লজ্জাজনক!! মুখ্য মন্ত্ৰীক ফ’বিয়াৰ পৰা বচাবলৈ পানীকেঁচুৱাৰ গাৰ পৰাও খুলিলে ক’লা কাপোৰ

বক্তালৈ জোতা দলিওৱাৰ ভয়ত কাকো সভাগৃহলৈ জোতা পিন্ধি সোমাবলৈ নিদিয়া কৌতুকটোৰ দৰেই হৈছেগৈ মুখ্য মন্ত্ৰীৰ দশা

বক্তালৈ জোতা দলিওৱাৰ ভয়ত কাকো সভাগৃহলৈ জোতা পিন্ধি সোমাবলৈ নিদিয়া কৌতুকটোৰ দৰেই হৈছেগৈ অসমৰ মুখ্য মন্ত্ৰীৰ দশা।

ক’লা পতাকাৰ আতংকই খেদি ফুৰা ৰাজ্যৰ মুখ্য মন্ত্ৰী য’লৈকে যায়, ত’তে ক’লা পতাকাৰ বিড়ম্বনাৰ সন্মুখীন হোৱাৰ ফলত এতিয়া মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচী থকা স্থানত পানীকেঁচুৱাৰ গাত লাগি থকা ক’লা বস্ত্ৰকণো জোৰ কৰি খুলি পেলোৱা হৈছে।

আজি বিশ্বনাথ জিলাৰ বিহালীত ঘটা অনুৰূপ ঘটনাই সচেতন নাগৰিকৰ চকু কপালত তুলিছে।

মুখ্য মন্ত্ৰী সোণোৱাল আজি বিশ্বনাথৰ বিহালী সমষ্টিৰ বাৰগাঙত কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্র বস্ত্ৰ উন্নয়ন প্ৰকল্পৰ অধীনত এটা এৰী স্পান চিল্ক মিল এটাৰ আধাৰশিলা স্থাপনৰ  অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহে।

কিন্তু যোৱা কেইদিনমান নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে মুখ্য মন্ত্ৰীজনক কেইবা ঠাইতো ক’লা পতাকা দেখুওৱাৰ পিছত মুখ্য মন্ত্ৰীজন এক প্ৰকাৰৰ ফ’বিয়া (আতংক)ত ভুগি আছে। ফলত নিৰাপত্তাতকৈ এই দিশটোৰ প্ৰতি অধিক সতৰ্কতা দেখুৱাইছে অনুষ্ঠান আয়োজন কৰা অঞ্চলটোৰ প্ৰশাসনে।

আজি বিহালীৰ কাৰ্য্যসূচীটোলৈ যোৱা লোকসকলৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে সৰ্বাধিক চকু দিয়া দিশটো হ’ল তেওঁলোকৰ সাজ-পাৰ আৰু হাতত থকা কাপোৰ, ৰুমাল আদি।

ক’লা কাপোৰ পিন্ধি যোৱা কোনো লোককে অনুষ্ঠানস্থলীলৈ যাবলৈ দিয়া নহ’ল। ভালেসংখ্যক লোকক বাটৰ পৰাই উভতাই পঠাই নিৰাপত্তাৰক্ষীয়ে।

‘’আনকি পানীকেঁচুৱাও সাৰি নাই যোৱা’’, সাংবাদিকক জনালে এজন প্ৰত্যক্ষদৰ্শীয়ে।

‘’মুখ্য মন্ত্ৰী আহিব বোলে, ক’লা কাপোৰ লগাবলৈ নিদিয়ে। সেয়ে খুলিছো।‘’ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিজৰ পানী কেঁচুৱাটোৰ গাৰ পৰা ক’লা জাকেটটো খুলি থকা এগৰাকী মহিলাই কয়।

আৰক্ষী আৰু নিৰাপত্তাকৰ্মীসকলৰ বাবে যেন ক’লা কাপোৰৰ সন্ধানেই আছিল মুখ্য কাম। ক’লা কাপোৰ পিন্ধা আৰু নিপিন্ধা দুটা ভাগত তেওঁলোকে কাৰ্য্যসূচীলৈ যোৱা মানুহবিলাকক ভাগ কৰি ‘নিৰাপত্তা’ৰ দিশ চম্ভলা যেন পৰিস্থিতি দেখা গৈছিল।

এজন লোকৰ টিপ্পনী, ‘’কোনোবাই এদিন জোতা দলিয়ালে কাৰ্য্যসূচীলৈ জোতা পিন্ধি যোৱাটোও নিষিদ্ধ কৰিব নেকি?’’

জানিব পৰামতে, প্ৰশাসনক স্থানীয় বিধায়ক ৰঞ্জিত দত্তই কঢ়া নিৰ্দেশ দিছে যে কোনোপধ্যে মুখ্য মন্ত্ৰী অপদস্থ হ’ব নোৱাৰিব। গতিকেই এই অদ্ভুত ব্যৱস্থা।