NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী মোদীৰ শিলচৰ ভ্ৰমণৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

December 28, 2018 12:49 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ সময়ত যাতে কোনো ধৰণৰ নিৰাপত্তা জনিত সমস্যাৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনৰ এটা দলে সভাস্থল পৰিদৰ্শন কৰাৰ লগতে সুৰক্ষা দিশ সম্পৰ্কতো এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা ৪ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ ৰামনগৰত এখন জনসমাৱেশত অংশগ্ৰহণ কৰিব।

আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱাল, কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্সমনন, কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ লগতে আন আন শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ এটা দলে শিলচৰৰ ৰামনগৰত অনুষ্ঠিত হ’ব লগীয়া মোদীৰ জনসমাৱেশৰ স্থল পৰিদৰ্শন কৰাৰ লগতে সুৰক্ষা দিশ সম্পৰ্কৰো বুজ লয়। মোদীৰ ভ্ৰমণৰ সময়ত সুৰক্ষাত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত যাতে বিজেপিয়ে শিলচৰ আৰু কৰিমগঞ্জ সমষ্টি দুটাৰ পৰা নিজৰ প্ৰাৰ্থী জিকাই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাখনৰ আয়োজন কৰিছে। মন কৰিবলগীয়া যে প্ৰধান মন্ত্ৰী মোদীৰ এয়া দ্বিতীয় শিলচৰ ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত শিলচৰৰ এখন জনসভাত অংশ লৈছিল।

আনহাতে মোদীৰ ভ্ৰমণৰ আগে আগে জিলাখনত নিৰাপত্তা কটকটীয়া কৰি তোলাৰ সমান্তৰাকৈ বৰাক উপত্যকাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততো নিৰাপত্তা ব্যৱস্থা সক্ৰিয় কৰি তোলা হৈছে।

Related News