মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি মন্ত্ৰী পালে? চাওক চূড়ান্ত তালিকা

E1AyrusVIAEWFmd-750x375

ঘোষণা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ চূড়ান্ত তালিকা।

দিল্লীয়ে অনুমোদন দিয়াৰ পাছত নতুন মন্ত্ৰীসভাৰ কোনে কি দপ্তৰ লাভ কৰিলে তাৰ চূড়ান্ত তালিকা তলত উল্লেখ কৰা হ’ল :

* হিমন্ত বিশ্ব শৰ্মা : গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু অন্যান্য

* ৰঞ্জিত দাস : খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কনজিউমাৰ এফেয়াৰ্ছ

* অতুল বৰা : কৃষি, উদ্যানশস্য,পশুপালন আৰু সীমান্ত অঞ্চল উন্নয়ন দপ্তৰ

* ইউ জি ব্ৰহ্ম : ভৈয়াম জনজাতি উন্নয়ন (বিটিচি), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ

* পৰিমল শুক্লবৈদ্য : বন আৰু পৰিবেশ, আবকাৰী, মীন পালন

* চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহণ, উদ্যোগ-বাণিজ্য, দক্ষতা বিকাশ, সংখ্যালঘু উন্নয়ন

* কেশৱ মহন্ত : স্বাস্থ্য ও পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি

* ডাঃ ৰণোজ পেগু : শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন (বিটিচিৰ বাহিৰৰ)

* সঞ্জয় কিষাণ : শ্ৰম উন্নয়ন, চাহ জনজাতি উন্নয়ন

* যোগেন মহন : ৰাজহ আৰু দুৰ্য্যোগ প্ৰশমন, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ।

* অজন্তা নেওগ : সমাজ কল্যাণ আৰু বিত্ত বিভাগ

* অশোক সিংঘল : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন

* পীয়ূষ হাজৰিকা : জলসম্পদ, তথ্য আৰু জনসসংযোগ, সংসদীয় পৰিক্ৰমা

* বিমল বৰা : ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্য্যটন।

আজি সন্ধিয়া ৬ বজাত উপৰোক্ত মন্ত্ৰীসকলক লৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব।