• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 12:41 pm
49
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি! প্ৰধানমন্ত্ৰীয়ে নিজেই দেশক সম্বোধন কৰিব পৰা চৌহদত এটা বোমা উদ্ধাৰ কৰা হয়! তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি থকা এই ঐতিহাসিক গাঁথনিটোত সন্দেহযুক্ত বোমা স্থাপন কৰিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে দিল্লী আৰক্ষীয়ে। এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল। নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে ৭জন আৰক্ষীক।

দৰাচলতে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ ভিভিআইপি চৌহদৰ নিৰাপত্তা পৰীক্ষাৰ বাবে নিৰাপত্তা বিভাগে মক ড্ৰিলৰ আয়োজন কৰিছিল। তাৰ অংশ হিচাপে সাধাৰণ কাপোৰ পিন্ধা উগ্ৰপন্থীয়ে লালকিল্লাত প্ৰৱেশ কৰাৰ কথা আছিল। ভুৱা বোমাৰ ব্যৱস্থা আছিল। লালকিল্লাৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলক মূৰ্খ কৰি ভুৱা ‘উগ্ৰপন্থী’ৰ দলটোৱে তাত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কেৱল সেয়াই নহয়, উগ্ৰপন্থীৰ বেশত সাধাৰণ পোছাক পৰিহিত নিৰাপত্তাৰক্ষী বিষয়াসকলে দুটা স্তৰৰ মেটেল ডিটেক্টৰ বাইপাছ কৰি বোমা লৈ প্ৰৱেশ কৰে। যদিও লালকিল্লাৰ ভিতৰত ভুৱা বোমা ৰখা হৈছিল, তথাপিও তাত থকা নিৰাপত্তা বাহিনীয়ে তাৰ কোনো লেখ-জোখ পোৱা নাছিল।

ম’ক ড্ৰিলত লালকিল্লাত এনে সম্পূৰ্ণ নিৰাপত্তাৰ অভাৱ লক্ষ্য কৰাৰ পাছতে নিৰাপত্তা বিভাগে দিল্লীৰ উত্তৰ জিলাৰ ডিচিপি ৰাজা ভাটিয়ালৈ বিতং প্ৰতিবেদন প্ৰেৰণ কৰে। স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত এনে ভয়াৱহ নিৰাপত্তাজনিত গাফিলতিৰ বিষয় পোহৰলৈ অহাৰ পিছতে ভাটিয়াই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। নিৰাপত্তাৰ দায়িত্বত থকা ৭ জন আৰক্ষীক ততাতৈয়াকৈ নিলম্বন কৰা হয়।

উল্লেখ্য যে, ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ মঞ্চৰ পৰাই দেশবাসীক সম্বোধন কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ ভিভিআইপি এই স্থানত সমবেত হয়। ফলত এই ঠাইখনৰ নিৰাপত্তা কটকটীয়া। লালকিল্লাৰ চৌহদত একাধিক স্তৰত নিৰাপত্তা নিয়োগ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ কৰ্ডন ইমানেই কটকটীয়া যে কোনো সন্দেহযুক্ত লোকে অস্ত্ৰৰ কথা বাদেই, সৰু যন্ত্ৰ এটা লৈ প্ৰৱেশ কৰিব নোৱাৰে। তাত বোমা সজ্জিত সন্ত্ৰাসবাদীৰ প্ৰৱেশত স্তম্ভিত হৈ পৰিছে দেশ।

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd