দিল্লীত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰি আটক হ’ল ছাত্ৰ-ছাত্ৰী

Protest demanding Akhil Gogoi's release

কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা ভালে সংখ্যক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে।

প্ৰতিবাদকাৰীসকলে অসম ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অসমত CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া গগৈক যোৱা ১৫ ডিচেম্বৰত আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত তেওঁ সংগঠনটোৰ হৈ উজনি অসমত এই বিতৰ্কিত আইনখন সম্বন্ধে সজাগতা সৃষ্টি আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে কৰা আন্দোলনক নেতৃত্ব দিছিল।

তেওঁক বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইন (য়ু এ পি এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ১৭ ডিচেম্বৰত তেওঁক ১০ দিনৰ বাবে নিয়া (NIA)ৰ জিম্মাত দিয়া হয় আৰু তেতিয়াৰ পৰা তেওঁক দিল্লীত নিয়াৰ জিম্মাত ৰখা হৈছে।

আজি প্ৰতিবাদী নেতাজনৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে অসম ভৱন ঘেৰাও কাৰ্য্যসূচী লৈছিল। বেছি সংখ্যক প্ৰতিবাদকাৰীয়েই আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকক আটক কৰি মন্দিৰ মাৰ্গ আৰক্ষী থানালৈ লৈ যোৱা হয়।

প্ৰতিবাদকাৰীসকলৰ ভাষ্যমতে, আৰক্ষীয়ে তেওঁলোকক অঞ্চলটোত ১৪৪ ধাৰা প্ৰযোজ্য হৈ আছে বুলি অজুহাত দেখুৱাই তাৰ পৰা আঁতৰাই পঠাব খুজিছিল।

“আমি এছ এইচ্ছ অ’জনক (station house officer) ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ প্ৰমাণ হিচাপে কাগজ দেখুৱাবলৈ ক’লো। কিন্তু ছাত্ৰ-ছাত্ৰীসকলক আটক কৰাহে হ’ল”, এজন প্ৰতিবাদকাৰীয়ে কয়।

আনহাতে মহিলা আৰক্ষী থকা সত্ত্বেও পুৰুষ আৰক্ষী জোৱানে তেওঁলোকক গঁতিয়া-গঁতি কৰাৰ অভিযোগ আনে এগৰাকী ছাত্ৰীয়ে।

আজি দিল্লীৰ য়ু পি ভৱনৰ সন্মুখতো আৰক্ষীয়ে CAA-বিৰোধী প্ৰতিবাদকাৰীক আটক কৰে। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা সত্ত্বেও তেওঁলোকক আটক কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ।

শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰৰ বিৰুদ্ধে চৰকাৰৰ এই দমনক গৰিহণা দিছে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে অসমতো বিশিষ্ট নাগৰিক সমাজ, আছুকে ধৰি সৰ্বত্ৰে গগৈৰ মুক্তিৰ দাবী কৰি প্ৰতিবাদ চলাই থকা দেখা গৈছে।