়। থৌবালৰ পৰা কাৰ্বাইন মেচিনগান, ৩২ মিমি পিষ্টল আৰু কেইবাটাও গ্ৰেনেডো উদ্ধাৰ কৰা হয়। এই বিপুল পৰিমাণৰ উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ মণিপুৰ আৰক্ষীক গতাই দিয়া হৈছে।