কিশোৰীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভু ধৰ্মগুৰু

girl_raped-750x375

প্ৰতিনধিত্বমূলক ফটো। সৌজন্য : ইণ্ডিয়া টুডে

গুৱাহাটীৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগৰ বাবে এগৰাকী স্বয়ম্ভু আৰোগ্যকৰ্তা ঘনশ্যাম দাসক বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বাতৰি অনুসৰি, ছোৱালীজনী মহানগৰীৰ উজান বজাৰ অঞ্চলৰ এটা পৰিয়ালত বনকৰা হিচাপে আছিল।

ছোৱালীজনী হঠাতে অসুস্থ হৈ পৰাত মহানগৰীৰ এপ’ল হাস্পাতালত ভৰ্তি কৰাৰ পাছত এটা শিশু সন্তান জন্ম দিয়াৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

যোৱা বছৰ উক্ত পৰিয়ালটোৱে প্ৰৱঞ্চক স্বয়ম্ভু ধৰ্মগুৰুজনক তেওঁলোকৰ ঘৰত কিবা পূজা কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল।

অভিযুক্ত ব্যক্তিগৰাকীয়ে দাবী কৰিছিল যে তেওঁলোকৰ ঘৰত কাম কৰা ছোৱালীজনীৰ গাত অপদেৱতা লম্ভিছে আৰু পৰিয়ালটোক এটা পূজা কৰাৰ বাবে পৰামৰ্শ দিয়ে।

ইপিনে, অভিযোগ অনুসৰি পৰিয়ালটোৱে এটা সুকীয়া কোঠাত পূজাৰ আয়োজন কৰাৰ সুযোগ লৈ কিছুমান লোকে ‘বাবাজী’ বুলি সম্বোধন কৰা লম্পট ধৰ্মগুৰুজনে ছোৱালীজনীক ধৰ্ষণ কৰি এৰি থৈ যায়।

ঘটনাৰ বলি ছোৱালীজনীয়ে এটি শিশু সন্তান জন্ম দিয়াৰ পাছতহে ঘটনাটো পৰিয়ালটোক অৱগত কৰে।

এই অপৰাধৰ ঘটনাটো প্ৰথমতে ১৮১ উইমেন হেল্পলাইনে সহায়ক ব্যক্তি মিগুৱেল কুৱেহক (পস্কো), শিশু কল্যাণ সমিতি, কামৰূপ (মহানগৰ) আৰু শিশুৰ অধিকাৰ বাবে কাম কৰি থকা এটা বেচৰকাৰী সংস্থা ‘উৎসাহ’ৰ কাৰ্যবাহী সঞ্চালকক অৱগত কৰে।

শিশু কল্যাণ সমিতিয়ে পস্কো আইনৰ ৬ ধাৰাৰ অধীনত সাতগাঁও আৰক্ষীক এখন এজাহাৰ দাখিল কৰে।

ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনাৰ বলি ছোৱালীজনীয়ে সন্তান জন্ম দিয়াৰ পাছতে পলাই যাব বিচৰা প্ৰৱঞ্চক ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনাৰ সত্যতা নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাৰ সহায় ল’ব।

আৰক্ষীয়ে ঘটনাৰ বিতং তদন্ত অব্যাহত ৰাখিছে আৰু এক সংখ্যক সাক্ষীক পৰীক্ষা কৰি চোৱা হ’ব।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, স্বয়ম্ভু আৰোগ্যকৰ্তাগৰাকী প্ৰতি বৃহস্পতিবাৰে গুৱাহাটীলৈ আহে আৰু তেওঁ বাক্সাৰ এগৰাকী স্থায়ী বাসিন্দা।